ছিপাঝাৰ গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ দ্বিতীয় বৰ্ষপূৰ্তী পালন

ছিপাঝাৰ গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ দ্বিতীয় বৰ্ষপূৰ্তী পালন

মঙ্গলদৈ, কিশোৰ কুমাৰ শৰ্মা,ৰঙিলী বাৰ্ত্তাসেৱা- “গৰুখুটি বহুমুখী কৃষি প্ৰকল্প অসমীয়া জাতি আৰু দৰঙী ৰাইজৰ স্বাভিমানৰ প্ৰতীক ।” এই মন্তব্য চতিয়া সমষ্টিৰ বিধায়ক তথা গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকাৰ। কৃষি প্ৰকল্পৰ বাকৰিত যোৱা ২১ জুলাইত অনুষ্ঠিত হোৱা দ্বিতীয় বৰ্ষপূৰ্তী পালন আৰু ভূমি পূজন অনুষ্ঠানৰ মুকলি সভাত সভাপতিত্ব কৰি গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকাই কয় যে খিলঞ্জীয়াৰ ভূমি অবৈধ বেদখলকাৰীৰ কৱলৰ পৰা মুক্ত কৰি থলুৱা যুৱক যুৱতীৰ জৰিয়তে কৃষি কৰ্মৰ এক বিপ্লৱ সূচনা কৰাৰ লক্ষ্যৰে স্হাপন কৰা গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ সামগ্ৰিক উৰ্ধমুখী উন্নয়নত মই যথেষ্ট সুখী। ২০২১ বৰ্ষৰ ২১ জুলাইত শুভাৰম্ভ হোৱা এই প্ৰকল্প এক প্ৰত্যাহ্বান আছিল। সকলো পক্ষৰে সহযোগত অসমৰ মাননীয় মুখ্যমন্ত্ৰী দেৱে কৃষি প্ৰকল্পক লৈ কৰা সপোন সমূহ লাহে লাহে বাস্তৱ হোৱাৰ দিশত আগবাঢ়িছে। এইক্ষেত্ৰত আমাৰ লক্ষ্য আৰু উদ্দেশ্যত উপনীত হবলৈ নিস্বাৰ্থ ভাবে কামত অগ্ৰসৰ হব লাগিব বুলি তেওঁ উল্লেখ কৰে।গৰুখুটি বহুমুখী কৃষি প্ৰকল্প অসমীয়া জাতি আৰু দৰঙী ৰাইজৰ স্বাভিমানৰ প্ৰতীক। গৰুখুটি প্ৰকল্পৰ হিচাব এখন খোলা কিতাপৰ দৰে। ইয়াত খৰছ কৰা প্ৰতিটো টকাৰ উপযুক্ত ব্যৱহাৰ হৈছে। বিগত বৰ্ষতকৈ এইবাৰ লভ্যাংশৰ পৰিমাণ অধিক। আগন্তুক বৰ্ষত ইয়াৰ পৰিমাণ আৰু অধিক হ’ব বুলি তেওঁ আশা প্ৰকাশ কৰে। অনুষ্ঠানত ভাগ লৈ ছিপাঝাৰ সমষ্টিৰ বিধায়ক ড° পৰমানন্দ ৰাজবংশীয়ে কয় যে গৰুখুটি বহুমুখী কৃষি প্ৰকল্প ছিপাঝাৰ সমষ্টিৰ লগতে দৰং জিলা আৰু ৰাজ্য খনৰ বাবে এটা আদৰ্শ প্ৰকল্প হিচাবে চিহ্নিত হোৱাত আমি গৌৰৱান্বিত। এই প্ৰকল্পই খিলঞ্জীয়াৰ অধিকাৰ নিশ্চিত কৰাৰ লগতে নিবনুৱা যুৱক-যুৱতীক স্বনিৰ্ভৰশীল হ’বলৈ প্ৰেৰণাদায়ক ক্ষেত্ৰ হিচাপে বিবেচিত হৈছে। জিলাৰ উপায়ুক্ত মুনিন্দ্ৰ নাথ ঙাটেই নিজৰ ভাষণত কৃষি সৈনিক সকলৰ শলাগ লৈ অধিক উৎপাদনমুখী পদ্ধতিৰে আগবাঢ়িবলৈ আহ্বান জনায়। গৰুখুটি প্ৰকল্পৰ সৈতে জড়িত জিলা খনৰ বিভিন্ন বিভাগৰ সুসমন্বয় প্ৰকল্পৰ উন্নয়নৰ ক্ষেত্ৰত এক উৎকৃষ্ট সমল ৰূপে উল্লেখ কৰি প্ৰকল্পৰ সৈতে জড়িত আটাইলৈ শুভেচ্ছা জ্ঞাপন কৰে। বৰ্ষপূৰ্তী অনুষ্ঠানৰ প্ৰাৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে স্হানীয় বিধায়ক ড° পৰমানন্দ ৰাজবংশীয়ে। পতাকা উত্তোলন কাৰ্যসূচী ৰূপায়ন কৰে প্ৰকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকাই। প্ৰকল্প থলীত উপস্হিত স্হানীয় ব্যক্তিৰ লগতে বিভিন্ন বিভাগৰ বিষয়া বৰ্গই প্ৰকল্প চৌহদত গছপুলি ৰোপণ কৰে। আনহাতে মুকলি সভাৰ প্ৰাকক্ষণত উপস্থিত অতিথি আৰু জিলাৰ বিভিন্ন বিভাগৰ উচ্চ পদস্থ বিষয়াসকলক আদৰণি জনোৱা হয়। উল্লেখ্য যে মুকলি সভাত বিভিন্ন ক্ষেত্ৰত শ্ৰেষ্ঠতা লাভ কৰা প্ৰকল্পৰ পাঁচজন কৃষি সৈনিকক ৰাজহুৱা সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত দৰং জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মানস দাস, জিলাৰ আৰক্ষী অধীক্ষক প্ৰকাশ সোণোৱাল, ছিপাঝাৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া কমলজিৎ শৰ্মা,কৃষি প্ৰকল্পৰ মুখ্য কাৰ্যবাহী বিষয়া উদীপ্ত গৌতম, ছিপাঝাৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া বিভাষ বৰা, কৃষি প্ৰকল্পৰ ন’ডেল বিষয়া জ্যেষ্ঠ পশু চিকিৎসক ডাঃ যুগব্ৰত নাথ, দৰং জিলা পৰিষদৰ কাৰ্যবাহী অভিযন্তা ভবেন বৰ্মণ, ৰাজ্যিক পক্ষী সুৰক্ষা সমিতিৰ সভাপতি বিশিষ্ট পক্ষীবিদ ভুৱনেশ্বৰ শৰ্মা প্ৰমুখ্যে প্ৰকল্পৰ সৈতে জড়িত জিলাখনৰ বিভিন্ন বিভাগৰ উচ্চপদস্হ চৰকাৰী বিষয়া সকল, কৃষি প্ৰকল্পৰ কৰ্মচাৰী সকল, গৰুখুটি অঞ্চলৰ স্হানীয় ৰাইজ আৰু সংবাদ মাধ্যমৰ লোকসকল উপস্থিত থাকে । পৰৱৰ্তী পৰ্যায়ত সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত প্ৰকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকাই প্ৰকল্পৰ খতিয়ান তথা প্ৰস্তাৱিত কৰ্মসূচী সম্পৰ্কে অৱগত কৰে।