জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গক মৰণোত্তৰভাৱে গণশিল্পী ঘোষণাৰে উচিত সন্মান দিয়ক

জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গক মৰণোত্তৰভাৱে গণশিল্পী ঘোষণাৰে উচিত সন্মান দিয়ক
প্ৰতিটো দলে ৰাজনীতি বন্ধ কৰক

ৰঙিলী বাৰ্ত্তাসেৱা-  অসম আৰু অসমীয়াৰ হিয়াৰ আমঠু সদ্য প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে সদৌ ভাৰত জনজাতি ছাত্ৰ সন্থা আইটছাৰ উপদেষ্টা অৰিন্দম প্ৰিন্স পাংগিঙে।অসমৰ আকাশ বতাহত গুঞ্জৰিত চহা জীৱনৰ মাটিৰ গীত মাত কবিতাৰে লুইতৰ দুয়োপাৰ জীপাল কৰি তুলি ধৰা সাৰ্থক প্ৰয়াত শিল্পী, গীতিকাৰ, সুৰকাৰ, চলচ্চিত্ৰ নিৰ্মাতা, প্ৰযোজক, পৰিচালক, সঙ্গীত পৰিচালক জুবিন গাৰ্গৰ স্মৃতি যুগমীয়া কৰিবলৈ অসম চৰকাৰে নুন্যতম গণশিল্পী সন্মান মৰণোত্তৰভাৱে ঘোষণা কৰক বুলিও দাবী জনাইছে জনগোষ্ঠীয় নেতা অৰিন্দম প্ৰিন্স পাংগিঙে। অসমৰ বিভিন্ন জাতি-জনজাতি, উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ভাষা-ভাষী জনগোষ্ঠীৰ প্ৰায় ৩৮০০০ৰোধিক গীতত দৰদী কণ্ঠদান কৰি সকলোৰে মন প্ৰাণ জয় কৰিবলৈ সক্ষম হৈছিল জুবিন গাৰ্গে। অসম চৰকাৰৰ লগতে ভাৰত চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ তৰফৰ পৰা জীৱিতকালত জুবিন গাৰ্গৰ প্ৰতি উচিত সন্মান দিয়া দেখা নগৈছিল। কিন্তু সম্প্ৰতি মৰণোত্তৰভাৱে হ’লেও অসম চৰকাৰে প্ৰৱৰ্তন কৰা অসামৰিক সন্মান অসম গৌৰৱ, সৌৰভ,বৈভৱ নতুবা গণশিল্পী সন্মান প্ৰদান কৰক। ঠিক তেনেদৰে ভাৰতৰ সাংস্কৃতিক জগতখনত শক্তিশালী ৰূপত খোজ দি বলীউডৰ ভালেমান আগশাৰীৰ চিনেমাত হিন্দী গীতত কণ্ঠদান কৰিছিল সকলোৰে আপোন জুবিন গাৰ্গে। গতিকে ভাৰতৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰীক নুন্যতম পদ্মশ্ৰী, পদ্মভূষণ, পদ্মবিভূষণ আৰু পাৰে যদি ভাৰতৰত্ন বঁটা মৰণোত্তৰভাৱে ঘোষণা কৰিবলৈ অসম চৰকাৰৰ তৰফৰ পৰা প্ৰস্তাৱ প্ৰেৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিবলৈয়ো আহ্বান জনাইছে অৰিন্দম প্ৰিন্স পাংগিঙে। আনহাতেদি বলীউডৰ শিল্পী হিচাপে সংগীত নাটক অকাডেমী বঁটা নতুবা দাদাচাহেব ফাল্কে বঁটাৰেও জুবিন গাৰ্গক সন্মানীত কৰিব পাৰে চৰকাৰ-প্ৰশাসনৰ সদিচ্ছা থাকিলে। প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ স্মৃতি যুগমীয়া কৰিবলৈ অসমবাসীয়ে বিচৰা ধৰণে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ তৎপৰতা কামনা কৰিলো। জুবিন গাৰ্গৰ গীত মাত কবিতা, বাদ্য যন্ত্ৰ সৃষ্টি কৰ্মৰ পঞ্জীয়ন আৰু জুবিন গাৰ্গ সমাধিক্ষেত্ৰৰ উন্নয়ন সংবৰ্ধন, সংগ্ৰহালয় স্থাপনৰ জৰিয়তে পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হিচাপে গঢ়ি তোলাত যাতে কৃপণালি নকৰে তাৰবাবেও আহ্বান জনাইছে জনজাতি নেতা পাংগিঙে। প্ৰণিধানযোগ্য যে, মৰমৰ শিল্পী জুবিন গাৰ্গে চিংগাপুৰত সলিল সমাধি ঘটে নে হত্যাকাণ্ডত নে দূৰ্ঘটনাত পতিত হৈ অকাল মৃত্যুক সাৱটি লৈছিল সেয়া তদন্তৰ বিষয়। আইনক আইনৰ বাট ল’ব দিয়ক। ইয়াক লৈ ৰাইজৰ আৱেগ অনুভূতিক কোনেও হেতালি খেলিবলৈ দিয়া উচিত নহয়। শিল্পী জুবিন গাৰ্গৰ ন্যায় ন্যায়ালয়ৰ ন্যায়ধীশেহে দিয়ে। গতিকে তদন্ত চলি থকা অৱস্থাত কোনোৱে ৰাজনীতি নকৰে যেন। আৰক্ষী প্ৰশাসনৰ তদন্ত কোন দিশে গতি কৰিছে তাৰ প্ৰতি আমাৰ তীক্ষ্ণ নজৰ সদায় থাকিব। চিংগাপুৰ আৰু ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ চিংগাপুৰ এমবেচি, ইন্টাৰপ’ল, ৰাষ্ট্ৰদূত আৰু এই ক্ষেত্ৰত অনুসন্ধানকাৰী ৰাষ্ট্ৰ যন্ত্ৰৰ সক্ৰিয়তাক আমি দাবী জনাইছোঁ। কাৰণ তদন্তৰ নামত নিয়মমাফিক তদন্তৰ ভেকোভাওনা চাই থকা ভকত নহয় আমি বুলিও সৌচ্ছাৰ হৈ পৰিছে অৰিন্দম প্ৰিন্স পাংগিঙে। অন্যথা চিংগাপুৰত বিদেশী পৰ্যটকৰ জীৱন সম্পত্তিৰ নিৰাপত্তা নোহোৱাৰ অভিযোগ ৰাষ্ট্ৰসংঘৰ কোৰ্ট অৱ ইন্টাৰনেচনেল জাষ্টিচত আপত্তি দৰ্শালে চিংগাপুৰত বিশ্বৰ হেঁচা প্ৰয়োগ কৰা হ’ব আৰু দেশৰ অৰ্থনীতিত বিৰূপ প্ৰভাৱ পৰাৰ সম্ভৱানা থাকিব।