অনুগল্প
জন্মদিনৰ উপহাৰ
ৰিমী হাজৰিকা
নিকিনিখোৱা গাওঁ,মাজুলী
পুৱাৰ ঠিক ছয় মান বাজিছে। ৰোহিণী নিজৰ পাকঘৰত ব্যস্ত,আজি যে কামৰ অন্ত নাই। কিয়নো আজি সোন্টোৰ প্ৰথম জন্মদিন । জন্মদিনৰ বাবে তাই যে কিমান উৎসাহ । আনফালে আকৌ ভাৰতীয় সেনা বাহিনীত কৰ্মৰত সোণ্টোৰ দেউতাক আজি ছুটীত ঘৰলৈ আহিছে। আনন্দত আত্মহাৰা হৈ তাই যে কিমান কি যোগাৰ কৰিছে।।
সোণ্টোৰ প্ৰথম জন্মদিন উপলক্ষ্যে তাই মন্দিৰত শৰাই এভাগ দিছে। তাক সাজু কৰি তাই মন্দিৰলৈ যাব লাগে, আনফালে আকৌ ৰোহিনীৰ স্বামী মুকুন্দ পাব হি প্ৰায় এঘাৰ বজাত, তেওঁ ফোনত জনাইছে যে সোন্টোৰ জন্মদিনৰ বাবে সি এটা ভাল জন্মদিনৰ উপহাৰ আনিছে। ৰাতিলৈ ভাত এসাজৰ যোগাৰো কৰিছে আজি সোন্টোৰ জন্ম দিন উপলক্ষ্যে।মাথো আজি তাইৰ গাত তত্ নাই ।।
পাকঘৰৰ কাম কাজ চলাই সোনকালেই আজৰি হ’ল তাই। লগতে সোণ্টোক সাজু কৰিলে,নিজেও সাজু হ’ল,মন্দিৰলৈ যাবলৈ বুলি ওলাই গ’ল, কিন্তু বাটত মনত পৰিল তাই যে ম’বাইল টো ঘৰতে এৰি আহিল।মন্দিৰ পায় সোণ্টোৰ দীৰ্ঘায়ু কামনাৰে তাই সেৱা ল’লে আৰু মুকুন্দ যে সু স্বাস্থ্যৰে ঘৰ পায়হি তাৰ কামনা কৰি ঘৰমুৱা হ’ল তাই। কিন্তু ঘৰত গৈ আকস্মিক ভাৱে অহা ফোন টো ত হতভম্ব হ’ল তাই, ফোনৰ সিপাৰে কন্ঠস্বৰত ভাহি আহিছিল এষাৰী বাক্য -” মুকুন্দ বৰুৱাৰ এক দুৰ্ঘটনাত মৃত্যু হৈছে।”
লগে লগেই যেন সৰগ ভাগি পৰিল তাই মূৰৰ ওপৰত। তাই ভাবি উঠিল -যে সোণ্টোৰ প্ৰথম জন্মদিনৰ উপহাৰ কি এয়ে আছিল?
