জন্মদিনৰ দিনা জুবিনে অনুৰাগীসকলক আগবঢ়াব এক বিশেষ উপহাৰ

Pc Hindustan Times

জন্মদিনৰ দিনা জুবিনে অনুৰাগীসকলক আগবঢ়াব এক বিশেষ উপহাৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  ৫০ বছৰীয়া হ’ল অসমবাসীৰ হিয়াৰ আমঠু হাৰ্টথ্ৰব জুবিন গাৰ্গ। ১৯৭২চনৰ ১৮ নৱেম্বৰৰ দিনটোতে মেঘালয়ৰ তুৰাত জন্মগ্ৰহণ কৰিছিল জুবিন গাৰ্গে।যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰ’বগৰাকীৰ জন্মদিনটো বিভিন্ন স্থানত উদযাপনৰ প্ৰস্তুতি চলোৱাৰ লগতে যোৰহাটতো বৰ্ণাঢ্য কাৰ্যসূচীৰে জুবিন গাৰ্গ ফেন ক্লাৱে উদযাপনৰ ব্যাপক আয়োজন কৰে।‘অল আছাম জুবিন গাৰ্গ ফেন ক্লাব’এ যোৰহাটৰ কোৰ্ট ফিল্ডত জুবিন গাৰ্গৰ ৫০তম জন্মদিন উদযাপন কৰে।এই অনুষ্ঠানত জুবিন গাৰ্গ উপস্থিত থাকে আৰু সেইবাবে তেওঁ ১৫ তাৰিখেই যোৰহাটত উপস্থিত হয়।জুবিন গাৰ্গৰ অনুৰাগীয়ে তেওঁৰ ৫০তম জন্মদিনক সোণালী বৰ্ষ হিচাপে উদযাপন কৰি ৫০ পাউণ্ড অৰ্থাৎ ২২.৬ কেজি ওজনৰ এটা কেক কাটে।জুবিনে নিজে ৫০ পাউণ্ডৰ কেকটো কাটি জন্মদিন উদয়াপন কৰে৷নিজৰ জন্মদিনত এটা নতুন গীতেৰে তেওঁ নিজৰ অনুৰাগীসকলক আগবঢ়ায় এক উপহাৰ হিচাপে।জন্মদিনৰ দিনা জুবিন গাৰ্গৰ নতুন গীত ‘জিলিকি জিলিকা’ মুক্তি পায়।আগন্তুক ‘ড৹ বেজবৰুৱা ২’ ছবিৰ এই গীতটিত কন্ঠদান কৰিছে জুবিন গাৰ্গে।অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গক তেওঁৰ ওপজা দিনৰ শুভেচ্ছা জনাইছে।সামাজিক মাধ্যম ফেচবুক আৰু টুইটাৰযোগে জন্মদিনৰ শুভকামনা জনালে মুখ্যমন্ত্ৰীয়ে।তেওঁ লিখিছে, ‘‘আপোনাক জন্মদিনৰ শুভেচ্ছা জনাইছো জুবিন! মা কামাখ্যা আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আপোনাক সুস্বাস্থ্যৰ আশীৰ্বাদ দিয়ক, আৰু আপুনি আপোনাৰ সুমধুৰ গীতবোৰেৰে আমাক আকৰ্ষিত কৰি থাকক।’’