ছিপাঝাৰ মহাবিদ্যালয়ত বাল্যবিবাহ, লিংগ-বৈষম্য বিৰোধী সজাগতা সভা

ছিপাঝাৰ মহাবিদ্যালয়ত বাল্যবিবাহ, লিংগ-বৈষম্য বিৰোধী সজাগতা সভা

মঙলদৈ, ৰঙিলী বাৰ্ত্তাসেৱা- দৰং জিলাৰ ছিপাঝাৰ মহাবিদ্যালয়ত ৫ অক্টোবৰত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ, দৰঙৰ উদ্যোগত ছিপাঝাৰ মহাবিদ্যালয়ৰ সহযোগত মহাবিদ্যালয়খনৰ সভাগৃহত বাল্যবিবাহ, লিংগ- বৈষম্য আৰু ‘বেটী বচাও বেটী পঢ়াও’ বিষয়ক এক জিলাভিত্তিক সজাগতা সভা অনুষ্ঠিত হয়। ছিপাঝাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° প্ৰদীপ চন্দ্ৰ ডেকাই উদ্বোধন কৰা সভাখনত দৰং জিলাৰ অতিৰিক্ত মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডা: জোনালী চৌধুৰীয়ে আদৰণি ভাষণ প্ৰদান কৰি ছাত্ৰ-ছাত্ৰীসকলক বাল্যবিবাহ, লিংগ-বৈষম্য আদি সামাজিক ব্যাধিৰ বিৰুদ্ধে সজাগ কৰি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । সভাত অধিবক্তা মহম্মদ আব্দুল মালিক আৰু দীপশিখা দেৱী আমন্ত্ৰিত অতিথি তথা সমল ব্যক্তিৰূপে উপস্থিত থাকে। দুয়োগৰাকী সমল ব্যক্তিয়ে ছাত্ৰ-ছাত্ৰীসকলক বিশেষভাৱে উদ্দেশ্যি বাল্যবিবাহৰ অপকাৰিতা আৰু কু-প্ৰভাৱ, লিংগ-বৈষম্যই সৃষ্টি কৰা সামাজিক সমস্যা আৰু ছোৱালীৰ শিক্ষা গ্ৰহণৰ প্ৰয়োজনীয়তাৰ ওপৰত বিস্তৃত ব্যাখ্যা আগবঢ়ায়। ভাষণ প্ৰসংগত তেওঁলোকে এই বিষয়ক আইন সমূহৰ বিষয়েও উল্লেখ কৰে। বক্তাদুগৰাকীয়ে কয় যে জন্মৰ পূৰ্বে লিংগ নিৰ্দ্ধাৰণ, ভ্ৰূণ হত্যা, ছোৱালীৰ শিক্ষাৰ ক্ষেত্ৰত অৱহেলা আদি সামাজিক ব্যাধিসমূহে আমাৰ সমাজৰ সামগ্ৰিক অগ্ৰগতিক বাধাগ্ৰস্ত কৰে । এই সমস্যাসমূহৰ বিৰুদ্ধে সকলোৱে ঐক্যবদ্ধভাৱে যুঁজ দিব লাগিব। ইয়াৰ বাবে সমাজৰ সকলো স্তৰতে সচেতনতা গঢ়ি তোলা প্ৰয়োজন বুলি তেওঁলোকে লগতে কয়। উক্ত সভাত আই এম এ, মঙলদৈ শাখাৰ সভাপতি ডা: প্ৰশান্ত গোস্বামী, মঙলদৈ অসামৰিক চিকিৎসালয়ৰ চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডা: চামছুল হকৰ লগতে জিলাখনৰ বিভিন্ন বিভাগৰ বিষয়া, আৰক্ষী বিষয়া, ছিপাঝাৰ মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ -ছাত্ৰীসকল উপস্থিত থাকে।