জনসংখ্যা বৃদ্ধিৰ শীৰ্ষত ভাৰতবৰ্ষ,গৌৰৱান্বিত মাতৃত্ব – শৈলেন কুমাৰ

PC - Mint

জনসংখ্যা বৃদ্ধিৰ শীৰ্ষত ভাৰতবৰ্ষ,গৌৰৱান্বিত মাতৃত্ব 

শৈলেন কুমাৰ, মিৰ্জা

চীনক পিছ পেলাই বিশ্বৰ সৰ্বাধিক জনবহুল দেশ হ’ল ভাৰত ৷ এয়া দেশবাসীৰ বাবে গৌৰৱ নে অভিশাপ? জনবিস্ফোৰণৰ দিশে ধাৱমান ভাৰতবৰ্ষ জনসংখ্যা বৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত চৰকাৰ ,প্ৰশাসন ব্যৰ্থ হোৱাকলৈ অভিযোগ আৰু হৈচৈ নকৰি ইয়াৰ প্ৰধান কাৰণ জানিবলৈ প্ৰয়াস কৰা উচিত ৷ মহিলা এগৰাকীৰ সবাতোকৈ ডাঙৰ সুখ আৰু উপলব্ধি হৈছে প্ৰজনন,কাৰণ এগৰাকী মহিলাই হে গৰ্ভধাৰণ কৰিব পাৰে ৷ ভাৰতৰ পৰম্পৰা আৰু সমাজসংস্কৃতি অনুসৰি মহিলা এগৰাকী যেতিয়া মাতৃ হয় তেতিয়া সমাজত সন্মান আৰু স্বীকৃতি প্ৰচুৰ পৰিমাণে পোৱা দেখা যায় ৷ মহিলা এগৰাকীৰ সমস্ত খৰচ বিবাহৰ পূৰ্বে পিতৃয়ে বহন কৰে আৰু বিবাহৰ পাছত স্বামীয়ে বহন কৰে ৷ সমাজত মহিলা এগৰাকীয়ে যিহেতু গৰ্ভধাৰণ কৰিব পাৰে তাৰবাবে বিশেষ সাসুবিধাৰে সুসজ্জিত কৰি ৰখা হয় মহিলা গৰাকীক ৷ যাৰবাবে মহিলা সকলে পাহৰি যায় তেওঁলোক মহিলা হোৱাৰ আগত মানুহ হয় বুলি ৷ জীৱনত নিজস্ব প্ৰতিভাৰে উচ্চতাৰ অধিকাৰী হব পৰা এটা জীৱন অবশেষত সমাজৰ সংস্কৃতিৰ ৰীতিনীতিৰ মেৰপাকত পৰি মাতৃত্বৰ অলংকাৰ পিন্ধি বন্দী হৈ পৰে ৷ ৰাষ্ট্ৰ এখনৰ ৰাষ্ট্ৰীয় সমস্যা দূৰ কৰাৰ আগতে ৰাষ্ট্ৰত বাস কৰা মানুহৰ চিন্তাচৰ্চা বোৰ সলনি কৰাৰ প্ৰয়োজন ৷ মহিলা এগৰাকীৰ গৌৰৱ মাতৃত্ব,কিন্তু গৌৰৱ কেৱল এটা দিশতে নেকি আৰু অন্য বহু দিশ আছে য’ত মহিলাই গৌৰৱৰ অধিকাৰী হব পাৰে ৷ মহিলা এগৰাকীয়ে সন্তানৰ প্ৰাৰম্ভিক সময়চোৱাত জীৱনৰ সৰ্বস্ব ত্যাগ কৰে, কিন্তু প্ৰকৃতিৰ ক্ৰুৰ ধেমালি যে যি গৰাকী মহিলাই সন্তানৰ বাবে নিজৰ কেৰিয়াৰ ভবিষ্যত ত্যাগ কৰে কিন্তু সন্তানসকলে প্ৰাৰম্ভিক সময়চোৱাৰ মাতৃৰ সেই দুখকষ্টৰ কথা ডাঙৰ হোৱাত মনতে নাথাকে ৷ যিটো সময়ত সন্তান এটাক মাকৰ সৰ্বাধিক প্ৰয়োজন হয়,সেই সময়খিনিৰ কথা ডাঙৰ হোৱাত মনত নাথাকে ৷ মহিলা এগৰাকীয়ে জীৱনত অৰ্জন কৰা সমস্ত শিক্ষা সন্তান লালনপালন কৰোঁতে সীমাবদ্ধ হৈ যায় ৷ নাৰী সৱলীকৰণ তেতিয়া হে প্ৰকৃততে ফলপ্ৰসূ হব যেতিয়া নাৰীৰ ওপৰত হোৱা শাৰীৰিক দমন বন্ধ হব ৷ দেহ ভাৱনা আৰু সমাজ, সংস্কৃতিৰ বাহিৰেও পুৰুষ অথবা মহিলাৰ যে অন্য এক পৰিচয় আছে তাৰ শিক্ষাৰ প্ৰয়োজন আহি পৰিছে ৷ যদি প্ৰকৃতিত মানুহ অথবা অন্য জীৱ বাচি থাকিব লগা হয় তেতিয়া হ’লে বুজিব লাগিব যে প্ৰকৃতিত সকলো বস্তু ভোগৰ সামগ্ৰী নহয় ৷ পৰিয়াল হৈছে ভোগবাদৰ উৎপত্তি ৷ অত্যধিক ভোগ মানে অত্যধিক পৰিয়ালৰ উৎপত্তি ৷ যদি সচাকৈয়ে আমাৰ মানৱ জাতি তথা প্ৰকৃতিৰ বাবে দয়া মৰম আছে তেতিয়া হ’লে ভোগবাদৰ চিন্তা পৰিহাৰ কৰাৰ লগতে স্ত্ৰী শিক্ষাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগিব ৷