জগতসভাত স্বীকৃতিৰ প্ৰচেষ্টা আউনীআটী সত্ৰৰ বেতৰ বিচনীৰ ; মাহজোৰা কাৰ্যসূচীৰে শুভ উদ্বোধন বেতৰ বিচনী প্ৰস্তুত কৰ্মশালাৰ

জগতসভাত স্বীকৃতিৰ প্ৰচেষ্টা আউনীআটী সত্ৰৰ বেতৰ বিচনীৰ ; মাহজোৰা কাৰ্যসূচীৰে শুভ উদ্বোধন বেতৰ বিচনী প্ৰস্তুত কৰ্মশালাৰ

বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা-  মাজুলী আউনীআটী সত্ৰত প্ৰস্তুত হোৱা তিনিশ বছৰীয়া পৰম্পৰাৰ বাহক বেতৰ বিচনীৰ জগতসভাত স্থায়ী স্বীকৃতি আদায়ৰ প্ৰথম প্ৰচেষ্টা ৰূপে সোমবাৰৰ পৰা মাহজোৰা কাৰ্যসূচীৰে স্বেচ্ছাসেৱী সংগঠন” মাজুলীৰ সাহিত্য”ৰ উদ্যোগত তথা অইল ইণ্ডিয়া লিমিটেডৰ চি. এচ. আৰ প্ৰকল্প “অইল সংস্কৃতি”ৰ পৃষ্ঠপোষকতাত , আউনীআটী উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহযোগত বিদ্যালয়খনিত অসমীয়াৰ ঐতিহ্য- বাহক বেতৰ বিচনী প্ৰস্তুত কৰ্মশালাৰ শুভ উদ্বোধন কৰা হয়। বিয়লি আউনীআটী সত্ৰ ৰঙ্গমঞ্চত উদ্বোধনী সভাখন আউনীআটীয় ডেকা সত্ৰাধিকাৰৰ দেৱানন্দদেৱ গোস্বামীৰ – দ্বাৰা বন্তি প্ৰজ্বলন আৰু সত্ৰীয়া সংগীত প্ৰশিক্ষণ কেন্দ্ৰ , মাজুলীৰ শিল্পীসকলৰ গায়ন-বায়নেৰে আৰম্ভ হয় । মাজুলীৰ সাহিত্যৰ সভাপতি কমল দত্তই আঁতধৰা সভাখনি উদ্বোধন কৰে আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড০ পীতাম্বৰদেৱ গোস্বামীয়ে আৰু সভাখনি সঞ্চালনা কৰে মাজুলীৰ সাহিত্যৰ মুখ্য উপদেষ্টা দিলীপ কুমাৰ ফুকনে। কমল দত্তৰ সম্পাদনাৰ ফটো সম্বলিত এখনি পুস্তিকা ” বেতৰবিচনী” উন্মোচন কৰে মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ দেৱজিৎ শইকীয়াই । সভাত মুখ্য অতিথি ৰূপে মুখ্য আৱাসিক বিষয়া, অইল ইণ্ডিয়া লিমিটেড, দুলীয়াজানৰ আনফৰ আলি হক, বিশিষ্ট ব্যক্তি হিচাপে দেৱাশীষ বৰা – চীফ জেনেৰেল মেনেজাৰ , জনসংযোগ বিভাগ, অইল ইণ্ডিয়া লিমিটেড, দুলীয়াজান । নয়না মধু দত্ত – জেনেৰেল মেনেজাৰ, জনসংযোগ বিভাগ, অইল ইণ্ডিয়া লিমিটেড, দুলীয়াজান। আদিত্য গোস্বামী – বিশিষ্ট সমাজকৰ্মী, সংগঠক, দুলীয়াজান। পুৱা বন বিষয়া অঞ্জন দলেই গছপুলি ৰোপনৰ পিছতেই শিল্পী পেন্সনাৰ খগেন্দ্ৰ নাথ লেখাৰুৱে প্ৰশিক্ষণ কৰ্মশালাৰ দ্বাৰ উদঘাটন কৰে । কৰ্মশালাখনিত আজি প্ৰথমদিনা ত্ৰিশ গৰাকী শিক্ষাৰ্থীক পাঁচ গৰাকী প্ৰশিক্ষক আৰু তিনিগৰাকী সহযোগী প্ৰশিক্ষকে প্ৰশিক্ষণ প্ৰদান কৰে। সমগ্ৰ অনুষ্ঠানটো আঁত ধৰে মাজুলীৰ সাহিত্য ৰ সভাপতি কমল দত্তই ।