ছিপাঝাৰ সাহিত্য সভাৰ উদ্যোগত পাঁচখন গ্ৰন্থ উন্মোচন

ছিপাঝাৰ সাহিত্য সভাৰ উদ্যোগত পাঁচখন গ্ৰন্থ উন্মোচন

ৰঙিলী বাৰ্ত্তাসেৱা- ছিপাঝাৰ সাহিত্য সভাৰ উদ্যোগত গ্ৰন্থ উন্মোচনী অনুষ্ঠানত ৫খন গ্ৰন্থ উন্মোচন কৰা হয় । ছিপাঝাৰ সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ‘স্মৃতি ভৱনত’ বিশিষ্ট সাংবাদিক ৰঞ্জিত কুমাৰ নাথৰ সম্পাদনাৰে “ছিপাঝাৰ-প্ৰসংগঃ সমাজ আৰু সংস্কৃতি”, যাদৱ চন্দ্ৰ শইকীয়াৰ গ্ৰন্থ “ভূমিকন্যা” , মাহেশ্বৰী দেৱীৰ গ্ৰন্থ “আই-নামৰ শৰাই” , জীৱকান্ত নাথৰ গ্ৰন্থ “দৰঙী খুলীয়া ভাউৰীয়াৰ সমল” আৰু দৰং জিলা সাহিত্য সভাই প্ৰকাশ কৰি উলিওৱা দেৱজিত নাথৰ গ্ৰন্থ “সীমাৰ সিপাৰে” উন্মোচন কৰা হয় ।সভাত কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকি গ্ৰন্হ কেইখনৰ ওপৰত মন্তব্য প্ৰকাশ কৰে৷ ঐতিহ্যমণ্ডিত ছিপাঝাৰৰ সামাজিক, সাংস্কৃতিক তথা ভৌগোলিক দিশৰ সামৰি প্ৰকাশিত আটাইকেইখন গ্ৰন্থ পাঠক ৰাইজে আদৰি ল’ব বুলি আশাবাদী ৷