জনতা আৰু চৰকাৰ – সত্যজিৎ গগৈ

PC - daily outlook
জনতা আৰু চৰকাৰ
সত্যজিৎ গগৈ, নাহৰকটীয়া
অসমৰ জনতাই প্ৰতি পাঁচ বছৰৰ অন্তৰে অন্তৰে আমাৰ ৰাজ্যখন পৰিচালনা কৰিবলৈ কিছুমান ব্যক্তিক নিৰ্বাচিত কৰে।সেই ব্যক্তি সকল আৰম্ভনিতে জিৰ’ ত থাকে যদিও নিৰ্বাচিত হোৱা এক দুই বছৰৰ ভিতৰতে কোটিপতি হৈ পৰে।গাড়ী-মটৰৰ পৰা,মাটি-বাৰী,চাহ বাগান,উদ্যোগ আদিৰ মালিক হৈ যায়।ইয়াৰ কাৰণ কি সকলোৱে বুজি পাইছেই নিশ্চয়।আমি সেই সকল ব্যক্তিক কিয় নিৰ্বাচিত কৰোঁ?কাৰণ আমি তেওঁলোকক বিশ্বাস কৰোঁ আৰু তেওঁলোকেও আমাৰ সুৰক্ষাৰ বাবে আমাৰ সকলো ধৰণৰ দুখ কষ্টৰ পৰা ৰক্ষা কৰিবৰ বাবেহে নিৰ্বাচিত কৰোঁ।কিন্তু নিৰ্বাচিত হোৱাৰ পিচৰে পৰা সেই ব্যক্তি সকলে সাধাৰণ জনতাৰ কথা চিন্তা কৰিবলৈ সময় নাথাকে।নিৰ্বাচনৰ পিচত আমিয়েই তেওঁলোকক আমাৰ সমস্যা সমূহ দেখুৱাই দিব লাগে।মৌখিক ভাৱে কলেও আমাৰ কথা নুশুনে।সেয়াও লিখিত ভাৱে দিব লাগে আৰু আমাৰ লিখিত অভাৱ অভিযোগ সমূহ কাৰ্যালয়ৰ এচুকত পৰি থাকে।আমাৰ ভুল এইখিনিতেই।আমি সহজ সৰল মানুহ হিচাপে তেওঁলোকে যি কয় তাকে মানি লওঁ।ভাৱো যে তেওঁলোকে অৰ্থাৎ চৰকাৰে আমাৰ অভাৱ অভিযোগ সমূহ নোহোৱা কৰিব।কিন্তু  প্ৰকৃতাৰ্থত সেয়া নহয়।বৰ্তমানৰ চৰকাৰখন অহাৰ পৰা আমাৰ নিৰাপত্তা নোহোৱা হ’ল।এন আৰ চি আনিলে।কা আনিলে।যাৰ বাবে অসমৰ সকলো ৰাইজ ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হ’ল।বহু সম্পত্তি নষ্ট হ’ল।এনকাউন্টাৰৰ নামত বহু নিৰীহ মানুহক হত্যা কৰা হ’ল।যিকোনো সময়তে মানুহৰ ঘৰবোৰ ভাঙি উচ্ছেদ কৰা হ’ল।বহু বিদ্যালয় বন্ধ কৰি দিয়া হ’ল।চৰকাৰে অনুষ্ঠিত কৰা সকলো ধৰণৰ পৰীক্ষাতেই বেমেজালি হ’বলৈ ধৰিলে।প্ৰশ্নকাকত ফাদিল হ’ল।শিল্পী-সাহিত্যিক আৰু শিক্ষক শিক্ষয়িত্ৰী সকলক ৰাজহুৱাকৈ অপমান কৰা হ’ল।গেছ ৰ পৰা আৰম্ভ কৰি সকলো ধৰণৰ খাদ্য সামগ্ৰীৰ দাম বৃদ্ধি কৰা হ’ল।গাড়ীৰ পৰা আদি কৰি বজাৰত উপলব্ধ প্ৰতিটো সামগ্ৰীৰেই মূল্য বৃদ্ধি কৰা হ’ল।মদৰ দোকান সমূহত ঘৰুৱা ভাৱে নিৰ্মিত পনীয় বিক্ৰী কৰিবলৈ সুবিধা দিয়া হ’ল।নিৱনুৱা সংস্থাপনৰ নামত ল’ৰা ধেমালি কৰা হ’ল।অপৰাধী সকলক ধৰাৰ নামত প্ৰহসন কৰা হ’ল।তদন্তৰ নামত ভেকোভাওনা দেখুওৱা হ’ল।আইন কিনি চৰকাৰী পক্ষই হিটলাৰী শাসন কৰিবলৈ ল’লে।চৰকাৰৰ বিপক্ষে মাত মাতিলেই জেইললৈ প্ৰেৰণ কৰা হ’ল।মুঠৰ ওপৰত আমি নিৰ্বাচিত কৰি পঠিওৱা নেতা সকলেই আমাৰ মূৰত মাধমাৰ সোধাইছে।নিজকে প্ৰশ্ন হ’য় যে আমি নেতা নিৰ্বাচিত কৰোঁতে ভুল হ’ল নেকি!নিশ্চয়,আমি নেতা নহয় প্ৰতিবছৰে দলক হে নিৰ্বাচিত কৰিছোঁ।যাৰ বাবে নিৰ্বাচনৰ পিছৰ পৰাই জীয়াতু ভূগিব লগা হৈছে।ইমানবোৰ হৈ যোৱাৰ পিচতো অসমৰ জনতাই ভাল নেতাৰ সলনি পুনৰ দলকহে নিৰ্বাচন কৰিব।এইটো স্পষ্ট কথা।কিয়নো আমাৰ অসমৰ জনগণ ১০০ টকা নাইবা এটুপি মদৰ বাবে বিক্ৰী যোৱা নাম মাত্ৰ জীৱহে।আমাৰ মৰমৰ নেতা সকলে ৰাইজৰ মূৰত এনেদৰে পোক সোমোৱাই দিছে যে সেই পোক কেতিয়াও কোনোকালে আৰু ওলাই আহিব নোৱাৰে।যিটো কাৰণতেই প্ৰতি বছৰে সাধাৰণ জনতাই দুৰ্ভোগ ভূগিব লাগিব।ই চিৰসত্য।