ছিৰিয়াৰ গীৰ্জাত বোমা বিস্ফোৰণত

ছিৰিয়াৰ গীৰ্জাত বোমা বিস্ফোৰণত

ৰঙিলী বাৰ্ত্তাসেৱা- ছিৰিয়াৰ ৰাজধানী ডামাস্কাছত দেওবাৰে আত্মঘাতী আক্ৰমণত ২০ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে দেশখনৰ সংবাদ সংস্থা SANA ৰ খবৰ অনুসৰি ৫৩ জন লোক গুৰুতৰভাৱে আহত হয়। কোৱা হৈছে যে আক্ৰমণকাৰীয়ে প্ৰাৰ্থনাৰ সময়ত মানুহেৰে ভৰি থকা গীৰ্জাত আত্মঘাতী বিস্ফোৰণ ঘটায়। ডামাস্কাছৰ ড্ৱেইলাত মাৰ ইলিয়াছ গীৰ্জাৰ ভিতৰত প্ৰাৰ্থনা কৰি থকাৰ সময়তে এই বিস্ফোৰণ সংঘটিত হয়। স্থানীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি হতাহতৰ ভিতৰত শিশুৱো আছে।ডামাস্কাছৰ আটাইতকৈ নিৰাপদ অঞ্চলত অৱস্থিত গীৰ্জাঘৰটোৰ ওপৰত সংঘটিত এই আক্ৰমণে সংশ্লিষ্ট সকলো পক্ষকে স্তম্ভিত কৰি তুলিছে। ডিচেম্বৰ মাহত হোৱা ক্ষমতা সলনিৰ পিছত ছিৰিয়াত এইটোৱেই হৈছে সৰ্ববৃহৎ আক্ৰমণৰ ঘটনা। ছিৰিয়াৰ স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা মতে, ছেইণ্ট ইলিয়াছ গীৰ্জাত সংঘটিত বিস্ফোৰণত আহত বহু লোকৰ অৱস্থা সংকটজনক। ফলত নিহতৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে। যদিও আত্মঘাতী বোমাৰুৰ পৰিচয় জানিব পৰা হোৱা নাই, তথাপিও ছিৰিয়াৰ আভ্যন্তৰীণ নিৰাপত্তা মন্ত্ৰালয়ে কয় যে তেওঁলোকে সন্দেহ কৰিছে যে এই কাণ্ডৰ আঁৰত ইছলামিক ষ্টেট (আই এছ) আছে।