জন্তুই দিয়া শিক্ষা-মুনিন্দ্ৰ বৈশ্য

জন্তুই দিয়া শিক্ষা

ৰাষ্ট্ৰপতি বঁটা প্ৰাপক দেশৰ সৰ্বকণিষ্ঠ কৃতি শিক্ষক মঙ্গলদৈৰ শশাংক হাজৰিকাক লগ পালে তেওঁৰ লগত সময় কটোৱাটো মোৰ অভ্যাস। কাৰণ শিক্ষক বন্ধুজনৰ জ্ঞান-গৰ্ভত লুকাই আছে মগজ জোকাৰি যোৱা অজস্ৰ কাহিনী। চিন্তাৰ জগতত প্ৰচণ্ড কঁপনি সৃষ্টি কৰা তেনে এটা কাহিনী পাঠকৰ আগত দাঙি ধৰাৰ লোভ সম্বৰণ কৰিব নোৱাৰিলোঁ।

“যোৱা বছৰ মোলৈ এটা আমন্ত্ৰণ আহিছিল মামাহঁতৰ গাঁৱৰ পৰা― মাঘ বিহু উপলক্ষে আয়োজিত ম’হ যুঁজখনৰ বিচাৰকৰ দায়িত্ব পালন কৰিব লাগে। মই ভাবিলোঁ ম’হৰ যুঁজনো আৰু কি বিচাৰ কৰিব লাগে, হৰা-জিকা ৰাইজে দেখোন বুজিয়ে পাব! মই মাত্ৰ নিয়মটোহে পালন কৰিব লাগে। গতিকে আমন্ত্ৰণটো ৰক্ষা কৰিম বুলি কথা দিলোঁ। তাতে যিহেতো বহুদিন মামাহঁতৰ ঘৰলৈ যোৱা নাই, সেয়ে ভাবিলোঁ দুদিন আগতে গৈ তাত থকা আপোন মানুহখিনিৰ লগত অলপ সময় কটোৱাৰ এয়ে উত্তম সুযোগ।”― এইবুলি এটা দীঘলীয়া পাতনিৰে তেওঁ কাহিনীটো আৰম্ভ কৰিলে।

গৈয়ে মই ইঘৰ-সিঘৰ ফুৰিলোঁ। বন্ধু-বান্ধৱৰ লগত সময় কটালোঁ। কিন্তু অনুভৱ কৰিলোঁ এইবাৰ গাঁওখনৰ পৰিৱেশ পূৰ্বৰ তুলনাত যেন কিছু সুকীয়া। প্ৰথমে ভাবিছিলোঁ বহু বছৰ যিহেতু অহা নাই, গতিকে সময়ে কিছু পৰিৱৰ্তন আনিছে। চাকৰিয়ালসকলে যাতে ম’হ যুঁজ উপভোগ কৰিব পাৰে তাৰ বাবে আগতীয়াকৈ চুটিৰ দৰ্খাস্ত দি থৈছে। দূৰ-দূৰণিত থকাসকলেও বিশেষ ক্ষণটোৰ সাক্ষী হ’বলৈ যিয়ে যেনেকৈ পাৰে আগতীয়াকৈ ব্যৱস্থা কৰি লৈছে। কুৰ্মা আদৰিবলৈ গিৰীহঁতেও লাড়ু-পিঠা, মাছ-মঙহেৰে চলাইছে পূৰ্ণ প্ৰস্তুতি। বন্ধু-বান্ধৱক নিমন্ত্ৰণ জনাবলৈ ফোন কৰাই ফোন কৰিছে, মেচেজ দিয়াই মেছেজ দিছে; কোনোবাই ফে’ছবুকতো পোষ্ট দিছে। মুঠতে প্ৰস্তুতি তুংগত। বিহুৰ বতৰত গাঁওখনত এনে এটা উৎসৱমুখৰ পৰিবেশ বিৰাজ কৰাটো স্বাভাৱিক।

ইমানলৈকে ঠিকেই আছিল। কিন্তু পিছত বুজি পালোঁ কথাটো মই ভবাৰ দৰে নহয়। এই পৰিৱৰ্তন আনিছে কেইটামান ঘণ্টাৰ পিছতে অনুষ্ঠিতব্য ম’হ যুঁজখনেহে। দেখিলোঁ ম’হ যুঁজখনক লৈ মানুহবোৰ দুটা ফৈদত বিভক্ত হৈ পৰিছে। দুয়োটা ফৈদৰ মানুহবোৰৰ মনত তীব্র উত্তেজনা। গাত সঞ্চাৰিত হৈছে বিজুলী-প্ৰবাহ। মনৰ ভিতৰত দৌৰিছে অশ্বমেধৰ ঘোঁৰা। প্ৰতিযোগী কীটে কামুৰি মানুহৰ মনবোৰ বিষাক্ত কৰি পেলাইছে। ভাই-ভাইৰ মাজতে আপোনত্বৰ ডোৰা ছিঙি থিয় কৰাইছে শত্ৰুতাৰ হেঙাৰ। যিমানেই যুঁজখনৰ দিনটো ওচৰ চাপি আহিছে সিমানেই আপোনসকল মানসিকভাৱে আঁতৰি গৈছে। কোন আপোন কোন পৰ চিনি নোপোৱা হৈছে। যুঁজ কৰিব ম’হে, কিন্তু যুদ্ধংদেহী হৈছে মানুহবোৰ।

নিৰ্দিষ্ট দিনটো আহিল। যথা সময়ত যুঁজ-থলীত উপস্থিত হ’লোঁগৈ। দেখিলোঁ বিয়াগোম প্ৰস্তুতিৰে বৰ্ণাঢ্য আয়োজন। আতকধুনীয়া পেণ্ডেল, বৃহৎ ৰংগ মঞ্চ, কাণ তাল মৰা শব্দ-যন্ত্ৰ। ভি আই পিৰ আসন সুকীয়া, অতিথি, বিচাৰক, দৰ্শক সকলোৰে আসন সুকীয়া। দুই পক্ষৰ সমৰ্থক দুইপিনে। ম’হৰ গিৰিহঁতো উপবিষ্ট বিশেষ আসনত। যুঁজ চাবলৈ উত্তেজিত জনতা আহিছে হিল দল ভাঙি।

ক্ষন্তেক পিছতে আৰম্ভ হ’ব বহু প্ৰত্যাশিত যুঁজখন। হ’ব বছৰজোৰা প্ৰস্তুতিৰ হিচাপ। বিজেতাই পিন্ধিব বিজয়মাল্য, বিজিতই কঢ়িয়াব লাগিব পৰাজয়ৰ গ্লানি। মানুহে হেঁপাহ পলুৱাই উপভোগ কৰিব দুটা নিমাখিত জন্তুৰ যুঁজ। ঘোষকৰ উদ্দাত্ত ঘোষণাই সকলোকে উত্তেজিত কৰি তুলিছে। উত্তেজিত জনতাই চিঞৰিছে, হাত চাপৰি বজাইছে, আনন্দ-ফুৰ্তিত মতলীয়া হৈছে। ম’হ দুটা ৰণক্ষেত্ৰলৈ আনিবলৈ ঘোষকে ঘোষণা কৰাৰ লগে লগে দৰ্শকে এৰি দিলে এটা সমবেত চিঞৰ; ৰণক্ষেত্ৰ ৰজনজনাই গ’ল। ম’হ দুটা আনিবলৈ চেষ্টা কৰিছে, কিন্তু ম’হ দুটা নাহে। মানুহে যিমানে আগলৈ টানে, ম’হ দুটাইও সিমানে পিছলৈ টানে। এখোজ আগুৱালে দুখোজ পিছুৱায়। তথাপিও মানুহে আশা এৰা নাই। টনাই টানিছে, খেদাই খেদিছে। মানুহে যিমান জোৰজবৰদস্তি কৰিছে, ম’হ দুটাইও সিমানে অকৰামী কৰিছে। দৰ্শকে চিঞৰিছে― ঐ টান, ঐ মাৰ, ঐ খেদ……।

হাজাৰ প্ৰচেষ্টাৰ অন্তত যেনিবা ম’হ দুটাক থিয় কৰালে যুদ্ধক্ষেত্ৰত। তাকে দেখি উত্তেজিত দৰ্শকৰ মনত যেন হাই ভল্টেজৰ বিদ্যুতৰ সোঁত ব’বলৈ ধৰিলে। যুঁজ আৰম্ভ কৰাৰ সংকেতধ্বনি বাজি উঠিল। দৰ্শকৰ মুখেৰে সমস্বৰে বাগৰি আহিল এটা কাণ তাল মৰা বিকত চিঞৰ। কিন্তু ম’হ দুটাই যুঁজ কৰাৰ কোনো আগ্ৰহেই নেদেখুৱালে। বাৰে বাৰে চেষ্টা কৰিছে যুঁজ লগাবলৈ, কিন্তু বাৰে বাৰে বিফল হৈছে। খঙত ম’হ দুটাক কোবাইছে, খুচিছে; তথাপিও নাই পৰা যুঁজ লগাবলৈ। বৰঞ্চ ম’হ দুটাই এটাই আনটোৰ পিঠিত চেলেকিবহে ধৰিলে। সিহঁতৰ ভাষাত ভাবৰ আদান-প্ৰদান কৰিব ধৰিলে। বন্ধু হাজৰিকাৰ কাহিনীটোৱে মোৰ মগজত প্ৰচণ্ড জোকাৰণি তুলিলে। প্ৰশ্ন কৰিলোঁ, “ম’হ দুটাই যুঁজ নকৰাৰ কাৰণ কি বুলি আপুনি ভাবে?”

বন্ধুৰ স্পষ্ট উত্তৰ― “যুঁজ কৰিবই বা কিয়! উদয়াস্ত এখন পথাৰতে যিহাল ম’হ একেলগে চৰে, ঘাঁহ খায়, মনৰ ভাব বিনিময় কৰে, ইটোৱে সিটোৰ পিনে চাই নাঙল টানে। যিখন পথাৰত উমলি-জামলি দুয়ো গঢ়িছে বন্ধুত্বৰ সম্পৰ্ক, তেনে এহাল বন্ধুৰ মাজত হাজাৰ চেষ্টা কৰিলেও জানো মানুহে কাজিয়া লগাব পাৰে? এটাক আনটোৰ শত্ৰু কৰি তুলিব পাৰে? সিহঁত জন্তু, আচৰণো কৰে জন্তুৰ দৰেই; মানুহৰ দৰে নহয়। কথা ক’ব নাজানিলেও সিহঁতৰ আছে বিবেক-বিবেচনা। সেইবাবেই সিহঁতে বুজি পায় সম্পৰ্কৰ মূল্য।”

হয়তো, কোনোবাই উচটাই দিলেই উচটিবলৈ, মাৰ বুলি ক’লেই মাৰিবলৈ, কাট বুলি ক’লেই কাটিবলৈ, বৃদ্ধ হ’লেই মাক-দেউতাকক ৰাস্তাত পেলাই দিবলৈ সিহঁততো পাশান হৃদয়ৰ মানুহ নহয়। মানুহৰ বিকৃত মনোৰঞ্জনৰ বাবে মানুহকে পণ্য সামগ্ৰী ৰূপে ব্যৱহাৰ কৰিবলৈ কুন্ঠাবোধ নকৰা সিহঁততো জন্তু ৰূপী মানুহ নহয়। ক্ষুদ্ৰ স্বাৰ্থ সিদ্ধিৰ বাবে নিৰ্লজভাৱে মানৱীয়তাকে বিক্ৰী কৰিবলৈও সিহঁত যে মানুহ নহয়।

বিজ্ঞসকলে কৈ গৈছে বিবেক-বুদ্ধি-বিবেচনা গুণ আহৰণ কৰিব পৰা বাবেই মানুহ জীৱশ্ৰেষ্ঠৰ আসনত অধিস্থিত হ’ব পৰিছে। কিন্তু যি মানুহে জোৰজবৰদস্তি দুটা নিমাখিত জন্তুৰ মাজত সংঘটিত কৰা যুঁজত জয়লাভ কৰিবলৈ নিজৰ মাজতে খোৱা কামোৰা লাগে, আপোন-পৰ বাছ-বিচাৰ কৰিব নোৱৰা হয়, একেখন সমাজত ফাট মেলি দুটা ফৈদত বিভক্ত হৈ পৰস্পৰে পৰস্পৰক শত্ৰু জ্ঞান কৰে, সেই জীৱশ্ৰেষ্ঠ মানুহৰ বিকৃত মনোৰঞ্জনক প্ৰত্যাহ্বান জনাই বন্ধুত্বৰ সম্পৰ্কক অটুট ৰখা ম’হ দুটাই উত্তম বিচাৰ-বুদ্ধি-বিবেচনাৰ পৰিচয় দিয়া নাইনে? মানুহৰ আচৰণ যেতিয়া আমানৱিক হয়, হয় নিকৃষ্ট আৰু হিংস্ৰ, তেতিয়া তেনে আচৰণক আমি জন্তু বা পশুৰ লগত তুলনা কৰি পাশবিক আচৰণ বুলি অভিহিত কৰোঁ। কিন্তু ম’হ দুটাৰ এনে আচৰণক কাৰ লগত তুলনা কৰিম?

 মুনিন্দ্ৰ বৈশ্য
ওদালগুৰি