ছেপ্টেম্বৰত পুনৰ ১০,০০০ চাকৰিত নিযুক্তিঃমুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
ৰঙিলী বাৰ্ত্তাসেৱা- এক লাখ চাকৰিৰ প্ৰতিশ্ৰুতি দিয়া বিজেপি নেতৃত্বাধীন চৰকাৰে ৰাজ্যত পুনৰ ১০,০০০ চাকৰিত নিযুক্তি দিব। ইতিমধ্যে ৩০ হাজাৰ চাকৰিৰ বাবে নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰাৰ পিছত পুনৰ ১০ হাজাৰ চাকৰিৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। ওদালগুৰিৰ ভৈৰৱকুণ্ডত ধনশ্ৰী নৈৰ ওপৰত দলং নিৰ্মাণৰ আধাৰশিলা স্থাপন কাৰ্যসূচীত উপস্থিত থাকি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই কথা উল্লেখ কৰে।মুখ্যমন্ত্ৰীয়ে কয়– ”ৰাইজক কৈছিলো, আমাৰ চৰকাৰ আহিলে ১ লাখ চাকৰি দিম। কিন্তু আমাক বিশ্বাস কৰা নাছিল, অলপতে বিধানসভাতো বিৰোধী কংগ্ৰেছে আমাক উপলুঙা কৰিছিল। ইতিমধ্যে আমাৰ চৰকাৰ অহাৰ পিছত ৩০ হাজাৰ চাকৰি দিলোঁ। ছেপ্টেম্বৰ মাহত পাঁচটা কমাণ্ডো বেটেলিয়নকে ধৰি আৰু ১০ হাজাৰ চাকৰিত আমাৰ নিবনুৱা ল’ৰা–ছোৱালীৰ বাবে আগবঢ়াম।”