জনসেৱাৰ উদ্যোগত বিহু কৰ্মশালা

pc Northeast Now

জনসেৱাৰ উদ্যোগত বিহু কৰ্মশালা

ৰঙিলী বাৰ্ত্তাসেৱা- মহানগৰীৰ ধীৰেনপাৰাস্হিত স্বেচ্ছাসেৱী সংস্থা ‘জনসেৱা’ৰ উদ্যোগত ২৯ মাৰ্চৰ পৰা ২ এপ্ৰিললৈ চম্পাৱতী হাইস্কুল প্ৰাংগনত পাঁচদিনীয়া বিহুনাচ আৰু ঢোল বাদনৰ কৰ্মশালা অনুষ্ঠিত হ’ব৷প্ৰতিদিনে আবেলি ৩:৩০ বজাৰ পৰা ৫:৩০ বজালৈ অনুষ্ঠিত হ’বলগীয়া কৰ্মশালাত প্ৰশিক্ষক হিচাপে উপস্হিত থাকিব বিহু পাটমাদৈ,বিহু কুঁৱৰী কনিকা ইংতি,ঢোলবাদক,বিহুৱা ৰিতু বড়ো,বিহুৱতী,নৃত্য পৰিচালিকা কস্তুৰী কাশ্যপ,বিহুৱা,সংগীত শিল্পী মৃনাল দাসকে আদি কৰি কেবাজনো অভিজ্ঞ প্ৰশিক্ষক৷ইচ্ছ্যুক আগ্ৰহী লোকে ২৯ মাৰ্চৰ আগতে ৭৫৭৫৯০৮৭৮৭,৯৯৫৪৩১৩৫১৯ নম্বৰত যোগাযোগ কৰিব পাৰে৷