জখলাবন্ধাৰ আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান

জখলাবন্ধাৰ আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান

ৰঙিলী বাৰ্ত্তাসেৱা- ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ সৰ্ববৃহৎ সাফল্য। জখলাবন্ধাৰ আৰক্ষীয়ে ১৮ কেজি হেৰ’ইন জব্দ কৰিলে। এখন হোণ্ডা চিটি গাড়ীত ক’হিমাৰ পৰা অনা হৈছিল ড্ৰাগছখিনি।ইয়াৰ পূৰ্বে অসম আৰক্ষীয়ে কাৰ্বি আংলঙত ৭ কেজি ড্ৰাগছ জব্দ কৰিছিল। বৰ্তমানলৈকে চলা অভিযানৰ ভিতৰত এয়াই বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দৰ ঘটনা। উদ্ধাৰ হোৱা ড্ৰাগছখিনিৰ মূল্য প্ৰায় ২৫ কোটি টকা হ’ব বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত আটক কৰিছে এজন লোকক। নিশা ৯ বজাত আৰক্ষীয়ে জব্দ কৰিছে ড্ৰাগছখিনি।