জনতা ভৱনত   অনুষ্ঠিত কেবিনেট বৈঠকত  গ্ৰহণ কৰা হৈ  কেইবাটাও গুৰুত্বপূর্ণ সিদ্ধান্ত

PC-Twitter

জনতা ভৱনত  অনুষ্ঠিত কেবিনেট বৈঠকত  গ্ৰহণ কৰা হৈ  কেইবাটাও গুৰুত্বপূর্ণ সিদ্ধান্ত

ৰঙিলী বাৰ্ত্তাসেৱা –  মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত জনতা ভৱনত অনুষ্ঠিত কেবিনেট বৈঠক  খনত  গ্ৰহণ কৰা  হয়  কেইবাটাও গুৰুত্বপূর্ণ সিদ্ধান্ত । এই  সিদ্ধান্ত  সন্দৰ্ভত স্বাস্থ্যমন্ত্রী তথা ৰাজ্য চৰকাৰৰ মুখপাত্র কেশৱ মহন্তই এখন সংবাদ মেলত কয় যে কেবিনেটে যোগাযোগ ব্যৱস্থাৰ উন্নীতকৰণৰ লক্ষ্যৰে অসম দলং প্রকল্প-২ত অনুমোদন জনাইছে। সেই অনুসৰি ব্ৰহ্মপুত্ৰৰ ওপৰত এই প্ৰকল্পৰ অধীনত পলাশবাৰী আৰু শুৱালকুছি সংযোগী চাৰিলেনযুক্ত পিএছচি দলং নিৰ্মাণ কৰা হ’ব। ইয়াৰ আনুমানিক ব্যয় হ’ব ৩,১৯৭ কোটি টকা। ৪.০৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই দলঙৰ জৰিয়তে বৰঝাৰ বিমানবন্দৰ আৰু নামনি অসমৰ জিলাসমূহৰ মাজৰ দূৰত্ব ২৫ কিলোমিটাৰলৈ হ্ৰাস কৰাৰ লগতে বিমানবন্দৰৰ পৰা শুৱালকুছি আৰু আমিনগাঁৱলৈ যোগাযোগ সুচল হ’ব।  এই বৈঠকত প্রধানমন্ত্রী আৱাস যোজনা (নগৰ)ৰ হিতাধিকাৰীলৈ ৰাজ্যসাহায্য বৃদ্ধিৰ সিদ্ধান্ত গ্রহণ কৰে। সেইমৰ্মে পিএমএৱাইৰ অধীনত নির্মিত সকলো অসম্পূর্ণ গৃহৰ অতিৰিক্ত ব্যয়ৰ ক্ষেত্ৰত হিতাধিকাৰীসকলক পূৰ্বে প্ৰদান কৰা ৫০ হাজাৰ টকাৰ ৰাজসাহায্য ৬০ হাজাৰ টকালৈ বৃদ্ধি কৰা হৈছে। একেদৰে এই আঁচনিৰ অধীনত গৃহ নিৰ্মাণৰ বাবে প্ৰদান কৰা দুই লাখ টকাৰ ঠাইত অতিৰিক্তভাৱে ১০ হাজাৰ টকা অর্থাৎ ২.১০ লাখ টকা হিতাধিকাৰীক প্ৰদান কৰা হ’ব। গৃহ নিৰ্মাণ সমাগ্ৰীৰ মূল্যবৃদ্ধিৰ বাবে এই ধন প্ৰদান কৰা হ’ব হিতাধিকাৰীক। আনহাতে, হিতাধিকাৰীয়ে নিজে নিৰ্মাণ কৰা ঘৰৰ বাৰে আগতীয়াকৈ তৃতীয় কিস্তি হিচাপে ৩০ হাজাৰ টকা মুকলিত আজিৰ কেবিনেটে অনুমোদন জনায়।