জগতে সদায় জ্ঞান দিয়ে কিন্তু লগ কেতিয়াও নিদিয়ে
চন্দ্ৰ শেখৰ পৰাজুলী, বিশ্বনাথ চাৰিআলি
“एकल चरणं करोति मनुष्यो न सह चरिष्यति” এক প্ৰসিদ্ধ সংস্কৃত শ্লোকৰ মতে ” মানুহে কেৱল অকলেই আগুৱাই যাব পাৰে। আৰু “মানুহে একলগ হৈ কেতিয়াও আগুৱাই যাব নোৱাৰে “। অৰ্থাৎ ওপৰত উল্লেখ কৰা সংস্কৃত শ্লোকৰ জৰিয়তে এইটোৱে বুজাবলৈ চেষ্টা কৰা হৈছে যে , মানুহে নিজৰ মাৰ্গ নিজে সুনিশ্চিত কৰি আগুৱাই যাব লাগিব। নিজৰ মাৰ্গত গতি কৰিবলৈ সহভাগি বিচাৰি থকাটো একেবাৰে অৰ্থহীন। তথাপিও আমি যেতিয়া অসহায় হৈ পৰো । ঠিক তেতিয়া আমি বহু মানুহে হয়তো মনে মনে ভাবোঁ যে,কোনোবাই আহি আমাক এই পৰি থকা বিপদৰ পৰা ওলাই লৈ যাব নেকি বুলি। কিন্তু আপুনি আপোনাৰ বিপদৰ দিনখিনি পাৰ কৰাৰ পিছত পিচলৈ লক্ষ্য কৰি চালে গম পাব যে,মানুহে আপোনাক হয়তো বহুতো উপায় প্ৰদান কৰিছে। তথাপিও জীৱনত অহা সমস্যাৰ সমাধান আপুনিয়ে উলিয়াব লগা হৈছে। অৰ্থাৎ মই কোৱা কথাৰ তাৎপৰ্য এইটোৱেই,”জগতে সদায় জ্ঞান দিয়ে কিন্তু লগ কেতিয়াও নিদিয়ে।” এতিয়া প্ৰকৃত কথাটো হল আমি প্ৰতিজন মানুহে এক সামাজিক জীৱ। আমি প্ৰত্যেকজন মানুহৰে মা,দেউতা, পত্নী, সা-সন্তান আদি নিশ্চয়কৈ থাকে। গতিকে আপোনালোকে হয়তো ভাবিব পাৰে যে,এই সকলোবোৰ সামাজিক দায়বদ্ধতাৰ মাজত আবদ্ধ হৈ আমি আকৌ কেনেকৈ অকলশৰীয়া ভাবে গতি কৰিব পাৰি। কিন্তু একান্ত মনে বহি গভীৰতাৰে চিন্তা কৰিলে আমি প্ৰতিজন মানুহে গম পাম যে, এই সকলোবোৰ থকাৰ বিপৰীতেও নিজস্বতাৰ এক সুকীয়া পৰিচয় আছে। গতিকে জগতৰ পৰা নিজ জীৱন পৰিচালনা কৰিবলৈ অন্যান্য মানুহৰ লগ পোৱাৰ আশাবোৰ ত্যাগ কৰি নিজে নিজৰ পথ সুনিশ্চিত কৰি যাব লাগিব। আৰু যদিও কিবা কাৰণ বসত জীৱনত আগবাঢ়ি যাবলৈ আপোনাৰ লগত কিছুমান মানুহ আহি লগ লাগি যায়। তথাপিও সেই লগৰবোৰ সন্তেকিয়া মাত্ৰ হয়। কাৰণ নিজৰ জীৱনৰ সমাপন সদায় নিজৰ জৰিয়তে হয়। তথাপিও বৰ্তমান সময়ত জগতে কেৱল জ্ঞান প্ৰদান কৰাহে বেছিকৈ দেখিবলৈ পোৱা যায়। কাৰণ আপোনাৰ লগ দিবলৈ গলে নিজ জীৱনৰ কাৰ্য্যবোৰ আধৰুৱা হৈ পৰাৰ সকলোৰে ভয় উজাগৰ হৈ থাকে আৰু ইয়াৰ ওপৰিও আমি একেলগে হৈ গতি কৰাটো এই নিয়তিৰ নিয়ম অনুসৰিও কেতিয়াও সম্ভৱপৰে নহয়।
