জন্মদিন
বৰ্ণালী চৌধুৰী
শুৱালকুছি(বংশৰ)
ৰৈ আছোঁ
হৃদয়নিসৃত কেইটামান
যাদুকৰী শব্দৰ বাবে
এই এটা বিশেষ দিনৰ
নিশা বাৰবজালৈ মই ৰৈ থাকো
ৰঙীন পানীয়ৰ বটলবোৰ নোখোলাকৈ
মিছা কোৱা নাই
এই মাথোঁ এটা দিনত
আকৌ এবাৰ পিন্ধি লও
বহু বছৰ আগতে খুলি থৈ দিয়া
প্রতীক্ষাৰ ঘড়ীটো
তোমাৰ আন্তৰিক প্রাচুৰ্যৰে
চহকী হ’বলৈ
ৰৈ আছোঁ মই
টোপনিগধুৰ এহাল চৰাই নিচুকাই
নামক বুলিয়েই
মোৰ ৰূদ্ধশ্বাস পৃথিৱীলৈ
শুভেচ্ছাৰ বৰ্ণময়
কিছু বিলাসী উশাহ