জগন্নাথৰ সমন্ধয় সংস্কৃতি
ওড়িশাৰ সাংস্কৃতিক চেতনা প্ৰবাহত শ্ৰী জগন্নাথ ভাৱনা এক গভীৰ ৰহস্যময় স্ৰোত। শ্ৰী জগন্নাথ আদিতত্ত্ব সম্পৰ্কত নিৰ্ভৰযোগ্য সিদ্ধান্ত এই পৰ্যন্ত প্ৰতিষ্ঠিত হোৱা নাই। পাহাৰৰ নিজৰাৰ দৰে অনিৰ্দিষ্ট আৰু ৰহস্যময় ইয়াৰ প্ৰাথমিক ইতিহাস । কিন্তু প্ৰবাহমান সময়ৰ নানা পাৰ্শ্ব পৰিবৰ্তন লক্ষ্য কৰিলে শ্ৰী জগন্নাথৰ যি সামগ্ৰীক ৰূপ প্ৰতিভাত হৈ উঠিছে সেইয়া অনন্য আৰু অসাধাৰণ। পৃথিৱীৰ যিকোনো আধ্যাত্মিক সত্বাৰ লগত লগত জগন্নাথৰ তুলনা বা বৈশিষ্ট অতুলনীয়। ইয়াৰ কাৰণ জগন্নাথৰ ভাৱনা এক স্থান,এক কাল,এক পাত্ৰ সীমিত ধৰ্ম ধাৰণা নহয়।ই এক স্বয়ংসম্পুৰ্ণ বিশ্ব চেতনা। চিৰন্তন সমন্ধয় প্ৰতীক ভাৱেৰে প্ৰতিষ্ঠিত। এই ক্ষেত্ৰত সৃষ্টি,স্থিতি,প্ৰলয়ৰ কেন্দ্ৰ বিন্দু। পৃথিৱীৰ সমষ্ট তীৰ্থ পুৰুষোত্তম ক্ষেত্ৰত একীভূত।গঙ্গা আৰু বাৰাণসীৰ জল-স্থলত ৰৈছে মুক্তিৰ ঠিকনা। কিন্তু শ্ৰী পুৰুষোত্তম ক্ষেত্ৰৰ জল-স্থলত তথা অন্তৰীক্ষত নিহিত হৈছে মুক্তিৰ চৰম স্বাক্ষৰ। শ্ৰীক্ষেত্ৰৰ অবিসম্বাদী নায়ক জগন্নাথ তেওঁ নিজেই নানা প্ৰতাপধৰ্মী ভাৱধাৰাৰ। দৰ্শন আৰু আচাৰ – বিচাৰৰ সমন্বিত দেৱ ৰূপ স্কন্ধ পুৰাণত ব্ৰহ্মাই কৈছে—–
” সৰ্বৰূপোময় হ্বেষ সৰ্মমন্ত্ৰময় প্ৰভূঃ।
আৰধ্যতে যথা যেন তথা তস্য ফলপদঃ।।”
ইয়াৰ অৰ্থ ভগৱান জগন্নাথ সৰ্বৰূপময় আৰু সৰ্মমন্ত্ৰময়। ভক্তই যি ৰূপে তেওঁক আৰাধনা কৰে তেওঁ সেই ৰূপতেই ভক্তজনক দেখা দিয়ে আৰু যি মন্ত্ৰেৰে আৰাধনা কৰা হয় তাৰ অনুৰূপ ফল প্ৰদান কৰে। জগন্নাথৰ বসুধা ৰূপ প্ৰাচীন ধৰ্মগ্ৰন্থসমূহত পৰিষ্ফুট হৈ আছে। অৱশ্যে মূল ৰামায়ণ আৰু মহাভাৰতত জগন্নাথ সম্পৰ্কে কোনো বৰ্ণনা উল্লেখ নাই। কিন্তু ব্ৰহ্মপুৰাণ আৰু স্কন্ধ পুৰাণত বিক্ষিপ্ত ভাবে জগন্নাথ সমন্ধীয় কিছু কিছু আভাষ আছে। এখন পুৰাণৰ বিষয়বস্তুৰ লগত আন এখন পুৰাণৰ বিষয়বস্তুৰ অবিকল মিল বা সাদৃশ্য নেথাকে।
প্ৰাচীনতম পুৰাণত যি আছে তাকেই আধাৰ কৰি কোনো কোনো শাস্ত্ৰবিদে প্ৰমাণ কৰিবলৈ চেষ্টা কৰিছে যে জগন্নাথ,বলোভদ্ৰ, সুভদ্ৰা হৈছে দ্বাপৰ যুগৰ কৃষ্ণ, বলৰাম, আৰু সুভদ্ৰা। আন কিছুমান মতে এই তিনি দেৱতা ব্ৰাহ্মণ ধৰ্মৰ ওঁ নাদৰ পৰা উদদ্ভূত। সেইসকল আকৌ ভাগৱত চিন্তাধাৰাত চৰ্তুবূহ। আন কিছুমানে কয় যে, জগন্নাথ আদিবাসী সকলৰ দাৰু দেৱতাৰ ৰূপান্তৰ মাত্ৰ। সময় অনুযায়ী জগন্নাথৰ সৃষ্টি, ইতিহাস অধিক বৈচিত্ৰময় হৈ উঠিছে। কিছু সংখ্যকে কয় জগন্নাথ, কৃষ্ণৰ অৱতাৰ বা দক্ষিণ কালিকা।
খ্ৰীষ্টপূৰ্ব দ্বাদশ শতাব্দীত শ্ৰীকৃষ্ণ-লীলাৰ প্ৰখ্যাত প্ৰচাৰক,” নিমৰ্বাক স্বামী” পুৰুষোত্তম ক্ষেত্ৰলৈ আহোঁতে তেওঁ কৃষ্ণ আৰু জগন্নাথৰ মাজত প্ৰভেদ দেখা পাইছিল।কবি জয়দেৱৰ গীত গোবিন্দ, জগন্নাথ মহাপ্ৰভূ শ্ৰীকৃষ্ণৰ প্ৰতিমূৰ্ত্তি হিচাপে চিত্ৰিত হৈছে। পৰৱৰ্তী সময়ত সাৰলা দাসে শ্ৰী জগন্নাথক পৰমব্ৰহ্ম অৰ্থাৎ কৃষ্ণকেই জগন্নাথ বুলি কৈছে। ওড়িশাৰ অন্যতম মহাকবি বলৰাম দাসে তেওঁৰ ‘ জগমোহন ৰামায়ণ ‘ত শ্ৰীৰামচন্দ্ৰ ক জগন্নাথৰ অৱতাৰ ৰূপে বৰ্ণনা কৰিছে।’ গুপ্ত – গীতা ‘ গ্ৰন্থত তেওঁ সুদৰ্শন, জগন্নাথ আদিত চতুবেদ ৰূপত দেখুৱাইছে।
” বলভদ্ৰ যে সাম হোই,
ঋক যে সুভদ্ৰা অটই।
যৰ্জুবেদ শ্ৰীজগন্নাথ,
অৰ্থব সুদৰ্শন পাৰ্থ।’
( বলভদ্ৰ সাম, সুভদ্ৰা ঋক, শ্ৰীজগন্নাথ যৰ্জু আৰু অথৰ্ব বেদ হৈছে হৈছে সুদৰ্শন) সাম্য মৈত্ৰীৰ দেৱতা জগন্নাথৰ অন্য এক বিভূতি হিন্দুধৰ্মৰ অন্যান্য সামন্তৰাল সংস্কৃতি আৰু ধৰ্ম অঙ্গ হৈছে আদিবাসী সংস্কৃতিৰ পৰা আৰম্ভ কৰি তন্ত্ৰ আৰু বৌদ্ধ ধৰ্ম পৰ্য্যন্ত।
জগন্নাথ মন্দিৰ প্ৰতিষ্ঠা,শবৰৰ নীলমাধৱ পূজা ইত্যাদিৰ বৰ্ণনা, আদিবাসী সংস্কৃতিৰ কোমলতাৰ অত্যন্ত পৰিষ্ফুট ৰূপ অনেক পণ্ডিতে জগন্নাথৰ নব-কলেৱৰ বিধানৰ অন্তৰালত আদিবাসী বিচাৰ – ধাৰাৰ পাঠোদ্ধাৰ কৰিছে। পণ্ডিত নীলকণ্ঠ দাসে,’কোইলি বৈকুণ্ঠ’কো এক আদিবাসী দ্ৰাবিড় সংস্কৃতিৰ মন্দিৰ বুলি প্ৰতিপাদন কৰিছে। জগন্নাথ ধৰ্ম আদিবাসী সংস্কাৰৰ সবাতোকৈ গুৰুত্বপূৰ্ণ অৱদান হৈছে মূৰ্ত্তিপূজা।বুদ্ধদেৱৰ পূৰ্বত মূৰ্ত্তিপূজা নাছিল। আদিবাসী আৰু দ্ৰাবিড় সকলৰ প্ৰতীক পূজা আছিল। উক্ত প্ৰতীক পূজাৰ পৰাই প্ৰতিমা পূজাৰ সৃষ্টি।
শ্ৰী জগন্নাথ আদি দেৱতাৰ প্ৰতীকাত্মক ৰূপ বৌদ্ধ যুগত স্পষ্ট হৈ পৰিছিল।ড০ হৰেকৃষ্ণ মহতাবে মত প্ৰকাশ কৰি কৈছে যে,ধৰ্মৰ প্ৰতীক ত্ৰিৰত্ন-বুদ্ধ,ধৰ্ম আৰু সঙ্ঘ যথাক্ৰমে শ্ৰীজগন্নাথ , বলভদ্ৰ আৰু সুভদ্ৰা। অষ্টম শতাব্দীৰ প্ৰথমাৰ্ধত উড়ীয়ানৰ ৰজা ইন্দ্ৰভূতিয়ে জগন্নাথক শূণ্যৰ প্ৰতীক ৰূপে বৰ্ণনা কৰি ‘আদিভূত’ হিচাপে বন্দনা কৰিছে। তেওঁৰ ‘জ্ঞান-সিদ্ধি’ গ্ৰন্থ উপক্ৰমণিকাত তেওঁ জগন্নাথক এনে ভাবৰে স্তুতি কৰিছে—–
– “পাণিপত্য জগন্নাথম্
সৰ্বদিনম বৰাচিত্তৰ্
সৰ্ব বুধময়ং সিন্ধি
ব্যাপিনং গগনোপমম্।’
উল্লেখযোগ্য যে ইয়াত জগন্নাথৰ “জীননাথ” ভূমিকাৰে জৈনধৰ্মক প্ৰভাব পৰিছে।কোৱা হয় যে,জীননাথৰ পৰা জগন্নাথ শব্দৰ উৎপত্তি হৈছে। আকৌ কোৱা হয় শ্ৰীমন্দিৰৰ “বাইশি পাহাচ” (২২ চিৰি) বেদি জৈন ধৰ্মৰ বাইশ জন তীৰ্থকৰঙ্কৰ প্ৰতীক।সেইদৰে ‘ কৈৱল্য ‘ শব্দটি জৈন দৰ্শনত গৃহীত বুলি পণ্ডিত নীলকণ্ঠই মতামত দাঙি ধৰিছে। তেওঁ পুনৰ দোহাৰিলে যে সমস্ত উপনিষদ আৰু বৈদিক দৰ্শন জৈন ধৰ্মৰ প্ৰভাৱৰ পৰা মুক্ত নহয়।
জগন্নাথৰ ৰথযাত্ৰা সম্ভৱতঃ এক জৈন পৰ্ব আহাৰ মাহৰ শুক্লা দ্বিতীয়া তিথি হৈছে, প্ৰথম তীৰ্থকংৰ ৰিষভনাথৰ গৰ্ভ কল্যাণ দিৱস। ই এক পৱিত্ৰ জৈন তিথি। ‘ওড়িশাৰ জৈনধৰ্ম ‘ গ্ৰন্থত উল্লেখ আছে যে উক্ত দিনাৰ পৰাই ৰিষভনাথৰ ৰথযাত্ৰাৰ বিধান আছে। ঐতিহাসিক কেদাৰনাথ মহাপাত্ৰদেৱেও জগন্নাথ সংস্কৃতিত জৈন ধৰ্মৰ বিভিন্ন স্বাক্ষৰৰ পাঠোদ্ধাৰ কৰিছে। গালমাধৱ আৰু ইন্দ্ৰদ্যুম্ন ৰজাৰ পুৰী নিৰ্মাণ বৃত্তান্তৰ অন্তৰালত খাৰবেলৰ ৰাজত্বৰ ইতিবৃত্ত অন্তৰ্নিহিত হৈ আছে। কিম্বদন্তি বৰ্ণিত নীলমাধৱ মূৰ্ত্তি প্ৰস্তৰখণ্ড খোদিত জৈন ত্ৰিৰত্ন মূৰ্তি বুলি তেওঁ প্ৰমাণ কৰিছে। বৌদ্ধ যুগৰ যিয়েই বুদ্ধ, জৈন যুগত সিয়েই জীননাথ। সেই জগন্নাথেই পুনৰ তন্ত্ৰযুগত ভৈৰব। তান্ত্ৰিক বিচাৰত জগন্নাথ ভৈৰৱ আৰু সুভদ্ৰা ভৈৱৰী। সতীৰ দেহ ত্যাগৰ পিছত শিৱই যেতিয়া সতীৰ পাৰ্থিৱ শৰীৰক কান্ধত তুলি লৈ ঘূৰি ফুৰিছিল,সেই সময়ত সতীৰ নাভি অংশ পুৰীৰ শ্ৰী ক্ষেত্ৰত খহি পৰিছিল। উক্ত কাৰণত পুৰীৰ অন্য এক নাম ” নাভিক্ষেত্ৰ”। যিহেতু সতীৰ দেহ – অৱশেষ পুৰীত পতিত হৈছিল,সেই হেতু পুৰী এক শক্তিপীঠও। কালিকা পুৰাণত ইয়াৰ ওপৰত সুন্দৰ নিদৰ্শন দিয়া হৈছে। জগন্নাথ ধৰ্মত তন্ত্ৰবাদৰ প্ৰভাৱ সম্পৰ্কে আৰু অনেক তথ্য আছে। কোৱা হয়,পুৰী মন্দিৰৰ মহাপ্ৰসাদ ভোগ এক তান্ত্ৰিক বিধান। কাৰণ ভৈৰৱী চক্ৰ ভিন্ন অন্য ক’তো মহাপ্ৰসাদ ভোগ নহয়।শ্ৰীমন্দিৰৰ দেৱতাগণে ভৈৱৱী চক্ৰৰ ওপৰত অৱস্থান কৰিছে। তান্ত্ৰিক সকলৰ আকৌ চক্ৰই প্ৰধান আৰু কোৱা হয় যে, জগন্নাথৰ পুজা মন্ত্ৰৰ আৰম্বৰে প্ৰযুক্তি ‘ক্লীম্’ এক তান্ত্ৰিক শব্দ। ওঁ ক্লীম্ কৃষ্ণায় গোবিন্দায় গোপীজন বল্লভায় স্বাহা। “
শ্ৰী জগন্নাথৰ অপূৰ্ণ,আপাত,নিৰ্বিকাৰ ৰূপটিৰ ভিতৰত প্ৰকৃততে নিৰ্হিত হৈ আছে সমগ্ৰ বিশ্বৰ শাশ্বত আত্মা। যেনেকৈ সন্ত তুলসী দাসে জগন্নাথৰ প্ৰতিমূৰ্ত্তিৰ ভিতৰত দেখা পাইছিল শ্ৰীৰামচন্দ্ৰৰ নয়নাভিৰাম ৰূপ।গণপত্য বাণভট্টই দেখিছিল শ্ৰী গণেশৰ ৰূপ, শ্ৰী চৈতন্যই দেখিছিল শ্ৰীকৃষ্ণ আৰু শাৰদা দেৱীক। দৰ্শন পাইছিল শঙ্কৰৰ বিভূতি স্নিগ্ধ জ্যোতি। অদ্বৈতবাদী শ্ৰীআদিশঙ্কৰ,দ্বৈতাত্বৈতবাদী নিম্বাৰ্ক, বিশিষ্ট দ্বৈতবাদী শ্ৰীৰামানুজ, দৈত্যবাদী মাধৱাচাৰ্য্য আৰু ভেদাভেদবাদী শ্ৰী ভাস্কৰ আদিয়ে শ্ৰীজগন্নাথক তেওঁলোকৰ ধৰ্মৰ অভিষ্ট দেৱতা ৰূপে গ্ৰহণ কৰিছে। তাৰ ভিতৰত আকৌ অঙ্গীভূত দশৱতাৰ নানাবিধ ৰূপ। ভাদ মাহৰ শুক্লা দ্বাদশীৰ দিনা তেওঁ পৰিগ্ৰহণ কৰে ‘বামণ’ অৱতাৰ।কাতি মাহৰ শুক্লা চতুৰ্দশী দিনা ‘নৰসিংহ’ ৰূপ আকৌ ভাদ মাহৰ কৃষ্ণ একাদশীত তেওঁ অৱতাৰ লয় ‘ কালীয়-দমন’ বেশত।
নানা ধৰ্ম,নানা বিশ্বাস আৰু সংস্কৃতিৰ এই যি অদ্বিতীয় দেৱতা, তেওঁৰ মহিমা চিন্তা কৰিলে শৰীৰ হঠাৎ ৰোমাঞ্চিত হৈ পৰে।প্ৰাণত সঞ্চাৰ হয় এক অনিৰ্বচনীয় স্পন্দন।সাম্য, মৈত্ৰীৰ এই শ্বাশত ৰূপ আৰু ক’তো সহজেই পোৱা নাযায়। জগন্নাথৰ উপাসনাত আছে জৈনৰ কৈৱল্য,শৈবৰ ৰূপ, ব্ৰাহ্মণৰ মন্ত্ৰপাঠ,শবৰৰ সমৰ্পন আৰু শাক্তৰ ব্ৰিহীবলি। সকলো ধৰ্ম,সকলো মতবাদৰ একীভূত ৰূপ এই জগন্নাথ ধৰ্ম। প্ৰকৃততে ঋকবেদৰ এই মহান শ্লোকটি তেওঁৰ কাঠৰ বিগ্ৰহৰ চাৰিওফালে উচ্চাৰিত হৈ আছে নিঃশব্দৰে।
‘ সং গচ্ছ ধ্বং সং বদ ধ্বং সং ৰো মনাংসি জানতাম্
সমানী ব আকৃতিঃ সমানা হৃদয়ানি বঃ
সমান মস্থ বো মনঃ যথা বং স্বসহাসতি।।’