‘জনসেৱা সঁচা মানুহ বিচাৰি’ৰ উদ্যোগত এ পি এছ পোৱা দেৱাশীষ কলিতাক সম্বৰ্ধনা
ৰঙিলী বাৰ্ত্তাসেৱা- মহানগৰীৰ ফটাশিল-গড়চুক অঞ্চলৰ স্বেচ্ছাসেৱী সংস্হা ‘জনসেৱা সঁচা মানুহ বিচাৰি’ৰ উদ্যোগত ১২ ডিচেম্বৰত ‘জনসেৱা’ৰ জ্যেষ্ঠ সদস্য,প্ৰাক্তন বেংক বিষয়া,নতুনবস্তিস্থিত নিবাসী শুক্লেশ্বৰ কলিতাৰ সন্তান দেৱাশীষ কলিতাই এ পি এছ চিত এ পি এছ পাবলৈ সক্ষম হোৱাত তেওঁৰ বাসগৃহত সম্বৰ্ধনা জনোৱা হয়৷সংস্থাৰ সভাপতি কুমুদ শৰ্মাই আঁত ধৰা অনুষ্ঠানত পৰিচালনা সমিতিৰ সভাপতি ড° কমল শৰ্মাই ফুলৰ থোপা আৰু সম্পাদক নুৰুল হক আহমেদে ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়৷উক্ত অনুষ্ঠানত জ্যেষ্ঠ সদস্য মদন মোহন তালুকদাৰ,উমেশ ভাগৱতী,নৱ প্ৰসাদ শৰ্মা,জ্যোতিষ ঠাকুৰীয়া আদি উপস্থিত থাকি দেৱাশীষৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে৷