ছিৰিয়াৰ আমেৰিকাৰ সেনা ঘাটিত মৰ্টাৰেৰে আক্ৰমণ ইৰানৰ

ছিৰিয়াৰ আমেৰিকাৰ সেনা ঘাটিত মৰ্টাৰেৰে আক্ৰমণ ইৰানৰ

ৰঙিলী বাৰ্ত্তাসেৱা- আমেৰিকাই চলোৱা আক্ৰমণৰ প্রত্যাক্ৰমণ আৰম্ভ কৰিলে ইৰানে। ইৰানৰ ৩টাকৈ পাৰমাণৱিক প্রকল্পত আমেৰিকা যুক্তৰাষ্ট্ৰই চলোৱা আক্ৰমণৰ পাছত হুংকাৰ দিয়া ইৰানে আমেৰিকাৰ সেনাৰ ঘাটিত আক্রমণ চলালে। ছিৰিয়াস্থিত মার্কিন সেনাৰ ঘাটিত ইৰানৰ পৃষ্ঠপোষক সন্ত্রাসবাদী সংগঠনে মর্টাৰেৰে ভয়াৱহ আক্রমণ চলায়। ইৰানৰ এই আক্রমণত মার্কিন সেনাৰ ঘাটিৰ ক্ষয়ক্ষতিৰ পৰিমাণ জানিব পৰা হোৱা নাই যদিও আক্রমণ ভয়াৱহ বুলি ইৰানৰ সংবাদ মাধ্যমত প্ৰচাৰ কৰিছে। ইজৰাইল আৰু ইৰানৰ যুদ্ধত আমেৰিকা যুক্তৰাষ্ট্ৰই ইৰানত আক্রমণ চলাই প্ৰৱেশ কৰাৰ পাছত মধ্যপ্রাচ্যত বৃদ্ধি পোৱা উত্তেজনা পুনৰ প্ৰতিফলিত হৈছে। আমেৰিকাই ইৰানৰ ভূগর্ভস্থ ফৰ্ডো, ইছফাহান আৰু নাটানছ পাৰমাণৱিক প্রকল্প বাংকাৰ বোমাৰে বিধ্বস্ত কৰাৰ পাছত ইৰান আৰু ইজৰাইলৰ মাজত আক্রমণ বৃদ্ধি পাইছে। ইৰানী সেনাই ইজৰাইলৰ আৱাসিক এলেকাত মিছাইল নিক্ষেপ কৰি কেইবাটাও অট্টালিকা ধ্বংসস্তূপত পৰিণত কৰিছে। ইপিনে, ইজৰাইলে ইৰানৰ ওপৰত ভয়াৱহ আক্রমণ চলায়। যুদ্ধ বিমান আৰু মিছাইলেৰে ইৰানৰ ৰাজধানী তেহৰানকে ধৰি বিভিন্ন প্রান্তত থকা ৬ বায়ুসেনা ঘাটিত প্রচণ্ড আক্রমণ চলায়। এই আক্ৰমণত ইৰানৰ ৬ বায়ুসেনা ঘাটিৰ বৃহৎ ক্ষতিসাধন হোৱাৰ লগতে ১৫ যুদ্ধ বিমান আৰু হেলিকপ্টাৰ বিধ্বস্ত হয়। ইৰান প্ৰতিৰক্ষা বাহিনীয়ে প্ৰকাশ কৰা মতে, তেহৰানৰ মেহৰাবাদ, মাছবাদ আৰু ডেজফুলকে ধৰি দেশখনৰ পশ্চিম-পূব আৰু মধ্য ভাগত থকা তিনিটা বায়ুসেনাৰ ঘাটিত আক্রমণেৰে বিধ্বস্ত কৰে। বিমানেৰে চলোৱা আক্ৰমণত বায়ুসেনা ঘাটিৰ ৰানৱেকে ধৰি ভূগর্ভস্থ বাংকাৰ ধূলিসাৎ হয়। তদুপৰি ১৫খন ইৰানৰ যুদ্ধ বিমান আৰু হেলিকপ্টাৰ ধ্বংস হৈছে। ধ্বংস হোৱা বিমানৰ ভিতৰত আছে এফ-১৪, এফ-৫ আৰু এএইচ-১। ১৫ যুদ্ধ বিমানেৰে ইজৰাইলৰ সেনাই চলোৱা এই আক্রমণত মিছাইলৰ ভাণ্ডাৰ আৰু মিছাইল উৎক্ষেপণ কেন্দ্ৰও ধ্বংস হয়। ইজৰাইললৈ লক্ষ্য কৰি মিছাইল নিক্ষেপ কৰাৰ প্ৰাক্‌মুহূৰ্ততে ইৰানৰ মিছাইল উৎক্ষেপণ কেন্দ্রত আঘাত হনা হয়। ইপিনে, ইৰানৰ পশ্চিম প্রান্তত ইজৰাইলৰ ড্রোন এখন ইৰানী সেনাই গুলীয়াই ভূপতিত কৰিছে। ইজৰাইলী সেনাৰ মিছাইলৰ বৰষুণত ৰাজধানী তেহৰানত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। ৰাজধানী চহৰখনত জুই, ছাই, ধোঁৱাৰ আচ্ছাদনে ঘেৰি ধৰিছে। লক্ষণীয় যে আমেৰিকা যুক্তৰাষ্ট্ৰই আক্ৰমণ কৰাৰ পাছত ইজৰাইলে আজি ভূগর্ভস্থ ফর্ডো পাৰমাণৱিক প্রকল্পত আক্রমণ চলাইছে ।