জনতাৰ হিয়াৰ আমঠু গণশিল্পী বিষ্ণুপ্ৰসাদ ৰাভা – প্ৰাণ প্ৰতিমা বড়া

জনতাৰ হিয়াৰ আমঠু গণশিল্পী বিষ্ণুপ্ৰসাদ ৰাভা
প্ৰাণ প্ৰতিমা বড়া
গুৱাহাটী
বিশ্বপ্ৰেমিক বিষ্ণুপ্ৰসাদ ৰাভাদেৱ আছিল জনতাৰ হিয়াৰ আমঠু ৷এইজনা গণশিল্পীৰ জন্ম হৈছিল ১৯০৯ চনৰ ৩১ জানুৱাৰী ঢাকাত৷ তেখেতৰ দেউতাকৰ নাম আছিল গোপাল চন্দ্ৰ ৰাভা আৰু মাতৃৰ নাম আছিল গেথীবালা ৰাভা। ৰাভাদেৱৰ দেউতাক ঢাকাত সামৰিক বাহিনীত সৈনিক হিচাপে কাম কৰিছিল। ৰাভাদেৱে ঢাকাৰ মিলিটাৰী প্ৰাইমেৰী স্কুলত শিক্ষা জীৱন আৰম্ভ কৰিছিল। ১৯২৬ চনত তেখেতে প্ৰবেশিকা পৰীক্ষাত দৰং জিলাৰ ভিতৰতে প্ৰথম স্থান অধিকাৰ কৰিছিল। তাৰপাছত তেখেতে কলিকতাৰ ছেন্ট পল কলেজৰপৰা প্ৰথম বিভাগত আই এছ চি পৰীক্ষাতো উত্তীৰ্ণ হয় ৷ তাৰপাছত ৰাভাদেৱে পদাৰ্থ বিজ্ঞানত অনাৰ্চ লৈ বি এ চি (BSC) ত নামভৰ্ত্তি কৰে ৷ পঢ়ি থকা অৱস্থাতে ১৯৩০ চনত দেশজুৰি আইন অমান্য আন্দোলনত যোগদান কৰে। ৰাভাদেৱ ৰিপন কলেজৰ সাধাৰণ সম্পাদকৰ পদত থাকোঁতে পুলিচৰ ৰোষত পৰে ৷
 বিষ্ণুৰাভা কেৱল শিক্ষাৰ ক্ষেত্ৰতেই আগৰণুৱা আছিল তেনে নহয় তেওঁ এগৰাকী সুগায়িকো আছিল লগতে তেওঁ  বাদ্যবাদনতো নিপুণ পাৰদৰ্শিতা দেখুৱাইছিল৷   ১৯৪০ চনত কাশী হিন্দু বিশ্ববিদ্যালয়ত নটৰাজ নৃত্য প্ৰদৰ্শন কৰিছিল । বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° সৰ্বপল্লী ৰাধাকৃষ্ণৰপৰা ৰাভাদেৱে ভাৰতৰ শ্ৰেষ্ঠ কলাবীদ আৰু “কলাগুৰু“ উপাধি লাভ কৰিছিল ।
 বিষ্ণুৰাভা আছিল সম্প্ৰীতিৰ এনাজৰী সদৃশ । অসমীয়া সমাজত বিভিন্ন সম্প্ৰদায়ৰ মাজত সোমাই প্ৰেম-প্ৰীতিৰ দোলেৰে বান্ধ খাই তেওঁলোকৰ মাজৰ পৰা বুটলি আনিছিল সাহিত্য-সংস্কৃতিৰ মৌকোঁহ৷ তেওঁৰ মনত সোমাই থকা বিপ্লৱী ভাৱবোৰ তেওঁৰ সৃষ্টি কৰা গীত,কবিতা,নাটক লিখি সকলোৰে মনত সুমুৱাই দিবলৈ যত্ন কৰিছিল। বিষ্ণুৰাভাই সকলো জনগোষ্ঠীৰ সংস্কৃতিৰ পথাৰখনৰ পৰা মৌ সংগ্ৰহ কৰি অসমীয়া সংস্কৃতিৰ মৌচাক গঢ়ি তোলাৰ প্ৰয়াস কৰিছিল। ৰাভাৰ মতে অসমৰ প্ৰতিটো জনগোষ্ঠীৰে ভাষা,ধৰ্ম আৰু পৰম্পৰা বেলেগ বেলেগ হ’লেও অসমৰ প্ৰতিটো জনগোষ্ঠীৰ পৰিচয় হোৱা উচিত অসমীয়া।
ৰাভাদেৱে  ‘অসমীয়া কৃষ্টিৰ চমু আভাষ’ নামৰ লেখাটোত লিখিছে —
“ অসমীয়া জাতি আজি নিৰ্যাতিত- নিস্পেষিত দুখীয়া,গাঁৱলীয়া কৃষক-ৰণুৱা অসমীয়াইহে জীয়াই ৰাখিছে আৰু তেওঁলোকৰ হাততেই সুৰক্ষিত হৈছে অসমীয়া কৃষ্টি,সংস্কৃতি আৰু সভ্যতা ৷’’
“ আমি সকলো অসমীয়া ৷তোৰ পৰিচয় অসমীয়া বুলিহে লুইতৰ পাৰৰ মানুহে জানে। বামুন,আহোম,কোঁচ,কলিতা,কায়স্থ,দেউৰী,চুটিয়া,মৰাণ,ডিমাছা,বড়ো ,সোণোৱাল,বৰাহী,লালুং,মিকিৰ,খ্ৰীষ্টান বুলি নহয়৷’’
বিষ্ণুৰাভাই ৰ’দে- বৰষুণে,পাহাৰে-ভৈয়ামে,গাঁৱে-ভূঞে ঘূৰি ফুৰিছিল ভাষা সংস্কৃতিৰ পূজাৰীহৈ।  বিভিন্ন জাতিৰ মাজত সমন্বয়ৰ সেঁতু বান্ধি তেওঁ নিজৰ বাবে লভিছিল জনতাৰ মৰম আৰু আশীৰ্বাদ আৰু সান্নিধ্যৰ সুবাস৷ সকলো ভাষা-ভাষীৰ লোকৰ মাজত সোমাই হাঁহি বিলাব পাৰিছিল অসমীয়াৰ কৃষ্টি সভ্যতাৰ প্ৰসাদ। তেওঁ অসমখনিক সোণৰ অসম গঢ়ি তুলিবলৈ সকলোফালৰপৰাই চেষ্টা কৰিছিল।
এইজনা মহান শিল্পী ১৯৬৮ চনত কৰ্কট ৰোগত আক্ৰান্ত হৈছিল ৷তেওঁ ৰোগক্ৰান্ত অৱস্থাতো ছবি আঁকি ,গীত লিখিছিল। মৃত্যুৰ আগে আগে তেওঁ লিখিছিল——
 “এয়ে মোৰ শেষ গান
 মোৰ জীৱন নাটৰ শেষ ৰাগিণী
কল্যাণ খৰমান
পাতনিতে ক’লোঁ ধেমালি নান্দী
ভংগী সূত্ৰধাৰ৷’’
এইজনা মহান গনশিল্পীয়ে ১৯৬৯ চনৰ ২০ জুনত জীৱন নাটৰ যৱনিকা পেলায়। অসমীয়া সমাজত আজিও এইজনা মহান শিল্পী উজ্জ্বল মুকুতাহৈ জিলিকি আছে ৷