‘জনসেৱা’ৰ অভিনন্দন অনুষ্ঠান

‘জনসেৱা’ৰ অভিনন্দন অনুষ্ঠান

ৰঙিলী বাৰ্ত্তাসেৱা-  মহানগৰীৰ ধীৰেনপাৰাস্থিত স্বেচ্ছাসেৱী সংস্হা ‘জনসেৱা’ৰ উদ্যোগত ১৪ আগষ্টত চম্পাৱতী হাইস্কুল প্ৰাংগণত ২০২২ বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ফটাশিল-গড়চুক অঞ্চলৰ পৰা ৭৫ শতাংশ বা ততোধিক নম্বৰ পাই উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক অভিনন্দন জনোৱা হয়৷সদস্য নৱ প্ৰসাদ শৰ্মাই আঁত ধৰা সভাত পৌৰোহিত্য কৰে পূব কামৰূপ মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ অধ্যাপক ড° কমল শৰ্মাই৷সাধাৰণ সম্পাদক নুৰুল হক আহমেদে উদ্দেশ্য ব্যাখ্যা কৰাৰ পাছতে আদৰণি ভাষণ দিয়ে সভাপতি কুমুদ শৰ্মাই৷সভাত মুখ্য অতিথি হিচাপে কে চি দাস কমাৰ্চ কলেজৰ অধ্যক্ষ ড° হ্ষিকেশ(Hrishikesh) বৰুৱা,নিৰ্দ্দিষ্ট বক্তা হিচাপে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগৰ অধ্যাপক ড° মুকুল চক্ৰৱৰ্তী,সদস্যা,সমাজকৰ্মী কামাখ্যা দাসে ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি ভাষণ দিয়ে৷আৰম্ভণি গীত পৰিৱেশন কৰে বৈশালী কাশ্যপে৷ লগতে শিশু শিল্পী অংকিত কলিতাই গীত পৰিৱেশন কৰে আৰু কবিতা আবৃত্তি কৰে সদস্য গকুল বৰুৱাই৷সভাত প্ৰায় ৬০ জন ছাত্ৰ- ছাত্ৰীক কিতাপ,কলম,মানপত্ৰৰে অভিনন্দন জনোৱা হয়৷অনুষ্ঠানটো পৰিচালনা কৰে নৱ প্ৰসাদ শৰ্মা,বাণী কান্ত শৰ্মা,জ্যোতিষ চন্দ্ৰ লহকৰ,জেহেৰুল আলীয়ে৷পুনৰ সভাপতিৰ আসন অলংকৃত কৰা আৰ্যবিদ্যাপীঠ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক সুশীল চন্দ্ৰ বৰঠাকুৰে ভাষণ দিয়ে৷শলাগৰ শৰাই আগবঢ়াই সদস্য নৱ প্ৰসাদ শৰ্মাই৷