ছুইচাইড নোটত আত্মহত্যাৰ বাবে মাতৃক দোষাৰোপ ঈপ্সিতাৰ

ছুইচাইড নোটত আত্মহত্যাৰ বাবে মাতৃক দোষাৰোপ ঈপ্সিতাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- মহানগৰীৰ ভঙাগড়ৰ চিলাৰায় পথৰ বাসিন্দা ঈপ্সিতা দাস নামৰ যুৱতীগৰাকীয়ে আত্মহত্যাক লৈ সৃষ্টি হোৱা ৰহস্যৰ ওৰ পৰা নাই। যুৱতীগৰাকীয়ে লিখি থৈ যোৱা এটা ছুইচাইড নোটক লৈও কেতবোৰ নতুন দিশ উন্মোচিত হৈছে। য’ত তেওঁ নিজ মাতৃক দোষাৰোপ কৰিছে। প্ৰকৃতাৰ্থত ঘৰত সন্মুখীন হোৱা দুৰ্ব্যৱহাৰৰ বাবেই যুৱতীগৰাকীয়ে আত্মহত্যাৰ পথ বাছি ল’লে নেকি বুলিও সন্দেহৰ সৃষ্টি হৈছে। পিতৃলৈ এক মেছেজযোগে লিখি থৈ যোৱা ছুইচাইড নোটত ঈপ্সিতাই লিখিছে-‘দেউতা মই দুঃখিত। হয়তো মই এনে পন্থা ল’ব নালাগিছিল। কিন্তু মোৰ হাতত বিকল্প নাছিল। সকলো দোষ মোৰেই। মই যুঁজিবলৈ বহু চেষ্টা কৰিছিলোঁ। কিন্তু মই এতিয়া ভাগৰুৱা। মই এজন পৰাস্ত মানুহ। মই জানো এতিয়া মা সুখী হ’ব। কেৱল মায়েই নহয়, মাক ভালপোৱা সকলো মানুহ সুখী হ’ব। মায়েতো এনেয়েও মই মৰি যোৱাটো বিচাৰিছিল। মাই কৈছিল যে মই জন্ম হোৱাৰ লগে লগে মোক মাৰি পেলাব লাগিছিল। মই মৰি গ’লেও মাৰ কোনো আপচোচ নাই বুলি কৈছিল। বেলেগ একো নাই। তেওঁ সুখত থাকক। মোৰ কাৰণে বহুত অশান্তি পাইছে মায়ে। মোৰ কাৰণে মানুহৰ আগত মুখ দেখুৱাব নোৱাৰা হৈছে। সেয়েহে মই সকলো সলনি কৰিছোঁ। সঁচাকৈয়ে মই তোমাৰ এজনী বেয়া ছোৱালী আছিলোঁ। মই যি ভাল পাইছিলোঁ অকল সেইটোৱেই কৰিছিলোঁ। কাৰো কথা নুশুনিছিলোঁ। মায়ে অকল এটাই বিচাৰিছিল যে মই যাতে মাৰ হিচাপত চলো। কিন্তু মই মাৰ মতে চলিব নোৱাৰোঁ। মোৰ কোনো উপায় নাই। এইটোৱে মোৰ একমাত্র উপায়। এতিয়া সকলো সুখী হ’ব। মা, গীতু, গীতুৰ মাক, উপাসনা, উপাসনাৰ মাক সকলো। মই দুঃখিত দেউতা। মই আৰু সহ্য কৰিব নোৱাৰিলোঁ। সঁচাকৈয়ে তুমি মোতকৈ ভাল কন্যাৰ যোগ্য, মই এই পৃথিৱীৰ আটাইতকৈ বেয়া ছোৱালী। তুমি আগৰ জনমত চাগে কিবা পাপ কৰিছিলা, সেই কাৰণে চাগে মোৰ দৰে ছোৱালী এজনী পালা। ছ’ৰী পাপা। মই সঁচাকৈয়ে দুঃখিত। মোৰ জন্মই হ’ব নালাগিছিল। মই তোমাক বহু ভালপাওঁ। কিন্তু মই শক্তিশালী হ’ব নোৱাৰিলোঁ। মোৰ বহু কথা ক’বলগীয়া আছিল। কিন্তু মই ক’ব নোৱাৰিলোঁ। এতিয়া বহুত পলম হৈ গ’ল। সেয়েহে মোক যাবলৈ দিয়া। সেইটোৱে সকলোৰে কাৰণে ভাল হ’ব। তাক যাতে মোৰ বিষয়ে জানিবলৈ দিয়া। মোৰ প্ৰতিটো সময়ত যাতে সি উপস্থিত থাকে। মই জীয়াই থাকিব বিচাৰিছিলোঁ। কিন্তু তেওঁলোকে মোক শান্তিৰে জীয়াই থাকিবলৈ নিদিয়ে। সেই কাৰণে মই নিজেই নিজৰ বাবে শান্তি বিচাৰি ল’লো।’ অৱশ্যে এই ছুইচাইড নোট উদ্ধাৰ হ’লেও মাতৃ জ্যোতিৰাণী দাসে ঈপ্সিতাৰ প্ৰেমিক চিন্টু কলিতাৰ বিৰুদ্ধেহে কেতবোৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। সংবাদ মাধ্যমৰ সন্মুখত তেওঁ অভিযোগ কৰে যে ঈপ্সিতাৰ প্ৰেমিক চিন্টুৰ আন মহিলাৰ সৈতেও সম্পর্ক আছিল। চিন্টুৰ চৰিত্ৰও ভাল নাছিল বুলি তেওঁ উল্লেখ কৰিছে। এই সন্দৰ্ভত মাতৃ জ্যোতিৰাণী দাসে কয়- ‘বৃহস্পতিবাৰে নিশা ডেৰমান বজাত চিন্টুই ঈপ্সিতাক ফোন কৰিছিল। ১২ বজালৈ আমাৰ মাইনা ঠিকেই আছিল। তেতিয়ালৈকে একো হোৱাই নাই। ডেৰ বছৰৰ পৰা চিন্টুৰ লগত মাইনাৰ চিনাকি হৈছিল। প্রথমে মামা বুলি মাতিছিল। কিন্তু মিছা প্ৰেমৰ জালত তেওঁ মাইনাক ফচালে। তেওঁৰ বিয়াও ঠিক হৈ আছে। মোৰ ছোৱালী সৰু আছিল। মই মাইনাক বহুত বুজালো যে তেওঁৰ চৰিত্ৰ ভাল নহয়। কোনোবা মহিলাৰ সৈতেও সম্পর্ক আছে। তেওঁ মোৰ বিৰুদ্ধে বুজাই বুজাই মোক ছোৱালীৰ পৰা আঁতৰাই লৈ গ’ল। মই মাইনাক বাধা দিছিলোঁ। ছোৱালীক বচাব চাইছিলোঁ। তাই যাতে বিপদত নপৰে। তদন্ত কৰিলে সকলো তথ্য পোহৰলৈ আহিব। চিন্টু ভাল চৰিত্ৰৰ নহয়।’ আনহাতে, মাতৃৰ এই অভিযোগ ঈপ্সিতাৰ প্ৰেমিক চিন্টু কলিতাই খণ্ডন কৰিছে। ইয়াৰ বিপৰীতে চিন্টুৱেও ঈপ্সিতাৰ মাতৃৰ বিৰুদ্ধে কেতবোৰ গুৰুতৰ অভিযোগহে উত্থাপন কৰে। চিন্টুৰ মতে, ঈপ্সিতাৰ মাতৃয়ে প্রায়েই সুৰাসক্ত হৈ কন্যাক গালি-গালাজ কৰিছিল। এই সন্দর্ভত সংবাদ মাধ্যমৰ সন্মুখত চিন্টুরে কয়- ‘ঈপ্সিতাক মাকে সদায়ে গালি-গালাজ কৰি আহিছে। প্ৰেমিক-প্ৰেমিকাৰ মাজত কেতিয়াবা কাজিয়া লাগে। কোনোবা ল’ৰাক মেছেজ কৰিলে মই ঈপ্সিতাক গালি পাৰোঁ। কিন্তু মোৰ নাম ছুইচাডত উল্লেখ কৰা নাই। ঈপ্সিতাই সদায় এটাই কথা কয়- মোৰ কাৰণে তোমাক মূৰ তল হ’ব নিদিওঁ। মোৰ কাৰণে বহুত কথা শুনিছা। ঈপ্সিতাৰ মাতৃয়ে সুৰা সেৱন কৰে। তাৰ পাছতে গালি-গালাজ কৰে। আনকি ঈপ্সিতাই মাকে গালি-গালাজ কৰা ভয়চ ৰেকৰ্ড কৰি মোলৈ পঠিয়াই দিয়ে। মোক ঈপ্সিতাই তেওঁৰ মাতৃৰ নম্বৰ ব্লক কৰিব কৈছিল। তেনেস্থলত মোক অপযশ দিয়া হৈছে।’ উল্লেখ্য যে বিগত ডেৰ বছৰ ধৰি ঈপ্সিতা আৰু চিন্টুৰ মাজত প্ৰেমৰ সম্পৰ্ক আছিল। হঠাতে ২১ বছৰীয়া যুৱতীগৰাকীয়ে  চৰম পন্থা বাছি লৈ মাতৃক দোষাৰোপ কৰি ছুইচাইড নোট লিখি থৈ যোৱাক লৈ কেতবোৰ সন্দেহৰ সৃষ্টি হৈছে।