ছেৰফাংগুৰিত বিজেপিৰ বিশাল যোগদান কার্যসূচী

ছেৰফাংগুৰিত বিজেপিৰ বিশাল যোগদান কার্যসূচী

ৰঙিলী বাৰ্ত্তাসেৱা- আগন্তুক বিটিচিপৰিষদীয় নিৰ্বাচনৰ পূৰ্বে সাংগঠনিক ভেটি মজবুত কৰি তুলিবলৈ ছেৰফাংগুৰিত বিজেপিৰ এক বিশাল যোগদান কার্যসূচী অনুষ্ঠিত হয়। বিজেপিৰ বিশাল যোগদান সভাত ছেৰফাংগুৰি অঞ্চলৰ বিশিষ্ট সমাজকর্মী মনোৰঞ্জন ব্ৰহ্মই বিপিএফৰ প্ৰাক্তন পাৰিষদ ইন্দ্ৰমোহন ব্রহ্ম, প্রাক্তন এনডিএফবি নেতা বি বিনাইছাৰ লগতে ৮ সহস্রাধিক সমর্থকক লগত লৈ আনুষ্ঠানিকভাবে বিজেপিত যোগদান কৰে। যোগদান কার্যসূচীত মন্ত্রী অশোক সিংহল উপস্থিত থাকি মনোৰঞ্জন ব্ৰহ্ম আৰু তেওঁৰ লগত অহা আটাইকে বিজেপিৰ দলীয় প্রতীক টুপী, ফুলৰ থোপা আৰু আৰনাইৰে আদৰণি জনায়। মন্ত্রী সিংহলে দোতমা মণ্ডল বিজেপিৰ বিশাল যোগদান কার্যসূচীত বিজেপিৰ উত্থান দেখি আনন্দিত হোৱা বুলি সদৰী কৰি সমাজকর্মী মনোৰঞ্জন ব্ৰহ্মৰ বিজেপি যোগদানে দলটোক অধিক মজবুত কৰিলে বুলি প্রকাশ কৰে। তেওঁ মনোৰঞ্জন ব্রহ্মক দৰিদ্ৰ জনতাৰ কাষত থিয় দিয়া এজন ভাল সমাজকর্মী বুলি মন্তব্য কৰে। এনেক্ষেত্ৰত তেওঁৰ বিজেপিত আগমনে দলৰ শিবিৰত উৎসাহ আৰু মনোবল বৃদ্ধি কৰিলে বুলি দোহাৰে। মন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত কেন্দ্র আৰু ৰাজ্যত উভয়তে বিজেপি দল চৰকাৰ হোৱাৰ বাবে বড়োলেণ্ডত আজি শান্তি স্থাপন কৰাত সফল হোৱা বুলি দাবী কৰে। মন্ত্ৰীগৰাকীয়ে লগতে কয় বিজেপিৰ লক্ষ্য বিটিচি দখল নহয়, বড়োভূমিৰ শান্তি চিৰস্থায়ী কৰাহে। বিটিচিক লৈ বিজেপিৰ কোনো স্বার্থ নাই। একমাত্র বড়োভূমিৰ যি শান্তি তাক বৰ্তাই ৰখাৰহে স্বার্থ আছে বিজেপিৰ। শান্তি যদি চিৰস্থায়ী কৰিব লাগে তাৰ গেৰাণ্টী বিজেপিৰ। সেয়ে বিজিপিক শক্তিশালী কৰিলে বিটিচিৰ শান্তি ধৰি ৰাখিব পাৰিব বুলি সদৰী কৰি সকলোকে দলে-বলে বিজেপি দলত যোগদানৰে দলটোক শক্তিশালী কৰাৰ আহ্বান জনায় মন্ত্রী সিংহলে। এই যোগদান সভাত কোকৰাঝাৰ জিলা বিজেপিৰ প্ৰভাৰী হৰেন দেউৰীয়ে বিটিচি অঞ্চলৰ শান্তি আৰু উন্নয়নৰ স্বার্থত সকলোকে বিজেপিত যোগদানৰ আহ্বান জনায়। আনহাতে, সভাত উপস্থিত থকা বিটিচিৰ পাৰিষদ ৰেওৰেৱা নাৰ্জিহাৰীয়েও বিজেপি দলক ৰাইজক সেৱা কৰা দল বুলি আখ্যা দিয়ে। বিটিচিৰ আন এগৰাকী কাৰ্যবাহী সদস্য ৰাজীৱ কুমাৰ ব্ৰহ্মই বিটিচিত বিজেপি চৰকাৰ হ’লে গাঁৱে-ভূঞে হিচাপবিহীন উন্নয়ন হ’ব বুলি মন্তব্য কৰে। একেদৰে বিটিচিৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দেই মনোৰঞ্জন ব্ৰহ্মৰ যোগদানে আগন্তুক দোতমা মণ্ডল বিজেপিক অধিক শক্তিশালী কৰিব বুলি আশা ব্যক্ত কৰে। কোকৰাঝাৰ জিলা বিজেপিৰ সভাপতি গোসাঁই বসুমতাৰীয়ে দোতমা মণ্ডলত বিজেপিৰ অনুষ্ঠিত বিশাল জনসমাগমে আগন্তুক দিনত বিটিচিত পদুম ফুল ফুলিব বুলি মন্তব্য কৰে। ইপিনে বিজেপিত যোগদান কৰি সমাজকর্মী মনোৰঞ্জন ব্রহ্মই নিজকে। বিজেপিত যোগদান কৰাৰ সুবিধা পাই নিজকে আনন্দিত হোৱা অনুভৱ ব্যক্ত কৰি তেওঁ বিজেপিৰ নীতি আদর্শলৈ কাম কৰি যাব বুলি সদৰী কৰিছে। এই যোগদান কাৰ্যসূচীত বিটিআৰ ইএম সজল সিংহ, এমচিএলএ বিজিত গৌৰা নাৰ্জাৰীকে ধৰি আন কেইবাগৰাকী নেতা উপস্থিত থাকি ভাষণ আগবঢ়ায়।