জন্মস্থান ডিব্ৰুগড়ত অসম সাহিত্য সভাৰ সভাপতি ড° সূৰ্য্যকান্ত হাজৰিকাৰ জন্ম-দিৱস উদ্‌যাপন

জন্মস্থান ডিব্ৰুগড়ত অসম সাহিত্য সভাৰ সভাপতি ড° সূৰ্য্যকান্ত হাজৰিকাৰ জন্ম-দিৱস উদ্‌যাপন
এম হাছিম  আলী, ডিব্ৰুগড়, ৰঙিলী বাৰ্ত্তাসেৱা-   ডিব্ৰুগড়ৰ সু-সন্তান তথা অসম সাহিত্য সভাৰ সভাপতি, পদ্মশ্রী ড° সূর্যকান্ত হাজৰিকাৰ ৬৮ সংখ্যক ওপজা দিনটো।ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়ত বৰ্ণাঢ্য কাৰ্যসূচীৰে উদ্‌যাপন কৰা হয়। ড° সূর্য্যকান্ত হাজৰিকাৰ জন্ম দিৱস উদ্‌যাপন সমিতিৰ উদ্যোগত আৰু ডিব্ৰুগড় সাহিত্য সভাৰ সহযোগত তথা ডি এইচ এছ কানৈ মহাবিদ্যালয়ৰ আতিথ্যত মহাবিদ্যালয়ৰ শ্ৰীমন্ত শঙ্কৰদেৱ সভাকক্ষত আজি ৩১ মে’ ২০২৪ তাৰিখ শুক্ৰবাৰে পুৱা ১০ বজাৰ পৰা অনুষ্ঠিত হোৱা অনুষ্ঠানত ড° সূৰ্য্যকান্ত হাজৰিকাৰ ৬৮ সংখ্যক জন্মদিনৰ লগত সংগতি ৰাখি কেইবাগৰাকীও বৰেণ্য ব্যক্তিক বিশেষভাৱে সম্বর্ধনা জনোৱাৰ লগতে তেখেতৰ জীৱন ভিত্তিক এখনি প্রদর্শনী আৰু ‘সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ সাংবাদিকতা’ শীর্ষক গ্রন্থখনো উন্মোচন কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয় প্ৰাক্তন উপাচাৰ্য ড° কন্দৰ্পৰ কুমাৰ ডেকাই। ড০ সূর্যকান্ত হাজৰিকাৰ জন্ম-দিৱস উদ্‌যাপন সমিতিৰ সভাপতি তথা ডিব্ৰুগড় সাহিত্য সভাৰ সভাপতি ড° শশীকান্ত শইকীয়াৰ সভাপতিত্বত এখনি সভা অনুষ্ঠিত হয়। উদ্‌যাপন সমিতিৰ সচিব গৌতম গগৈয়ে আতঁধৰা অনুষ্ঠানত ড° সূর্যকান্ত হাজৰিকাৰ জীৱন ভিত্তিত প্ৰস্তুত কৰা প্ৰদৰ্শনী ‘ড° সূর্যকান্ত হাজৰিকা : ডিব্ৰুগড়ৰ পৰা বিশ্বৰ মঞ্চলৈ’ উন্মোচন কৰে  প্রকাশ গগৈয়ে। আনহাতে এই অনুষ্ঠানতে ‘ বিহঙ্গম দৃষ্টিত ড° ভূপেন হাজৰিকা /অসমৰত্ন ড° ভূপেন হাজৰিকা’- শীৰ্ষক তথ্য চিত্ৰখন প্ৰদৰ্শন কৰা হয় আৰু তথ্য চিত্ৰখনৰ সন্দৰ্ভত মন্তব্য আগবঢ়ায়-বিশিষ্ট কবি, সাহিত্যিক ড° কৰবী ডেকা হাজৰিকাই।  ডিব্ৰুগড় সাহিত্য সভা সম্পাদক ৰাতুল গোঁহাইয়ে শলাগৰ শৰাই আগবঢ়োৱা অনুষ্ঠানত বহুকেইগৰাকী গন্যমাণ্য বক্তিয়ে অংশ গ্ৰহণ কৰা অনুষ্ঠানৰ কাৰ্যসূচীত জাতীয় সংগীতৰে অনুষ্ঠানৰ কাৰ্যসূচী সামৰণি পৰে।