জনসংখ্যাতকৈ অধিক আধাৰ কাৰ্ড ধুবুৰী,বৰপেটা,মৰিগাঁও,নগাঁওতঃ মুখ্যমন্ত্ৰী
ৰঙিলী বাৰ্ত্তাসেৱা- অবৈধ অনুপ্ৰৱেশকাৰীৰ আগ্রাসনে খিলঞ্জীয়াৰ প্ৰতি নমাই অনা ভাবুকিৰ সময়তে কেইবাখনো জিলাত সন্দেহযুক্ত লোকে সংগ্রহ কৰিছে আধাৰ।শেহতীয়াকৈ আধাৰৰ ক্ষেত্ৰত পোহৰলৈ আহিছে এটা উদ্বেগজনক খবৰ। গৃহ বিভাগে লাভ কৰা এই উদ্বেগজনক খবৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সদৰী কৰে। মুখ্যমন্ত্রীগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি জনসংখ্যাতকৈ ৰাজ্যৰ কেইবাখনো জিলাত অধিক ইছ্যু হৈছে আধাৰ কাৰ্ড। উল্লেখ্য যে সন্দেহযুক্ত লোকে আধাৰ সংগ্ৰহ কৰা বুলি বিভিন্ন সময়ত উত্থাপন হৈ অহা অভিযোগৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে কৰা এই ঘোষণা স্বাভাৱিকতে পুনৰ এক ভাবুকিৰ সৃষ্টি কৰিছে। দিছপুৰত এখন সংবাদ মেল সম্বোধন কৰি মুখ্যমন্ত্রীগৰাকীয়ে প্রকাশ কৰা মতে, বৰপেটা, ধুবুৰী, মৰিগাঁও আৰু নগাঁও জিলাত জনসংখ্যাতকৈ অধিক লোকে আধাৰ সংগ্ৰহ কৰিছে। বৰপেটা জিলাত ১০৩.৭৪ শতাংশই, ধুবুৰী জিলাত ১০৩.৪৮ শতাংশই, মৰিগাঁও জিলাত ১০১.৭৪ শতাংশই আৰু নগাঁও জিলাত ১০০.৬৮ শতাংশই আধাৰ কাৰ্ড সংগ্ৰহ কৰিছে। স্বাভাৱিকতে এই পৰিসংখ্যাই স্পষ্ট কৰি তুলিছে যে এই জিলাকেইখনত সন্দেহযুক্ত লোকে বিভিন্ন অবৈধ প্ৰক্ৰিয়াৰে সংগ্ৰহ কৰিছে আধাৰ কাৰ্ড। এই বিষয়টো লক্ষ্য কৰিয়েই ৰাজ্য চৰকাৰে আধাৰৰ ক্ষেত্ৰত অধিক কঠোৰ হোৱাৰ সিদ্ধান্ত গ্রহণ কৰিছে। সংবাদ মেলত মুখ্যমন্ত্রীগৰাকীয়ে কয় যে যিসকল লোকে এনআৰচিত আবেদন কৰা নাছিল, তেনে লোকক এতিয়াৰে পৰা আধাৰ দিয়া নহ’ব। অৱশ্যে শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে ৯ লাখ ৫৫ হাজাৰ লোকৰ বন্ধ হৈ থকা আধাৰ মুকলি কৰি দিয়াৰ বাবে যি সিদ্ধান্ত গ্ৰহণ কৰিছে, সেই অনুসৰি সেইসকল লোকে আধাৰ লাভ কৰিব। কিন্তু এতিয়াৰে পৰা যিকোনো প্রাপ্তবয়স্ক লোকে আধাৰৰ বাবে আবেদন কৰিলে তেওঁলোকক পুংখানুপুংখভাৱে পৰীক্ষা কৰা হ’ব। কাৰ্যতঃ এক অক্টোবৰৰ পৰা আধাৰ লাভ কৰাটো কঠোৰ পৰীক্ষাৰ মাজেৰে যাব লাগিব। অৱশ্যে এইক্ষেত্রত চাহ বাগিচা অঞ্চলক বাদ দি ৰাজ্য চৰকাৰে কঠোৰ হ’ব। মুখ্যমন্ত্রীগৰাকীয়ে কয়- যিসকল লোকে এনআৰচিত আবেদন কৰা নাই, তেওঁলোকে হয়তো ২০১৪ চনৰ পিছত অসমলৈ আহিছে। এন আৰ চিত যদি আবেদনেই কৰা নাই তেনেহ’লে তেওঁলোকক আধাৰৰ প্ৰয়োজন কি? দৰাচলতে আধাৰ সংগ্ৰহ কৰিয়েই বহু অনুপ্ৰৱেশকাৰীয়ে নাগৰিকত্বৰ বাবে তথ্য সংগ্ৰহ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰে। সেয়েহে এইক্ষেত্ৰত অধিক কঠোৰ হৈছে চৰকাৰ। অহা ১০ দিনৰ ভিতৰত আধাৰৰ বাবে ৰাজ্য চৰকাৰে প্ৰস্তুত কৰিব এছঅ’পি। মুখ্যমন্ত্রীয়ে ইয়াকো স্পষ্ট কৰে যে যি ৯ লাখ ৫৫ হাজাৰ আধাৰ কাৰ্ড বন্ধ হৈ আছে, সেইসমূহ মুকলি কৰি দিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে নিৰ্দেশ দিছে। অহা দুই-এদিনৰ ভিতৰতে ইউআইডিএআইএ নির্দেশনা প্রদান কৰিব। আবেদনকাৰীয়ে বন্ধ হৈ থকা আধাৰসমূহ অহা ছেপ্টেম্বৰ মাহৰ ভিতৰতে লাভ কৰিব। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে যদি কোনো লোকে এনআৰচিত আবেদন কৰা নাছিল, তেন্তে এতিয়াৰে পৰা অসমত আধাৰ নাপাব। এনআৰচিত নাম থকা-নথকা বেলেগ কথা, কিন্তু এনআৰচিত আবেদনকাৰী হ’ব লাগিব। ১ অক্টোবৰৰ পিছত আধাৰ ল’ব লাগিলে এনআৰচিত আবেদনৰ নম্বৰ গাঁঠি দিব লাগিব। অর্থাৎ আবেদন কৰাৰ প্রমাণ দিব লাগিব। মন কৰিবলগীয়া যে যোৱা সময়ছোৱাত ৰাজ্যৰ বিভিন্ন প্ৰান্তত গ্ৰেপ্তাৰ হোৱা বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ পৰা জব্দ হৈছিল আধাৰ কাৰ্ড। এহাজাৰ টকাৰ বিনিময়তে দালাল চক্রই বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ হাতত তুলি দিছিল আধাৰ কাৰ্ড। স্বাভাৱিকতে আধাৰ কাৰ্ড হাতত লৈয়েই বহু সন্দেহযুক্ত বাংলাদেশীয়ে অসমৰ মাজেৰে চেন্নাই, বেংগালুৰু আদিলৈ কামৰ বাবে যায়। মুখ্যতঃ এই বিষয়টোক লক্ষ্য কৰিয়েই এইবাৰ আধাৰৰ ক্ষেত্ৰত অধিক কঠোৰ হৈছে ৰাজ্য চৰকাৰ। নতুনকৈ জাৰি কৰিবলগীয়া এছঅ’পি অনুসৰিয়েই আধাৰৰ বাবে আবেদন কৰিব লাগিব আবেদনকাৰীয়ে। মুখ্যমন্ত্রীগৰাকীয়ে লগতে স্পষ্ট কৰে যে ভাৰত চৰকাৰে এই অধিকাৰো দিছে যে ৰাজ্য চৰকাৰে বিচাৰিলেহে আধাৰ লাভ কৰিব পাৰিব। অসমত আধাৰৰ ক্ষেত্ৰত এই কঠোৰ ব্যৱস্থা বলবৎ হ’লে পৰৱৰ্তী সময়ত আন আন ৰাজ্যতো একেই কঠোৰ পদক্ষেপ গ্ৰহণ কৰিলে সন্দেহযুক্ত লোকে আধাৰ লাভ কৰিব নোৱাৰিব।