ছোৱালী অভিশাপ নে আশীৰ্বাদ – আয়শা ছিদ্দিকা

ছোৱালী অভিশাপ নে আশীৰ্বাদ

আয়শা ছিদ্দিকা (আছৰি)
বাংলিপাৰা,বৰপেটা

যি সমাজত লৰা আৰু ছোৱালীৰ সমান অধিকাৰ সাব্যস্ত  কৰাত কিছু সংখ্যক মানুহেই ব্যস্ত তাৰে ভিৰৰ মাজত আজিও ছোৱালী জন্ম দিয়াৰ দায় লৈ কত নাৰী বেঘৰ হয় সংসাৰহীন হয় তাৰ কল্পনা কৰাটোও হৃদয়বিদাৰক।

বৰ্তমান আধুনিক ক’লে ভুল হ’ব অত্যাধুনিক প্ৰযুক্তি বিদ্যাৰ সময়ত ছোৱালী হোৱাত পুৰুষতকৈ নাৰীৰ অৱদান বেছি বুলি কৈ নাৰীৰ ওপৰৰ চলোৱা অমানৱিক অত্যাচাৰ সঁচাই গ্ৰহণযোগ্যৰ বিষয় নহয়।

কিমান জগন্য মানসিকতাৰ মানুহ হ’লে নিজৰ ডেৰ ধন সম্পত্তি থকাৰ পিছতো নিজৰ ছোৱালী এজন মগনীয়াৰৰ হাতত তুলি দি নিজে সুখত দিন কটাব পাৰে।

পজা ঘৰ খন মহল মহল কৈ সজাই তুলিব পাৰে। চাহিদা পূৰণ কৰিবলৈ টকা উৰাব পাৰে প্ৰতি দিন খোৱা টেবুল ভৰ্তি মাছে মংহে, ফলে মূলে সজাই তুলিব পাৰে মাথোঁ নোৱাৰে নিজৰ ছোৱালী জনী নিজৰ কৰি ডাঙৰ দীঘল কৰিবলৈ।

আজিৰ সময়তো আমাৰ সমাজৰ ছোৱালী হৈ জন্ম লোৱাটো যেন এটা অভিশাপ হে। ছোৱালী মানু্হ এইটো কৰিব নোৱাৰে, ছোৱালী মানু্হ সেইটো কৰিব নোৱাৰে

ইমান পঢ়িব নালাগে,ইমান ঘুৰিব নালাগে,ইমান কথা কব নালাগে,ইমান ফুৰিব নালাগে আৰু যে কিমান হকা বাধা তাৰ হিচাপ নাই।

কেইদিন মান আগত ন মাহ মহাকাশত থকাৰ পিছত উভতি অহা বাতৰি চাই প্ৰায় শুনা পোৱা এটা কথা “ছোৱালী মানু্হ কিমান সাহস থাকিলে ইমান দীৰ্ঘ সময় মহাকাশত থাকিব পাৰে। সঁচাই প্ৰশংসনীয় কথা” কিন্তু ইফালে নিজৰ ঘৰৰ ছোৱালীক অলপ সন্ধিয়া হ’লেই বাহিৰত ওলাব হাক দিয়ে।

 কথা এটা বুজিক নাপাওঁ ছোৱালী হৈ জন্ম লোৱাটো বাৰু কিয় অপৰাধ…?

মাতৃজাত অবিহনে বাৰু জগত খনে পূৰ্ণতা পাব পাৰে…?

নাৰী বিহনে বাৰু সংসাৰ এটা গঢ় লব পাৰে…?

নাৰী অবিহনে বিশ্ব খনেই অপূৰ্ণ  তেন্তে নাৰী জাতিক ইমান অবহেলা কিয়….?

কিয় ইমান যাতনা..?

কিয় ইমান অভিযোগ ঘৰত কন্যা সন্তান জন্ম ললে…?

কিয় কন্যা ভ্ৰুণ হত্যাৰ নিচিনা জগণ্য অপৰাধ প্ৰচলিত আমাৰ সমাজত…..?

 যি ছোৱালীক ঘৰৰ লখিমী ৰূপে পূজা সম্ভাৰ কৰি যতনাই ৰাখিব লাগে…

যি কন্যা সন্তানৰ আগমনত ঘৰত উৎসৱ মুখৰ পৰিৱেশৰ সৃষ্টি হোৱাৰ কথা

যি ছোৱালী সন্তান জন্ম হ’লে আনন্দিত হোৱাৰ কথা

তেনে ক্ষণত ঘৰত সুখ পালন নকৰি শোক কিয় পালন কৰে মানুহে বুজি নাপাওঁ….