‘জনসেৱা সঁচা মানুহ বিচাৰি’ৰ উদ্‌গণিমূলক অভিনন্দন অনুষ্ঠান

‘জনসেৱা সঁচা মানুহ বিচাৰি’ৰ উদ্‌গণিমূলক অভিনন্দন অনুষ্ঠান
লক্ষ্যত উপনীত হ’বলৈ হ’লে সাধনা লাগিবইঃ কনক চন্দ্ৰ চহৰীয়া

ৰঙিলী বাৰ্ত্তাসেৱা-  লক্ষ্যত উপনীত হ’বলৈ হ’লে সাধনা লাগিবই৷শিক্ষাই আমাৰ জীৱনৰ বন্তি৷সপোন আমি প্ৰত্যেকেই দেখিব লাগিব৷নৈতিক সততা থাকিব লাগিব৷বৰ্তমান একাংশ ডেকা চামৰ মাজত উৰ্বতা দেখিবলৈ পোৱা যায়৷- এই মন্তব্য গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ড° কনক চন্দ্ৰ চহৰীয়াৰ৷’জনসেৱা সঁচা মানুহ বিচাৰি’ৰ উদ্যোগত ১১ আগষ্টত দক্ষিণ গুৱাহাটী জাতীয় বিদ্যালয় প্ৰাংগনত উদ্‌গণিমূলক অভিনন্দন অনুষ্ঠানত এই মন্তব্য কৰে অধ্যাপক ড°কনক চন্দ্ৰ চহৰীয়াই৷তেওঁ সভাত পুনৰ কয়- ছাত্ৰ ছাত্ৰীসকল ভৱিষ্যতৰ সম্পদ৷৭৫ শতাংশ কম পোৱা ছাত্ৰ ছাত্ৰীসকলো আমাৰ সম্পদ বুলি ভাবিব লাগিব৷সভাপতি কুমুদ শৰ্মাই আঁত ধৰা সভাত পোৰৌহিত্য কৰে পূব কামৰূপ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ড° কমল শৰ্মাই৷সম্পাদক নুৰুল হক আহমেদে উদ্দেশ্য ব্যাখ্যা কৰা সভাত আদৰণি ভাষণ দিয়ে প্ৰধান শিক্ষক দ্বীপেন শৰ্মাই৷সভাত সমাজকৰ্মী উমেশ চন্দ্ৰ ভাগৱতী,লংকেশ্বৰ ডেকা,অখিল শৰ্মা,ৰঞ্জন বড়ো আদি ভাষণ দি ছাত্ৰ ছাত্ৰীক উৎসাহিত কৰে৷সভাত আৰ্য বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন শিক্ষয়িত্ৰী নিৰদা দেৱী,প্ৰাক্তন বেংক বিষয়া শুক্লেশ্বৰ কলিতা,সমাজকৰ্মী বাণীকান্ত শৰ্মা,অধিবক্তা আকবৰ আলী আহমেদ,সমাজকৰ্মী দয়াৰাম ভৰালী,নৱজাগৰণ সংঘৰ সম্পাদক প্ৰদীপ কলিতা,কবি,লেখক অনিল ডেকা,আব্দুল হামিদ খান,মতিউৰ ৰহমান,আব্দুৰ ৰহিম আহমেদ আদি কেবা জনো ব্যক্তি উপস্হিত থাকে৷সভাপতি কুমুদ শৰ্মা আৰু সম্পাদক নুৰুল হক আহমেদে আঁত ধৰা অভিনন্দন অনুষ্ঠানত ফটাশিল- গড়ুচুক অঞ্চলৰ পৰা ৭৫ শতাংশ বা ততোধিক নম্বৰ পাই উত্তীৰ্ণ হোৱা ছেবা,চি বি এছ ইৰ প্ৰায় ৯০ জন ছাত্ৰ ছাত্ৰীক মানপত্ৰ,কিতাপ,কলমেৰে অভিনন্দন জনোৱা হয়৷সভাত বৈশালী কাশ্যপ,কৰিণা বৰ্মনে গীত আৰু গকুল বৰুৱাই কবিতা আবৃত্তি কৰি উপস্থিত ৰাইজক আমোদ দিয়ে৷সদস্য জ্যোতিষ ঠাকুৰীয়াৰ শলাগৰ শৰাইৰে সভা সামৰণি মৰা হয়৷