জনজাতিকৰণৰ দাবীত লখিমপুৰত আহোমৰ বিশাল জোঁৰ সমদল
ৰঙিলী বাৰ্ত্তাসেৱা- লখিমপুৰ নগৰৰ পৰা কেইবা হেজাৰ আহোমে জোঁৰ সমদল কৰি টাই আহোমৰ জনজাতিকৰণ আৰু স্বায়ত্ত শাসনৰ দাবীত লখিমপুৰ কঁপাই তোলে। সদৌ অসম টাই আহোম ছাত্ৰ সন্থা (আটাছু)ৰ উদ্যোগত আৰু একাধিক সংগঠনৰ সহযোগত লখিমপুৰ নগৰৰ ত্যাগক্ষেত্ৰত সমৱেত হৈ পাঁচ সহস্রাধিক আহোমে নগৰৰ মাজেৰে টাই আহোমক জনজাতিকৰণ আৰু স্বায়ত্ত শাসনৰ দাবীৰে জোঁৰ সমদল কৰি উত্তাল পৰিৱেশৰ সৃষ্টি কৰে। ‘টাই আহোমসহ ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰক, স্বায়ত্ত শাসন প্রদান কৰক, ন’ এছ টি-ন’ ৰেষ্ট, আহোমক প্ৰতাৰণা কৰা সহ্য কৰা নহ’ব’ আদি শ্লোগান দি লখিমপুৰ কঁপাই তোলে। জোঁৰ সমদলৰ প্ৰাক্ মুহূৰ্তত আটাছুৰ উপ-সভাপতি মনোজ গগৈয়ে সংবাদ মাধ্যমৰ আগত কয়, টাই আহোমসকল জন্মগতভাৱেই জনজাতি। ভাৰতবৰ্ষৰ বিভিন্ন স্থানত টাইমূলীয় কেইবাটাও ঠালে জনজাতিৰ মর্যাদা লাভ কৰিছে। সেই সূত্রে আমিও জনজাতি। তেওঁ আৰু কয়, ২০১৯ চনৰ ৫ জানুৱাৰীত ভাৰতৰ যিমানবিলাক সংস্থা আছে সেই সকলো সংস্থাই কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা দপ্তৰত অসমৰ ছয় জনগোষ্ঠীৰ যি বৈশিষ্ট্য আছে তাৰ ওপৰত ভিত্তি কৰি জনজাতিৰ মৰ্যাদা দিব পাৰি বুলি উল্লেখ কৰিছিল। তাৰ পিছত ২০১৯-চনৰ ৯ জানুৱাৰীত ৰাজ্যসভাত বিল উত্থাপন হ’ল। তাৰ পিছতো কিন্তু আমাক লৈ প্ৰতাৰণা কৰা হ’ল। ভেঙুচালি কৰা হ’ল। প্ৰৱঞ্চনা কৰা হ’ল। তেওঁ আৰু কয়, অহা ২৫ নৱেম্বৰত অসম বিধানসভাত যিখন প্রতিবেদন উত্থাপন হ’ব সেইখন আমাৰ স্বাৰ্থত হ’ব লাগিব। ছয় জনগোষ্ঠীৰ স্বাৰ্থত হ’ব লাগিব। যদি তাৰ হীন-ডেঢ়ি হয় তেন্তে তাৰ পিছত অসমত যি পৰিস্থিতিৰ সৃষ্টি হ’ব তাৰ বাবে ৰাজ্য চৰকাৰেই জগৰীয়া হ’ব। প্রয়োজনত আমি চামধৰা গড়ৰ পৰা শদিয়ালৈ আহোমৰ সুকীয়া ৰাজ্যৰ কথা চিন্তা কৰিবলৈ বাধ্য হ’ম। লখিমপুৰৰ পৰা আমি আজি চৰকাৰক এই কথা জনাই দিছোঁ। আমাৰ মুখ্যমন্ত্ৰীৰ ওপৰত আস্থা আছে। আমি ভাল খবৰ পাম বুলি আশা কৰিছোঁ। মনোজ গগৈয়ে চৰকাৰক স্পষ্ট ৰূপে কয়, ৰাজ্যসভাত যিখন বিল উত্থাপন হ’ল আমাক তাৰ পাছৰখিনিহে লাগে। ৰাষ্ট্ৰপতিৰ স্বাক্ষৰসহ গেজেট ন’টিফিকেচন আমাক লাগে। নতুনকৈ আমাৰ বৈশিষ্ট্য আছে নে নাই তাক বিবেচনা কৰিব, নতুনকৈ কথাবিলাক আৰম্ভ কৰিব তেনে প্রক্রিয়া যি আৰম্ভ হয় সেয়া আমি মানি নলওঁ। এই কথা আমি আজি লখিমপুৰৰ পৰা মুখ্যমন্ত্ৰীক স্পষ্ট ৰূপে জনাই দিছে এই কাৰ্যসূচীত আটাছুৰ কেন্দ্ৰীয় সভাপতি বসন্ত গগৈ, যুটীয়া সম্পাদক অচ্যুত বৰগোহাঁই, মুখ্য উপদেষ্টা দুলাল বৰুৱা, যুটীয়া সম্পাদক দিগন্ত চাংমাই, উপ-সভাপতি মনোজ গগৈ, টাই সাহিত্য সভাৰ তেলীৰাম দুৱৰা, নিৰ গগৈ, পয় ফুৰালুঙৰ আদিত্য ফুকন, টাইপাৰ প্ৰাঞ্জল হিলটন কোঁৱৰ, কৈলাস গগৈ, লক্ষ কোঁৱৰ, আহোম জাতী মহাসভাৰ দিপুল তামুলী ফুকনকে ধৰি কেইবাটাও সংগঠনৰ ভালেকেইজন বিষয়ববীয়াসহ পাঁচ সহস্রাধিক আহোমৰ লোকে অংশগ্ৰহণ কৰে।
