জনপ্ৰিয় কন্ঠশিল্পী কৃষ্ণমণি চুতীয়াৰ বাহন দুৰ্ঘটনাগ্ৰস্ত
ৰঙিলী বাৰ্ত্তাসেৱা- জনপ্ৰিয় কন্ঠশিল্পী কৃষ্ণমণি চুতীয়াৰ বাহন দুৰ্ঘটনাগ্ৰস্ত ।নিশা এক সংগীতানুষ্ঠানত অংশগ্ৰহণ কৰি নলবাৰীৰ পৰা এখন ইন’ভা বাহনেৰে শিৱসাগৰ অভিমুখে আহি আছিল শিল্পীগৰাকী। চামগুৰি তিনিআলিৰ সমীপত দুৰ্ঘটনাত পতিত হয় তেওঁৰ বাহনখন।ভুল দিশেৰে অহা এখন যাত্ৰীবাহী টেম্পোৰ সৈতে মুখামুখি সংঘৰ্ষ হয়। দুৰ্ঘটনাৰ ফলত নিয়ন্ত্ৰণ হেৰুৱাই ৰাজপথৰ ডিভাইডাৰত উঠি যায় শিল্পীগৰাকী অহা বিলাসী বাহনখন। দুৰ্ঘটনাটোৰ ফলত শিল্পী কৃষ্ণমণি চুটিয়া, ইন’ভা বাহনখনৰ চালকসহ সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হয় টেম্পোখনৰো চালকজন।