জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অবৈতনিক শ্রমিক কর্মচাৰীক শ্ৰমৰ বিনিময়ত চৰকাৰে প্ৰাপ্য মজুৰি দিয়াৰ দাবী

 জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অবৈতনিক শ্রমিক কর্মচাৰীক শ্ৰমৰ বিনিময়ত চৰকাৰে প্ৰাপ্য মজুৰি দিয়াৰ দাবী

ৰঙিলী বাৰ্ত্তাসেৱা-  জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অবৈতনিক শ্ৰমিক কৰ্মচাৰীক শ্ৰমৰ বিনিময়ত চৰকাৰে ৯০০০ টকাকৈ দৰমহা দিয়াৰ দাবী জনাইছে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ,গুৱাহাটী মহানগৰ অস্থায়ী কৰ্মচাৰী ও শ্ৰমিক সন্থাই৷দিছপুৰ প্ৰেছ ক্লাবত উক্ত সংগঠনটোৱে আয়োজন কৰা সংবাদ মেলত উপদেষ্টা মাণিক চন্দ্ৰ ডেকা আৰু সম্পাদক বিকাশ দেই কয়- কামৰূপ মহানগৰৰ জিলাৰ বিশেষকৈ গুৱাহাটীৰ ২ নং সংমণ্ডলৰ উপকণ্ঠ অঞ্চলত অতি গুৰুত্বপূর্ণ স্থানত পানীৰ যােগান ধৰি আহিছে। বিশেষ সংমণ্ডলটোৱে যেনে – গুৱাহাটী মেডিকেল কলেজ হাস্পতাল, অসম জনতা ভৱন, আই এছ কলনী, কৃষি বিশ্ববিদ্যালয়, খানাপাৰা ভেটেনাৰী কলেজ, ৰাজ্যিক চিৰিয়াখানা, সৰুসজাই ষ্টেডিয়াম, গুৱাহাটী বিশ্ববিদ্যালয়, পানবজাৰ, এম.এল.এ. হােষ্টেল, কাহিলিপাৰা আদি স্থানত আমাৰ অবৈতনিক শ্রমিক কর্মচাৰীয়ে নিয়মীতভাৱে কৰ্মৰত হৈ পানী যােগান ধৰি আহিছে। পূর্বতে এই সংমণ্ডল ৰাজ্য চৰকাৰে নিয়মীয়া কৰা, উক্ত সংমণ্ডলৰ অধীনত চৰকাৰীৰ কর্মচাৰীৰ সংখ্যা প্রায় ১৭৫ জন আছিল। নিয়মীয়া কৰাৰ সময়ত এই পদ সমূহ ব্যক্তিগত পদ হােৱাত এই পদ সমূহ অৱসৰ আৰু মৃত্যু হ’লে পদটো নাইকীয়া হৈ যায়। ফলত বৰ্তমান চতুর্থ আৰু তৃতীয় শ্রেণীৰ কৰ্মৰত কৰ্মচাৰীৰ সংখ্যা ২৩ জন হৈ পৰিছে। সেয়েহে কাৰ্যবাহী অভিযন্তাই ২নং সংমণ্ডলৰ অধীনত অবৈতনিক শ্রমিক কর্মচাৰী সকলক পানী যােগানৰ কামত নিয়ােজিত কৰিবলগীয়াত পৰিছে, বর্তমান অবৈতনিকভাৱে কৰ্মৰত শ্রমিক কর্মচাৰীৰ সংখ্যা প্রায় ১২৪ জনে পানী যােগান ধৰি আহিছে৷উক্ত কর্মৰত অস্থায়ী কর্মচাৰী সকলৰ বাবে মাহিলী ৯০০০.০ টকাকৈ ফিক্সড পে ধার্য কৰি যােৱা ২০১৪ চনৰ পৰা ফাইল নং পি.এইচ ই ডি, ২৩২/ ২০১৪ অনুসৰি সৰ্বমূঠ বছৰি ১,৩৩,৯২,০০ টকা ৰাজ্য চৰকাৰৰ পৰা অনুমােদন বিছাৰিছিল, কিন্তু ৰাজ্য চৰকাৰৰ বিত্ত বিভাগৰ হেমাহিৰ বাবে ফাইলৰ কাম হৈ উঠা নাই। আনহাতে এক শ্ৰেণী মধ্যভূগীয়ে উক্ত শ্রমিক সকলক লৈ ব্যৱসায় কৰা দেখ যায়।বিশেষ গুৰুত্বপূর্ণ বিষয় এই যে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ২ নং গুৱাহাটী সংমণ্ডলৰ জল জীৱন মিছনত অন্তর্ভূক্ত নহয় । অন্যথা ৰাজ্য চৰকৰৰ বিভিন্ন সংমণ্ডল জল জীৱন মিছনৰ অধীনত নিয়ােজিত।৭ মাৰ্চত ৰাজ্য চৰকাৰৰ বিভাগীয় কর্তৃপক্ষক স্মাৰক পত্ৰৰ জৰিয়তে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ এই অবৈতনিক শ্রমিক কর্মচাৰীৰ সকলৰ দূর্দশাৰ প্রতি দৃষ্টি প্রদান কৰি পদ সমূহৰ বিপৰীতে ফিক্সড পে হিচাবে দৰমহা আদায় দিব লাগে৷উক্ত দাবী মানি নললে ১২ এপ্ৰিলত পানবজাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানীযােগান কেন্দ্ৰৰ সন্মুখত এক ধর্ণা কার্যসূচী আয়ােজন কৰা হৈছে৷