‘জনসেৱা সঁচা মানুহ বিচাৰি’ৰ উদগণিমূলক অভিনন্দন অনুষ্ঠান
ৰঙিলী বাৰ্ত্তাসেৱা- মহানগৰীৰ ধীৰেনপাৰাস্থিত স্বেচ্ছাসেৱী সংস্থা ‘জনসেৱা সঁচা মানুহ বিচাৰি’ৰ উদ্যোগত ১৩ জুলাইত নৱজাগৰণ সংঘৰ প্ৰাংগনত বিগত বৰ্ষ সমূহৰ দৰে এইবাৰো চলিত বৰ্ষত ফটাশিল-গড়চুক অঞ্চলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৭৫ শতাংশ বা ততোধিক নম্বৰ পাই উত্তীৰ্ণ হোৱা ছেবা, চি বি এছ ই আৰু আই চি এছ ইৰ ছাত্ৰ- ছাত্ৰীক অভিনন্দন জনোৱা হয়৷সদস্য গকুল বৰুৱাই আঁত ধৰা সভাত পৌৰোহিত্য কৰে পূব কামৰূপ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক, পৰিচালনা সমিতিৰ সভাপতি ড° কমল শৰ্মাই৷ সংস্থাৰ সম্পাদক নুৰুল হক আহমেদে উদ্দেশ্য ব্যাখ্যা কৰা সভাত আদৰণি ভাষণ দিয়ে সদস্য দ্বীপেন শৰ্মাই৷
সভাপতি কুমুদ শৰ্মাই মুখ্য অতিথিৰ পৰিচয় প্ৰদান কৰা সভাত দাতাক কৃতজ্ঞতা জনায় সদস্য উমেশ চন্দ্ৰ ভাগৱতীয়ে৷ সভাত মু্খ্য অতিথি,শৰাইঘাট মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মণি শৰ্মাই ছাত্ৰ- ছাত্ৰীক উদ্দেশি উপদেশমূলক সাৰুৱা ভাষণ প্ৰদান কৰে৷কুমুদ শৰ্মা,মদন মোহন তালুদাৰ আৰু নুৰুল হক আহমেদে আঁত ধৰা অভিনন্দন অনুষ্ঠানত প্ৰায় ৮০ জন ছাত্ৰ-ছাত্ৰীক এখন কিতাপ,মানপত্ৰ,কলমেৰে অভিনন্দন জনোৱা হয়৷সভাত শ্ৰেষ্ঠ নম্বৰ পোৱা ছাত্ৰী পি এম ভাৰ্গৱী তালুকদাৰে মনৰ অনুভৱ সুন্দৰভাৱে ব্যক্ত কৰে৷ সভাত সমজুৱাৰ ফালৰ পৰা উপদেষ্টা শশীন্দ্ৰ ভট্টাচাৰ্য,সমাজকৰ্মী সঞ্জীৱ দেৱ চৌধুৰী,১১ নং ৱাৰ্ডৰ পাৰিষদ মঞ্জুলা দেৱী,অধিবক্তা প্ৰণৱ তালুকদাৰে ভাষণ দিয়ে৷সভাত বৈশালী কাশ্যপ,কাব্যঞ্জলি বড়োয়ে গীত পৰিৱেশন কৰি উপস্হিত ৰাইজক আমোদ দিয়ে ৷ সদস্য জ্যোতিষ ঠাকুৰীয়াৰ শলাগৰ শৰাইৰে সভা সামৰণি মৰা হয়৷