ছিয়াং ইউনিং উৎসৱত অংশগ্ৰহণ সৰ্বানন্দ সোণোৱাল

ছিয়াং ইউনিং উৎসৱত অংশগ্ৰহণ সৰ্বানন্দ সোণোৱাল

গুৱাহাটী,ৰঙিলী বাৰ্ত্তাসেৱা- অৰুণাচল প্ৰদেশৰ বোলেঙত অনুষ্ঠিত ছিয়াং ইউনিং উৎসৱ ২০২৩ত অংশগ্ৰহণ কৰি আনন্দিত হয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। লগতে উপস্থিত থাকে সাংসদ টাপিৰ গাঁও। আদি সম্প্ৰদায়ৰ এই গুৰুত্বপূৰ্ণ উৎসৱ উপলক্ষে সৰ্বানন্দ সোণোৱালে উপস্থিত সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।”অৰুণাচল প্ৰদেশ তথা উত্তৰ-পূৰ্বাঞ্চলৰ বৰ্ণাঢ্য সংস্কৃতি আৰু পৰম্পৰা ভাৰতৰ অনন্য সম্পদ। এক ভাৰত, শ্ৰেষ্ঠ ভাৰতৰ এক প্ৰতিফলন ছিয়াং উৎসৱত প্ৰত্যক্ষ কৰি মই অত্যন্ত আনন্দিত হৈছোঁ। ভাৰতৰ বিবিধ জনগোষ্ঠীৰ বিবিধ সংস্কৃতি, পৰম্পৰা আৰু ঐতিহ্য হৈছে ভাৰতৰ মহাশক্তি।”- সৰ্বানন্দ সোণোৱালে ভাষণ প্ৰসংগত এইদৰে উল্লেখ কৰে আৰু সকলোকে সাতামপুৰুষীয়া সমন্বয় বৰ্তাই ৰাখিবলৈ আন্তৰিক আহ্বান জনায়।