জননী
দিপ্তী মনি গোস্বামী, লখিমপুৰ
ঘৰখনত কি যে অথন্তৰ ,এটি সদ্যজাতৰ সৈতে এটি তেৰ মহীয়াৰ কেঁচুৱাই কান্দোনত গগণ ফালিছে আৰু তেওঁলোকৰ অভিভাৱক সকলে সদ্য মৃত্যু হোৱাজনৰ আদ্য শ্ৰাদ্ধও পালন কৰাৰ পৰা বঞ্চিত হৈ ,জেলৰ অন্ধকাৰ কুঠৰীত হিয়া ধুনি প্ৰমাদ গণিছে ।। তাৰ বাবে জগৰীয়া কোন? সেই পৰিবেশ পৰিস্থিতিলৈ ঘৰখন কেনেকৈ কিয় গল ?? তাৰ আঁত বিছাৰি কেইবাবছৰৰ আগলৈ উভতি যাওঁ…।।লখিমপুৰৰ মানসী দত্ত আৰু গুৱাহাটীৰ ছয়মাইলৰ ৰূপক গন্ধিয়াৰ দেখা সাক্ষাৎ হৈছিল কৃষ্ণ চূড়াৰ নগৰীত । তাই একাদশ শ্ৰেনীত নাম ভৰ্তি কৰিছিল আৰু সি স্নাতক ২য় বর্ষৰ ছাত্ৰ আছিল , দেউতাকৰ লগত চুচুক চামাককৈ কলেজলৈ সোমাই যোৱা মানসীলৈ ৰূপকে দূৰৰ পৰা লক্ষ্য কৰি আছিল তাৰ কিবা এটা অনামী শিহৰণ জাগিছিল ,তাইক ল’গ ধৰিবলৈ সি ব্যাকুল হৈ পৰিছিল ,তাই আজৰি হোৱালৈ সি কলেজতে ৰৈ আছিল ।তাইৰ Admission হোৱাৰ পিছত ,দেউতাকে তাইক Hostel দেখুৱাবলৈ লৈ গৈছিল ,সি ওপযাচি ছাৰ নমস্কাৰ বুলি কৈ দেউতাকৰ লগত চিনাকী হৈছিল আৰু কথা বতৰা পাতি কলেজ কেন্টিনলৈ চাহ খাবলৈ লৈ গৈছিল । পৰিচয়ৰ আদান প্ৰদানত সি কৈছিল ,তাৰ দেউতাক সি সৰুতেই ঢুকালে ,সি ঘৰৰ ডাঙৰ ,ভায়েক এটা আছে দশম শ্ৰেনীত পঢ়ি আছে আৰু ভনীয়েক এজনী আছিল মেট্ৰিক পাছ কৰিয়েই বিয়া হৈ গ’ল, দেউতাকৰ পেন্সনটো মাকে পায় যেনে তেনে ঘৰখন চলি আছে ,সেইকাৰনে তাইক আৰু পঢ়োৱাব নোৱাৰিলে ,ভাল লৰা এটা পাই দি দিলে ।মানসীয়ে কলে,তাইৰ মা’ক তাই সৰুতেই ঢুকালে ,ভায়েক এটা আছে দশম শ্ৰেনীত পঢ়ি আছে,দেউতাকে L.I.C. এজেন্ট কৰে ,তাইৰ ইমান দূৰত পঢ়িবলৈ আহিবলৈ মন নাছিল, অসমৰ ভিতৰতে সপ্তম স্থান লাভ কৰি পাছ কৰাৰ কাৰণে দেউতাকেহে বলেৰে ইয়াত পঢ়িবলৈ কৈছে ।কথাৰ মাজতে দুয়োটাই কৈ উঠিল তোমাৰ মা নাই আপোনাৰ দেউতা নাই ,ৰূপকৰ লগত কথা পাতি মানসীৰ দেউতাকৰো ভাল লাগিল ,কথাৰ মাজতে মানসীৰ খা খৱৰ ৰাখিবলৈও তাক কলে । অৱশেষত বিদায় পৰ্ব আৰম্ভ হল,জীয়েকক Hostel ত থৈ তেওঁ নৈশ বাছলৈ বুলি ৰাওনা হল ,একেফালেই যাম যেতিয়া মোৰ লগতে উঠক বুলি ৰূপকে তেখেতক আনি নিদিষ্ট ঠাইত নমাই দিলেহি আৰু সেৱা এটি কৰি বিদায় ল’লে, সি কলে মোৰ দেউতা নাই যেতিয়া আপুনিয়েই দেউতা বুলি সেৱাটি কৰিলোঁ ,খা খৱৰ কৰিব । মানসীৰ দেউতাকে হ’ব হ’ব বুলি তাৰ মূৰত হাত বুলালে ।ৰূপকে কলেজলৈ আহি প্ৰতি দিনাই মানসীক লগ ধৰে , দিহা পৰাৰ্মশ দিয়ে ,ঘৰৰ পৰা কিবা কিবি খোৱা বস্তুও আনি দিয়ে ।বন্ধৰ দিনত সি তাইক সিহঁতৰ ঘৰলৈ আনি দিনটো মা’কৰ সৈতে কটাই খোৱাই বোৱাই আকৌ থৈ থৈ আহে ,তেনেকৈয়ে সিহঁত দুটাৰ মাজত নিবিড় সান্নিধ্যৰে বান্ধোনৰ এনাজৰী কটকটিয়া হৈ বন্ধুত্বৰ পৰা প্ৰেম, প্ৰেমৰ পৰা বিবাহলৈ ৰূপান্তৰিত হৈছিল।দেউতাকৰ প্ৰথমৰে পৰা ৰূপকক ভাল লাগিছিল তাৰোপৰি সি সচিবালয়ত চাকৰি এটাও পালে,জীয়েকৰ ভৱিষ্যত জীৱন সুনিশ্চিত বুলি ভাবি ,একো আপত্তি নকৰাকৈয়ে বিয়াত মত দিছিল ।তেওঁলোকৰ যুগ্মজীৱনৰ চাৰিটা বছৰ পাৰ হোৱাৰ পিছত,তেওঁলোকৰ মৰম চেনেহৰ চানেকী আয়ুষ্মান পৃথিৱীলৈ আহিছিল এক জটিল পৰিস্থিতিৰ মাজেৰে ।মানসীৰ জৰায়ুৰ বিসংগতিৰ হেতুকে বহু কষ্ট কৰিহে ডাক্তৰে মাক পুতেক দুয়োৰে জীৱন ৰক্ষা কৰিছিল। ৰূপকক ডাক্তৰে কৈছিল…আপোনাৰ পত্নীক যাতে পুনৰবাৰ মাক হোৱাৰ আহ্বান নজনায়,তেনে কৰিলে জানিব তেখেতৰ জীৱন বিপদাপন্ন ….! ৰূপকেও অকাতৰে মানি লৈছিল সকলো কথা… ভৱিষ্যতে কেতিয়াও আৰু সন্তান নিবিচাৰোঁ বুলি ডাক্তৰক কথা দিলে ।ইফালে বিয়াৰ আঠ বছৰলৈকে সন্তানৰ মুখ নেদেখা ৰূপকৰ ভনীয়েকৰ ঘৰত কুৰুক্ষেত্ৰৰ আয়োজন…কাৰন সকলো ধৰনৰ পৰীক্ষা নিৰীক্ষা কৰাৰ পিছত গ’ম পালে যে…মানুহজন সক্ষম পুৰুষ…! মানুহজনীৰ হে সন্তান জন্ম দিব পৰা ক্ষমতা নাই, কথাষাৰ শাহুয়েকে গম পাই বোৱাৰীয়েকক নানা শাস্তি দি ঘৰৰ পৰা খেদাৰ ব্যৱস্থা কৰিবলৈ লাগিল, মানুহজনেও মাকৰ পক্ষকে ললে… ডাক্তৰে কোৱা মতে টেষ্ট টিউবত সন্তান জন্ম দিব পৰা হ’ব কিন্তু আৰ্থিক অৱস্থা উন্নত নোহোৱাৰ হেতুকে তেনে ব্যৱস্থা লবলৈ অপৰাগ…! শাহুৱেকে তলে তলে পুতেকলৈ ছোৱালী চোৱাৰ কাম আৰম্ভ কৰি দিলে… এদিন ভনীয়েক আহি ঘৰ পালেহি ,মাক ককায়েকৰ আগত দুখৰ কথা কৈ হিয়াধুনী কান্দিলেহি,ককায়েকক চিকিৎসাৰ বাবে বুজন পৰিমানৰ ধন বিচাৰিলে ,কিন্তু ককায়েক অসমৰ্থ ,সেই সাধাৰন চাকৰিটো কৰি ইমান টকা পইচাৰ কথা সপোনতো ভাবিব নোৱাঁৰে… জীয়েকৰ সংসাৰখন ভাগি যোৱাৰ ভয়ত ৰূপমৰ মাকে মনতে কুট বুদ্ধি এটা পাঙিলে… বোৱাৰীয়েকৰ কোষ ধাৰলৈ লৈ জীয়েকক সন্তান এটা দিয়াৰ কথা ভাবিলে আৰু জোঁয়াৱেকক মান্তি কৰাবলৈ জীয়েকক পৰামৰ্শ দিলে…।জীয়েকে মনত অকনমান হাঁহি পিন্ধি ঘৰলৈ বুলি ৰাওনা হ’ল আৰু এসপ্তাহৰ পিছত মানুজনকলৈ পুনৰ মাকৰ ঘৰলৈ আহিল ।গিৰিয়েক আৰু শাহুয়েকে তো প্ৰস্তাৱটো ভালেই পালে… কাৰন বিনাপইচাতে পুতেকৰ নিজৰ তেজৰে সন্তান এটি পাব…!! ৰাতি ভাতৰ টেবুলত সুবিধা বুজি মাকে ৰূপমক কথাটো ক’লে… সি কিন্তু চিধাই আপত্তি কৰিলে… মানসীৰ জৰায়ুৰ সমস্যাৰ কথাটো বুজাই ক’লে, মাকে নামানে… জোঁৱায়েক আৰু বোৱৰীয়েকৰ আঁৰ লৈ মাকে ৰূপমক কলে… “মাইকীজনী মৰি গ’লে অন্য এজনী পাবি ,ভনীয়েৰজনীৰ কিবা এটা হলে ক’ত বিচাৰি পাবি…??” ৰূপম খঙত একো নাই হৈ পৰিল… ভায়েক অথাৎ মানসীৰ দেওৰেকে ভাত আধাতে এৰি উঠি গ’ল, সি বৌয়েকক বহুত শ্ৰদ্ধা ও মৰম কৰে। বহুত তৰ্ক বিৰ্তকৰ অন্তত সিদিনা কথাটো আধৰুৱাকৈ ৰ’ল…, দিন ৰাতি চিন নোহোৱাকৈ মাকে ৰূপমক অশান্তি দিবলৈ ল’লে, লগতে মানসীকো মাক জীয়েকে ল’গ হৈ মানসিক অত্যাচাৰ কৰিবলে ল’লে।এদিন জোঁয়াৱেকৰ বুদ্ধিমতে মাকে ৰূপমক তাজ্য পুত্ৰ কৰাৰ সিদ্ধান্ত ল’লে… মানসীয়ে কথাটো হজম কৰিব নোঁৱাৰি মাকৰ প্ৰস্তাৱ মানি লবলৈ ৰূপমক খাটনি ধৰিলে… ৰূপমে ক’লে… মই তাজ্যপুত্ৰই হ’ম কোনো আপত্তি নাই কিন্তু জানি শুনি মই তোমাক বিপদলৈ ঠেলি দিব নোঁৱাৰো। মানসীয়ে ক’লে… মোৰ কথা ভাবি তুমি ঘৰখনৰ পৰা বঞ্চিত হোৱাটো মই সহ্য কৰিব নোঁৱাৰিম…! মা’ৰ প্ৰস্তাৱ মানি লোৱা… তেনেকৈয়ে হৈয়া পৈয়াৰ মাজেৰে আয়ুস্মান তিনিমাহত ভৰি দিলে,ঘৰখনত মানুহ থকাৰ পৰিবেশ নাইকিয়া হৈ গৈছে, অফিছটো তাৰ মন নবহা হৈছে,ঘৰলৈ আহিবলৈ মন নোযোৱা অবস্থা হৈছে ,মানসী শুকাই ক্ষীণাই গৈছে ,জীয়েক জোঁয়াৱেকৰ লগত মাক একগোট হৈ মানসীক কৰা অত্যাচাৰ চৰম সীমা পাইছেগৈ… এবছৰৰ আগতে মানসীৰ দেউতাক ঢুকালে,তাই অকলশৰীয়া ভায়েকটোক মাত এষাৰ দিবলৈ যাব নোৱাৰিলে নিজৰ অসুবিধাৰ কাৰনে,সেয়ে বায়েক আৰু ভাগিনীয়েকক চোৱাৰ হেঁপাহত ভায়েক আহিছিল তাইৰ ওচৰলৈ ,সি বায়েকৰ মুখখন দেখি কিবা এটা সন্দেহৰ গোন্ধ পাইছিল,বহুত সুধিলে যদিও তাক একো নকলে…! ঘৰৰ মানুহৰ পৰা ভায়েকে ভাল ব্যৱহাৰ নাপালে এৰাতি থাকি গ’লগৈ, মানসীয়ে কোনেও নেদেখাকৈ বহুত কান্দিলে…! মানসীৰ ওপৰত অত্যাচাৰ উৎপিড়ন চৰম সীমা চুলেগৈ,মৰি মৰি জীয়াই থকাতকৈ একেবাৰেই মৰো বুলি তাই ভাবিলে…,লগতে ঘৰখনৰ শান্তি হোৱাটো বিচাৰিলে…! সেয়ে ডাক্তৰ ওচৰলৈ গৈ শাহুয়েকৰ প্ৰস্তাৱত দায়বদ্ধ হৈ নিজৰ কোষ আগবঢ়াই দিলে, ঘৰখননৈ এটি আনন্দৰ বন্যা বিয়পি আহিলে। পলকতে দহ মাহ পাৰ হৈ গ’ল আৰু নিদিষ্ট দিনটো আহি উপস্থিত হ’ল…! তাইক হস্পিতেললৈ নিয়াৰ ব্যৱস্থা চলাৰ সময়তে মনে মনে ৰূমত গৈ ভায়েকলৈ ফোন এটা কৰি আহিলে,মনতে ভাবিলে… এইয়াই হয়তো ভাইটিৰ লগত শেষ কথা… ! সিদিনা মানসীৰ মাতটো ভায়েকে বৰ দুৰ্বল যেন অনুভৱ কৰিছিল,সেয়ে তোৰ কি হৈছে বুলি বাৰে বাৰে সুধিছিল …!তাই একো হোৱা নাই বুলি কৈ ফোন কাটি দিছিল …! সি উভতাই বহুত বাৰ ফোন লগালে কিন্তু একো সঁহাৰি নাপালে…!! তেনেকৈয়ে ৰাতিটো উজাগৰে পাৰ কৰি পুৱাতে সি আহি বায়েকৰ ঘৰ পালেহি… “ঘৰৰ তলা বন্ধ…!, মানুহবোৰ কলৈ গ’ল,কি হৈছে…?” সি ভিনিয়েকলৈবহুতবাৰ ফোন কৰিলে….ৰিছিভ্ নকৰিলে…! এইবাৰ বায়েকৰ দেওৰেকলৈ ফোন কৰিলে…। হেল্ল… তোমালোকৰ ঘৰত তলা বন্ধ যে…, তোমালোক ক’ত গৈছা নো…?বা-ভিনদেউ ক’ত…?? “আমি চিভিল হস্পিতেলত তুমিও ইয়ালৈকে আঁহা” সি গৈ হস্পিতেল পালেগৈ… তেতিয়ালৈ বায়েকৰ হৃদয়ৰ স্পন্দন বন্ধ হ’ল…! এটি সদ্যজাত কেচুৱাৰ ক্ৰন্দন ভাঁহি আহিল..! বৌয়েকক অকৃত্ৰিম মৰম আৰু শ্ৰদ্ধা কৰা দেওৰেকে আদ্যোপান্ত বিৱৰি কলে আৰু শোকত ভাগি পৰি চিঞৰি চিঞৰি কান্দিলে…! ৰূপকে আয়ুষ্মানক বুকুত সাৱতি লৈ থৰ লাগিল…!! ৰূপকৰ মাক, ভনীয়েক, ভনীজোঁৱাইয়েক আৰু জোঁৱাইয়েকৰ মাকে মানসীৰ মৃত্যুক গৌণ কৰি সদ্যজাত কেঁচুৱাটি আদৰিবলৈ উলহ্- মালহ্ কৰিছে … ফোনত কাৰোবালৈ খৱৰ দিছে… “ভগৱানৰ কৃপাত আজি নাতি এটি পালোঁ…” মানসীৰ ভায়েকৰ মুৰত সৰগখন ভাগি পৰা যেন হ’ল, তাৰ আকাশৰ মুধচৰূপী দেউতাকক হেৰুৱাৰ পিছত বায়েকেই তাৰ সৰ্বস্ব আছিল …! আজি সি অনাথ হৈ পৰিল…! বায়েকৰ প্ৰতি হোৱা তেনে অন্যায় সি সহ্য কৰিব নোঁৱাৰি ,থানালৈ গৈ এজেহাৰ দাখিল কৰিলে… পুলিচ আহি হস্পিতেল পালেহি … মানসীৰ দেওৰেকৰ ভাষ্যনুসৰি সকলোকে এৰেষ্ট কৰিলে… এটি সদ্যজাত আৰু এটি তেৰমহীয়া সন্তান পুলিচে ৰূপকৰ ভায়েকৰ হাতত চমজাই দিলে…।