জনপ্রিয় দিহানামৰ শিল্পী লিজা শইকীয়া দাসৰ মৃত্যু

জনপ্রিয় দিহানামৰ শিল্পী লিজা শইকীয়া দাসৰ মৃত্যু

ৰঙিলী বাৰ্ত্তাসেৱা- নগাঁৱৰ তথা অসমৰ এগৰাকী জনপ্রিয় দিহানামৰ শিল্পী লিজা শইকীয়া দাসৰ আজি পুৱা মৃত্যু হয়। জনপ্রিয় শিল্পী গৰাকী নিউমোনিয়া ৰোগত আক্ৰান্ত হৈ নগাঁও চহৰৰ কপিলী হাস্পতালত দুদিন ধৰি চিকিৎসাধীন হৈ  আজি পুৱাৰ ভাগত শেষ নিশ্বাস ত্যাগ কৰে।এগৰাকী দক্ষ দিহানামৰ শিল্পী হিচাপে লিজা শইকীয়া দাসে সকলোৰে অন্তৰ জয় কৰিবলৈ সক্ষম হৈছিল। নগাঁও ছহৰৰ কাষৰীয়া ডিমৰুগুৰিৰ সতী জয়মতী পথৰ বাসিন্দা লিজা শইকীয়া দাসৰ মাতৃগৃহ আছিল বেবেজীয়াৰ ১নং গেদাবৰিত। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল প্রায় ৩২ বছৰ।আকস্মিক মৃত্যু হোৱা শিল্পী গৰাকীৰ মৃত্যুত বৃহত্তৰ ডিমৰুগুৰি অঞ্চলৰ লগতে নগাঁৱৰ সৰ্বত্রে শোকৰ ছা পৰিছে। ‘শংকৰী সাংস্কৃতিক গোষ্ঠী’ দিহানামৰ দলৰ লগতে নগাঁৱৰ সকলো দিহানামৰ দলে শিল্পী গৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে। মৃত্যুৰ সময়ত তেওঁ স্বামী আৰু এটা শিশু সন্তান সহ বহু আত্মীয় স্বজন ইহসংসাৰত এৰি গৈছে।