জনপ্ৰিয়তা : এক সামাজিক ব্যাধি – সংযুক্তা দত্ত

জনপ্ৰিয়তা : এক সামাজিক ব্যাধি

 সংযুক্তা দত্ত,মিছামৰা

মানুহেই মানুহক জনপ্ৰিয় কৰি তোলে। ‘জনপ্ৰিয়’ শব্দৰ সাধাৰণ অৰ্থ হ’ল- লোকপ্ৰিয়, জনসাধাৰণৰ ভাল লগা৷ জনতাৰ প্ৰিয় যি, তেওঁ জনপ্ৰিয়। জনপ্ৰিয় হ’বৰ বাবে মানুহৰ এনে গুণ বা প্ৰতিভা থাকিব লাগিব যি আনৰ নাই অথবা যি প্ৰতিভা আনৰ পৰা অলপ পৃথক। এজন ব্যক্তি জনপ্ৰিয় হ’বৰ বাবে তেওঁৰ বিশেষ প্ৰতিভা থাকে আৰু লগতে জনসাধাৰণৰ সহযোগ থাকে। তেনেস্থলতহে এজন ব্যক্তি জনপ্ৰিয়তাৰ শাৰীলৈ উন্নীত হ’ব পাৰে। কিন্তু বৰ্তমান সময়ত জনপ্ৰিয়তা সামাজিক ব্যাধিস্বৰূপ হৈ পৰিছে। জনপ্ৰিয়তা অৰ্জন দুই ধৰণে কৰিব পাৰি। ইতিবাচকভাৱে নাইবা নেতিবাচকভাৱে৷ ইতিবাচকভাৱে হোৱা জনপ্ৰিয়তাক জনসাধাৰণে আঁকোৱালি লয়। ইয়াৰ বিপৰীতে নেতিবাচকভাৱে হোৱা জনপ্ৰিয়তা বেছি দিনৰ বাবে সন্মানৰ পাত্ৰ হৈ নাথাকে। কিন্তু বৰ্তমান সময়ত সমাজত জনপ্ৰিয় হ’বলৈ এচাম লোকে নেতিবাচক দিশটোকহে প্ৰাধান্য দিয়া দেখা গৈছে। জনপ্ৰিয় হোৱাটো বেয়া কথা নহয় কিন্তু জনপ্ৰিয় হোৱাৰ নামত বহুৱালি কৰাটোহে বেয়া কথা। জনপ্ৰিয় হ’বলৈ মানুহে কেতিয়াও সমাজৰ অপ্ৰিয় কাম বা কুকৰ্ম কৰিব নালাগে৷ প্ৰতিজন মানুহেই নিজৰ নিজৰ ভাল কামত জনপ্ৰিয়। এজন ব্যক্তি প্ৰকৃততে তেতিয়াহে জনপ্ৰিয় হৈ উঠে যেতিয়া সেই ব্যক্তিজনৰ প্ৰতি সন্মুখৰ ব্যক্তিজনৰ হৃদয়ত সন্মানৰ ভাব জাগি উঠে। কাম সদায় এনেদৰে কৰিব লাগে যি কামৰ বাবে নিজৰ লগতে আন দহজনৰো উপকাৰ সাধন হয় ।