জটিয়াত সামান্য অপৰাধতে  কিশোৰক অমানুষিক অত্যাচাৰ

জটিয়াত সামান্য অপৰাধতে  কিশোৰক অমানুষিক অত্যাচাৰ

ৰঙিলী বাৰ্ত্তাসেৱা– গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হৈছে এক মৰেল পুলিচিঙৰ ঘটনা। সামান্য অপৰাধৰ বাবেই এজন কিশোৰক দোকানৰ সন্মুখত খুঁটাত বান্ধি বেয়াকৈ প্ৰহাৰ কৰিছে।গুৱাহাটী মহানগৰীৰ জটিয়াত সংঘটিত হৈছে এই ঘটনা। জানিব পৰা মতে এটি কিশোৰে এখন দোকানৰ পৰা গাখীৰৰ পেকেট এটা চোৰ কৰিবলৈ লওঁতেই ধৰা পৰে। তাৰ পাছতে কিশোৰটোক এই অপৰাধৰ বাবে প্ৰহাৰ কৰে। তাতেই শান্ত নাথাকি এটা খুঁটাত বান্ধি কিশোৰটোক একাংশ লোকে প্ৰহাৰ কৰাৰ লগতে বাইকৰ চাবি হাতৰ মুঠিত লৈ মৰা ঘোচাত কিশোৰটোৱে চকুৰ কাষতে বেয়াকৈ আঘাত পায়।নোমতে কিশোৰটোৰ চকু ৰক্ষা পৰে যদিও চকুৰ ঠিক কাষৰ পৰা তেজ ওলায়েই আছে। ঘটনাক লৈ সমগ্ৰ অঞ্চলটোত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে। অৱশেষত একাংশ লোকৰ তৎপৰতাত উদ্ধাৰ কৰা হয় কিশোৰটিক। খবৰ দিয়া হ’ল স্থানীয় ভগদত্তপুৰ আৰক্ষীক। ভগদত্তপুৰ আৰক্ষী উপস্থিত হৈ সংকটজনক অৱস্থাত উদ্ধাৰ কৰে কিশোৰটিক। তেজেৰে লুটুৰি-পুটুৰি কিশোৰটিক ভৰ্তি কৰোৱা হয় হাস্পতালত। এতিয়া নাৰকীয় ঘটনা সংঘটিত কৰা লোককেইজনৰ বিৰুদ্ধে আৰক্ষীয়ে কি ব্যৱস্থা লয় সেয়া পৰৱৰ্তী সময়ত পৰিলক্ষিত হ’ব। কিশোৰটিয়ে চুৰ কৰিছে, সেয়া ভুল। তাৰ শাস্তি কিশোৰটিয়ে পাব লাগে। কিন্তু কিশোৰটিৰ লগত যি অমানৱীয় ঘটনা ঘটিল সেয়া কোনো কাৰণতে গ্ৰহণযোগ্য নহয়।