জনজাতিকৰণৰ দাবীত শিৱসাগৰ-ডিব্ৰুগড়-সোণাৰিত টাই আহোমৰ বিশাল জোঁৰ সমদল

জনজাতিকৰণৰ দাবীত শিৱসাগৰ-ডিব্ৰুগড়-সোণাৰিত টাই আহোমৰ বিশাল জোঁৰ সমদল

ৰঙিলী বাৰ্ত্তাসেৱা-  জানজাতিকৰণৰ আৰু স্বায়ত্ত শাসনৰ দাবীত ডিব্ৰুগড়, শিৱসাগৰ আৰু চৰাইদেউত বিশাল জোঁৰ সমদল কৰে টাই আহোম জনগোষ্ঠীয় লোকে।  টাই আহোম যুৱ পৰিষদ, অসম চমুকৈ ‘টাইপা’ৰ কেন্দ্ৰীয় সমিতিৰ আহ্বানত শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত আৰু ‘টাইপা’ৰ ভগ্নী সংগঠন টাই আহোম মহিলা পৰিষদৰ সহযোগত ঐতিহাসিক ৰংঘৰ বাকৰিৰ পৰা শিৱসাগৰ নগৰৰ দ’লমুখ চাৰিআলিলৈকে এক বিশাল জোঁৰ সমদল উলিওৱা হয়। টাইপা কেন্দ্রীয় সমিতিৰ সভাপতি দিগন্ত তামুলীৰ নেতৃত্বত প্রায় ৫ সহস্রাধিক টাই আহোমে এই জোঁৰ সমদল কাৰ্যসূচীত অংশগ্রহণ কৰি টাই আহোম জনগোষ্ঠীক জনজাতিকৰণ আৰু স্বায়ত্ত শাসন প্রদানৰ দাবীত ‘জাগিছে আহোম জাগিবই, জনজাতিকৰণ আমাক লাগিবই’, ‘ন’ এছ টি, ন’ ৰেষ্ট,’ ‘অসম চৰকাৰ হায় হায়’, ‘কেন্দ্ৰীয় চৰকাৰ মুৰ্দাবাদ’, ‘প্রধানমন্ত্রী মিছলীয়া’, ‘অসম চৰকাৰৰ কাম নাই’, ‘We Want Justice’ আদি শ্লোগানেৰে শিৱসাগৰৰ পৰিবেশ উত্তাল কৰি তোলে। জোঁৰ সমদল কাৰ্যসূচী উলিওৱাৰ পূৰ্বে ৰংঘৰৰ বাকৰিত অনুষ্ঠিত এক প্রতিবাদী সভাত বক্তব্য দি টাইপাৰ কেন্দ্রীয় সমিতিৰ সভাপতি দিগন্ত তামুলীয়ে কয় যে বিগত তিনি দশক ধৰি টাই আহোম জনগোষ্ঠীয়ে জনজাতিকৰণ প্ৰদানৰ দাবী জনাই অহাৰ পাছতো কোনো এখন চৰকাৰে এই দাবী পূৰণ নকৰি জনগোষ্ঠীটোক সাংবিধানিক প্রাপ্য অধিকাৰৰ পৰাবঞ্চিত কৰি আহিছে। টাইপাৰ সভাপতিগৰাকীয়ে কয়, ‘আমাৰ সংগ্ৰাম চৰকাৰৰ বিৰুদ্ধেনহয়, সংশ্লিষ্ট কোনো জাতি-জনগোষ্ঠীৰ বিৰুদ্ধেও নহয়, আমাৰ সংগ্ৰাম টাই আহোম জনগোষ্ঠীৰ ন্যায্যপ্ৰাপ্তিৰ সংগ্ৰাম আৰু আমাৰ লক্ষ্য অসমৰ খিলঞ্জীয়া ৰাইজৰ অস্তিত্ব সুৰক্ষিত কৰা। এইখন চাওলুং চুকাফাৰ দেশ, শংকৰ-মাধৱৰ দেশ। ইয়াত বসবাস কৰা গৰিয়া-মৰিয়া, আহোম, মৰাণ, মটক, চুতীয়া, চাহ জনগোষ্ঠী, আদিবাসী, কোচ ৰাজ বংশী, কলিতা, বামুণ, গোসাঁই, বড়ো, মিচিং, কাৰ্বি, কছাৰী, তিৱা, ৰাভা আদি অসমৰ সকলো জনগোষ্ঠীৰ সাংবিধানিক সুৰক্ষাৰ প্ৰশ্ন জড়িত হৈ আছে। দীর্ঘদিন ধৰি বাংলাদেশৰ পৰা হোৱা প্ৰব্ৰজনে অসমীয়া ৰাইজক সংখ্যালঘুত পৰিণত কৰিছে আৰু তাৰ পৰা পৰিত্ৰাণৰ উপায় হৈছে টাই আহোমকে ধৰি ছয় জনগোষ্ঠীক জনজাতিকৰণ। বিগত সময়ছোৱাত কংগ্ৰেছ চৰকাৰৰ দিনত বাংলাদেশৰ পৰা অহা অবাধ হাৰত পমুৱা মিএল মুছলমান লোকৰ অধিক প্ৰব্ৰজনে খিলঞ্জীয়াৰ অস্তিত্বৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে আৰু এই ধাৰা অব্যাহত ৰখাৰ স্বাৰ্থত কংগ্ৰেছে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ কোনো ব্যৱস্থা গ্রহণ নকৰিলে। কংগ্ৰেছৰ এই প্ৰতাৰণাৰ বাবেই ছয় জনগোষ্ঠীৰ ৰাইজে ২০১৪ চনৰ পৰা প্ৰতিটো নির্বাচনতেই কংগ্ৰেছ দলক প্রত্যাখ্যান কৰি আহিছে। মন্ত্ৰীগোটৰ চূড়ান্ত প্রতিবেদনখন অহা ২৫ নৱেম্বৰত অসম বিধানসভাত আলোচনা কৰা হ’ব বুলি অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে শেহতীয়াকৈ আনুষ্ঠানিকভাবে প্রকাশ কৰিছে। অহা ২৫ নৱেম্বৰলৈকে আমি অপেক্ষা কৰি আছোঁ আৰু অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত আমি এইক্ষেত্ৰত পূর্ণ আস্থা ৰাখিছোঁ। কিয়নো তেওঁৰ তৎপৰতাতে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰক্ৰিয়াটো ত্বৰান্বিত হৈ এই পর্যায় পাইছেহি। যদি ২৫ নৱেম্বৰত আমি আশা কৰা ধৰণে ফল লাভ নকৰোঁ অথবা ২০২৬ চনৰ অসম বিধানসভাৰ পূৰ্বেই টাই আহোমসকলে জনজাতিকৰণ লাভ নকৰে তেন্তে আমি কাৰ ওপৰত আস্থা ৰাখিম? কংগ্ৰেছে ইতিমধ্যে আমাক প্ৰতাৰণা কৰিছে। সেয়েহে এইক্ষেত্ৰত পুনৰ বিজেপিয়ে সেই পথকে অনুকৰণ কৰিলে টাইপাই আহোম জনগোষ্ঠীৰ ৰাইজক লগত লৈ বিকল্প ৰাজনীতিৰ চিন্তাৰ গত্যন্তৰ নাথাকিব। টাইপাৰ সভাপতিগৰাকীয়ে জনজাতিকৰণ নোপোৱা পর্যন্ত জনগোষ্ঠীটোবে বিভিন্ন গণতান্ত্রিক প্রতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি যাব বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে।