জছ বাটলাৰক ইংলেণ্ডৰ বগা বলৰ অধিনায়ক হিচাপে মনোনীত 

Pc NDTV Sports

জছ বাটলাৰক ইংলেণ্ডৰ বগা বলৰ অধিনায়ক হিচাপে মনোনীত 

ৰঙিলী বাৰ্ত্তাসেৱা-   ইয়ন মৰ্গানে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ  পিছত উইকেটকিপাৰ-বেটাৰ জছ বাটলাৰক ইংলেণ্ডৰ বগা বলৰ অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে। বাটলাৰ এক দশকৰো অধিক সময় ধৰি ইংলেণ্ডৰ বগা বলৰ দলৰ অংশ হৈ আছে। তেওঁ ২০১১ চনত প্ৰথম টি-২০ খেলিছিল আৰু এবছৰ পিছত এদিনীয়া খেলত আত্মপ্ৰকাশ কৰিছিল। বাটলাৰে কয়, “ইয়নৰ পৰা দায়িত্ব গ্ৰহণ কৰাটো এটা ডাঙৰ সন্মানৰ বিষয়।”