ছৌদি আৰৱত ভয়ংকৰ বাছ দুৰ্ঘটনাত ৪২ ভাৰতীয়ৰ মৃত্যু
ৰঙিলী বাৰ্ত্তাসেৱা- ছৌদি আৰৱত সংঘটিত হয় শোকাৱহ দুৰ্ঘটনা। শোকাৱহ দুর্ঘটনাত প্ৰাণ হেৰুৱালে ৪২ ভাৰতীয়ই। দেওবাৰে নিশা উমৰাহ যাত্ৰীৰে ভৰি থকা এখন বাছ মক্কাৰ পৰা মদিনালৈ গৈ থকা অৱস্থাত দুর্ঘটনাগ্রস্ত হয়। উমৰাহ যাত্রী থকা বাছখনৰ এখন ডিজেল টেংকাৰৰে সংঘৰ্ষ হোৱাত ৪২জন ভাৰতীয়ৰ মৃত্যু হয়। সংঘৰ্ষৰ পিছতেই বাছখন জুইৰ লেলিহান শিখাই আগুৰি ধৰে, ফলত অধিকাংশ যাত্রী বাহনৰ ভিতৰতে অগ্নিদগ্ধ হৈ মৃত্যুমুখত পৰে। খবৰ অনুসৰি এই দুৰ্ঘটনাত নিহতসকলৰ বেছিসংখ্যকেই তেলেংগানাৰ বাসিন্দা আছিল । উল্লেখ্য যে মৃতসকলৰ ভিতৰত প্রায় ১৬জন হায়দৰাবাদৰ মালেপল্লীৰ বজাৰঘাট অঞ্চলৰ বাসিন্দা আছিল। এই যাত্রীসকলে ৯ নৱেম্বৰত উমৰাহ যাত্ৰাৰ বাবে চহৰ এৰি গৈছিল। মক্কাত প্রার্থনা সম্পূৰ্ণ কৰাৰ পিছত তেওঁলোক মদিনালৈ অহাৰ সময়ত দুর্ঘটনাটো সংঘটিত হয়। ছৌদি আৰবত সংঘটিত এই শোকাৱহ বাছ দুর্ঘটনা সন্দৰ্ভত ভাৰতৰ বিদেশ মন্ত্রী এছ জয়শংকৰে টুইট কৰি কয়- মদিনাত ভাৰতীয় নাগৰিকসকলৰ সৈতে হোৱা দুৰ্ঘটনাত মই অত্যন্ত দুখী। ৰিয়াধত থকা ভাৰতীয় দূতাৱাস আৰু জেদ্দাত থকা দূতাৱাসে এই দুর্ঘটনাত প্ৰভাৱিত ভাৰতীয় আৰু তেওঁলোকৰ পৰিয়ালক সম্ভৱপৰ সকলো সহায় প্ৰদান কৰি আছে। মৃতকৰ পৰিয়ালৰ প্ৰতি মোৰ গভীৰ সহানুভূতি আৰু আহতসকলৰ দ্রুত আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিছোঁ।ছৌদি আৰৱত ভাৰতীয় তীৰ্থযাত্ৰীৰ সৈতে সংঘটিত হোৱা বাছ দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰিছে তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীয়ে । তেলেংগানা চৰকাৰে ৰিয়াদত থকা ভাৰতীয় দূতাবাসৰ সৈতে যোগাযোগত আছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিছে । এক আনুষ্ঠানিক বিবৃতিত ৰাজ্য চৰকাৰে নিশ্চিত কৰিছে যে মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীয়ে নতুন দিল্লীৰ বিষয়াসকলক সতৰ্ক কৰি দিছে আৰু দূতাবাস কৰ্তৃপক্ষৰ সৈতে সমন্বয় স্থাপন কৰিবলৈ নিৰ্দেশ দিছে ।
