ছুপ্রিম ক’ৰ্টৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হ’ব  সূর্যকান্ত

Pc The Hindu

ছুপ্রিম ক’ৰ্টৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হ’ব  সূর্যকান্ত

ৰঙিলী বাৰ্ত্তাসেৱা– দেশৰ উচ্চতম ন্যায়ালয়ত পৰৱৰ্তী মুখ্য ন্যায়াধীশ হ’ব সূর্য কান্ত। মুখ্য ন্যায়াধীশ বিআৰ গাভায়ে নিয়মানুযায়ী তেওঁ উচ্চতম ন্যায়ালয়ৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হিচাপে সূৰ্য কান্তৰ নাম অনুমোদন জনাই কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিছে। মুখ্য ন্যায়াধীশ গাভাইৰ অনুমোদনৰ পাছত শীঘ্ৰেই কেন্দ্ৰীয় চৰকাৰে আনুষ্ঠানিকভাৱে মুখ্য ন্যায়াধীশৰ নাম ঘোষণা কৰে। উল্লেখ্য যে ২৩ নৱেম্বৰত মুখ্য ন্যায়াধীশ হিচাপে সূর্য কান্তই দায়িত্ব গ্রহণ কৰিব। তেওঁ হ’ব উচ্চতম ন্যায়ালয়ৰ ৫৩সংখ্যক মুখ্য ন্যায়াধীশ।