জগতৰ সন্মুখত মূৰ্খৰ দৰে আচৰণে শ্ৰেষ্ঠ- চন্দ্ৰ শেখৰ পৰাজুলী

Pc Opera add-ons
জগতৰ সন্মুখত মূৰ্খৰ দৰে আচৰণে শ্ৰেষ্ঠ
            আমাৰ অতীততে এনে এখন পৰিবেশ আছিল যে জ্ঞানী মানুহবোৰক সমাজ এখনত উচ্চ স্থানত ৰখা হৈছিল। এই জ্ঞানৰ কোনো সীমা নিৰ্ধাৰণ নাছিল। অৰ্থাৎ শিক্ষা ক্ষেত্ৰৰ পৰা আদি কৰি নিজ নিজ দিশৰ কৰ্ম দক্ষতা থকা লোকসকলক এজন জ্ঞানী মানুহৰে শাৰীতে ৰখা হৈছিল। কিন্তু আজিকালি জ্ঞানী মানুহৰ সংজ্ঞা মোটামুটি সম্পূৰ্ণ ৰূপত সলনি হৈ গ’ল বুলি কলেওঁ ভুল নহয়। কাৰণ আজিকালি ব্যক্তিগত সম্পত্তিৰ তুলনাত মানুহ এজন জ্ঞানী নে মূৰ্খ তাৰ আকলন কৰা দেখিবলৈ পোৱা যায়। আমি এতিয়া সকলোৱে পৰিলক্ষিত কৰিবলৈ পাইছোঁ যে ,এজন মূৰ্খ মানুহ যদি অত্যাধিক ধন-সম্পত্তিৰ গৰাকী হয় তেন্তে তেওঁ সেইখন সমাজৰ জ্ঞানী মানুহবোৰতকৈ অত্যাধিক পূজনীয়ৰ পাৰ্ত হৈ পৰে। কিন্তু ইয়াতে প্ৰকৃত তাৎপৰ্যপূৰ্ণ কথা হ’ল নিজক জ্ঞানী বুলি ভবা জনেই হল আচল মূৰ্খ।
    ‌
মোৰ বৰ্তমান সময়লৈকে পোৱা জীৱন অভিজ্ঞতাৰ মতে, জগতৰ সন্মুখত মূৰ্খৰ দৰে আচৰণে শ্ৰেষ্ঠ। কাৰণ প্ৰকৃত  মূৰ্খ মানুহবোৰে নিজকে শ্ৰেষ্ঠ প্ৰদৰ্শন কৰিবলৈ ডুলে, শুদ্ধয়ে তৰ্ক কৰিবলৈ আৰম্ভ কৰি দয়ে। আৰু অন্তিমত এনেকৈয়ে এখন কাজিয়াৰ সৃষ্টি হয়। কাজিয়াত পৰিণত হ’লেই ইয়াৰ পৰিণতি বহু ভায়াবহ হ’ব পাৰে। গতিকে এজন জ্ঞানী মানুহৰ লক্ষণ হ’ল মূৰ্খৰ আগত তৰ্কত লিপ্ত নোহোৱা আৰু মূৰ্খ মানুহৰ লগত আলোচনাত বহাৰ পৰা নিজকে আঁতৰাই অনা ।
আচলতে আপুনি হয়তো বহুত কথা জানিব পৰে। ইয়াকে লৈ আপুনি মানুহৰ আগত প্ৰদৰ্শন কৰি থকাৰ কোনো প্ৰয়োজনে নাই। কাৰণ আপুনি নিশ্চিত থাকক এদিন আপোনাৰো সময় আহিব। সেই তেতিয়া উপযুক্ত সময়ত আপোনাৰ আন্তৰিক জ্ঞানৰ জৰিয়তে আপুনি নিজৰ শ্ৰেষ্ঠতা জগতৰ প্ৰদৰ্শিত হ’ব । আপুনি নিজৰ জ্ঞানৰ পৰিচয় নিজে জগতৰ আগত দাঙি ধৰিব নালাগে। পৰাপক্ষত আপুনি জগতৰ আগত সদায় এজন মূৰ্খৰ দৰে আচৰণ কৰক।লাগিলে সমাজৰ আগত নিজে নিজকে কওঁক মোৰ দৰে মূৰ্খ এই সংসাৰতে নাই। মানি‌’ললো ইয়াতে নিজৰ একো লাভ নহয়  কিন্তু তাতে নিজৰ একো ক্ষতি সাধনো নহয় নহয়নে?। আমি সদায় নিজকে শ্ৰেষ্ঠতা প্ৰদৰ্শনত উঠি পৰি লাগো। কিন্তু এই মোৰ মতে এই লক্ষণবোৰে ঠিক এক প্ৰকৃত মূৰ্খ মানুহৰ।
গতিকে অন্তিম এটা কথায়ে উল্লেখ কৰিব বিচাৰিছোঁ বৰ্তমান সময়ত আমি টকা প্ৰতি দিয়া অনাআবশ্যক মৰ্য্যদায়ে জ্ঞানৰ প্ৰকৃত তাৎপৰ্য আৰু জ্ঞানৰ পৰিসৰ সীমিত কৰি তুলিছে। অৰ্থাৎ জ্ঞানৰ ওজনৰ তুলনাত টকা ওজন বা টকাকা লৈ দিয়া মৰ্যদা দুগুণে বৃদ্ধি পাইছে। তথাপিও সদায় এটা কথা মনত ৰাখিব, আমাৰ হাতত নথকা টাকাওঁ আমি চুৰি কৰি হ’লেও একে ৰাতিয়েই লক্ষ্য লক্ষ্য টকা সংগ্ৰহ কৰিব পাৰিম। কিন্তু জ্ঞান প্ৰাপ্তিৰ বাবে বহ অধ্যয়ন,মনন, আৰু বহুত তপ কৰিব লগিয়া হয় ।আমাৰ হাতত থকা লক্ষ্য লক্ষ্য টকাৰ জৰিয়তে আমি হয়তো নানান বাহ্যিক মনোৰঞ্জন সা-সৰঞ্জাম ক্ৰয় কৰাটো সম্ভৱ। কিন্তু আন্তৰিক জ্ঞান সমূহ আমি টকাৰ জৰিয়তে ক্ৰয় কৰাটো কেতিয়াও সম্ভৱপৰ হৈ নুঠে।
                  চন্দ্ৰ শেখৰ পৰাজুলী
                    বিশ্বনাথ চাৰিআলি, অসম