ছেবাৰ সংস্কাৰৰ বাবে ড° হিমন্ত বিশ্ব শৰ্মাৰ উদাসীনতাক লৈ প্ৰশ্ন দিলীপ কুমাৰ শৰ্মাৰ

PC - Deccan Herald

ছেবাৰ সংস্কাৰৰ বাবে ড° হিমন্ত বিশ্ব শৰ্মাৰ উদাসীনতাক লৈ প্ৰশ্ন দিলীপ কুমাৰ শৰ্মাৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  ছেবাৰ সংস্কাৰৰ ক্ষেত্ৰত এসময়ত শিক্ষামন্ত্ৰী হৈ থকা কালত দিয়া প্ৰতিশ্ৰুতি নিজে ভংগ কৰা ড° হিমন্ত বিশ্ব শৰ্মাৰ স্বৰূপ উদঙাইছে অসম তৃণমূল কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ দিলীপ কুমাৰ শৰ্মাই।এক সংবাদমেলত শৰ্মাই ছেবাৰ ব্যৰ্থতাৰ বাবে প্ৰশ্ন কাকত ফাদিলৰ ক্ষেত্ৰত অসমে গীণিজ বুকত নাম লিখিব বুলি কটাক্ষ কৰি ইয়াৰ সংস্কাৰৰ বাবে একো পদক্ষেপ নোলোৱাৰ বাবে কঠোৰ সমালোচনা কৰে।শৰ্মাই কয়,’ছেবাৰ সংস্কাৰৰ বাবে শ্ৰীনাথ বৰুৱাৰ নেতৃত্বত গঠন কৰি দিয়া কমিটীয়ে ২০১২ চনত প্ৰতিবেদন দাখিলৰ পাছত ২০১৬-১৭ বৰ্ষৰ বাজেট ভাষণত সেই সময়ৰ বিত্তমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই প্ৰতিবেদনৰ কাৰ্যকৰী কৰিব বুলি কৈছিল। শ্ৰীনাথ বৰুৱা সমিতিয়ে দিয়া পৰামৰ্শ চোৱা চিতা কৰা আৰু নিৰ্দিষ্ট ‌নীতি নিয়ম নিৰ্ধাৰণৰ বাবে সেই সময়ৰ শিক্ষা সচিব আৰু চি জৈনৰ নেতৃত্বত গঠন কৰি দিয়া সমিতিয়েও প্ৰতিবেদন দাখিল কৰিলে। কিন্তু আজিলৈকে কিন্তু ছেবাৰ সংস্কাৰৰ বাবে একো নকৰিলে। সেই সময়ত ছেবাৰ সংস্কাৰৰ বাবে লোৱা পদক্ষেপত বিভিন্ন দায়িত্বত থকাসকল আজিও অসম চৰকাৰৰ বিভিন্ন গুৰুত্বপূৰ্ণ পদবীত অধিষ্ঠিত হৈ আছে। এয়া পৰিতাপৰ কথা।মুঠতে ছেবাৰ উন্নতিকল্পে একো কৰাৰ যে ড° হিমন্ত বিশ্ব শৰ্মা বা দায়িত্বত থকা সকলৰ তিলমাত্ৰও আগ্ৰহ নাই সেয়া সকলোৰে সন্মুখত ওলাই পৰিছে। অৰ্থাৎ আমি ক’বলৈ বাধ্য যে নিৰ্দিষ্ট এজেণ্ডা পূৰণৰ বাবে এওঁলোকে ইচ্ছাকৃতভাৱেই ছেবাক ধ্বংসৰ মুখলৈ ঠেলি দিয়াৰ ষড়যন্ত্ৰ কৰিছে। আমি এই মানসিকতাৰ তীব্ৰ গৰিহণা দিছো। আজি ছেবাই মাত্ৰ ৪ লাখ ছাত্ৰ-ছাত্ৰীৰ পৰীক্ষা সঠিককৈ অনুষ্ঠিত কৰিব নোৱাৰাটো দুৰ্ভাগ্যজনক। আৰু ইয়াৰ বাবে ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সমানেই জগৰীয়া।অসম আন্দোলনৰ সময়ত শ্ৰেণীকোঠাৰ পৰা ওলাই আহি ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ যেনেকৈ আন্দোলন কৰিবলগীয়া হৈছিল আজিও প্ৰশ্ন কাকত ফাদিলৰ সন্দৰ্ভত ছেবাৰ বিৰুদ্ধে আন্দোলনত নামিব লগা নিজৰ শৈক্ষিক ভৱিষ্যতৰ সুৰক্ষা বিচাৰি। কিমান দুৰ্ভাগ্যজনক কথা এয়া।’