জনপ্ৰিয় ধাৰাবাহিক CIDৰ ফ্ৰেডেৰিকছ আৰু নাই

Pc-Jagran

 জনপ্ৰিয় ধাৰাবাহিক CIDৰ ফ্ৰেডেৰিকছ আৰু নাই

ৰঙিলী বাৰ্ত্তাসেৱা-  জনপ্ৰিয় টেলিভিছন ধাৰাবাহিক CIDৰ ‘ফ্ৰেডেৰিকছ’ৰ চৰিত্ৰত অভিনয় কৰা অভিনেতা দীনেশ ফাদনিছ আৰু নাই।CIDত দয়াৰ চৰিত্ৰত অভিনয় কৰা দয়ানন্দ শেট্টীয়ে দীনেশ ফাদনিছৰ মৃত্যুৰ খবৰ নিশ্চিত কৰিছে।  মৃত্যুৰ সময়ত অভিনেতাজনৰ বয়স আছিল ৫৭ বছৰ। অভিনেতা দয়ানন্দই কয় যে যোৱা নিশা ১২ বজাত দীনেশৰ মৃত্যু হয়। তেওঁ ভেণ্টিলেটৰত আছিল। তেওঁক মুম্বাইৰ টুংগা হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। জানিব পৰা গৈছিল যে ফাদনিছৰ হাৰ্ট এটেক হৈছিল, তাৰ পিছত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।