ছিপাঝাৰত বিনামূলীয়া গাহৰি -ছাগলী পালন প্ৰশিক্ষণৰ সামৰণি অনুষ্ঠানত আছু নেতা খনীন্দ্ৰ ৰাজবংশী

ছিপাঝাৰত বিনামূলীয়া গাহৰি -ছাগলী পালন প্ৰশিক্ষণৰ সামৰণি অনুষ্ঠানত আছু নেতা খনীন্দ্ৰ ৰাজবংশী

” খিলঞ্জীয়াৰ অৰ্থনৈতিক বুনিয়াদৰ ভেটি শক্তিশালী হলেহে প্ৰতিষ্ঠা হব জাতীয়তাবাদ”

দৰং,ৰঙিলী বাৰ্ত্তাসেৱা- “জাতীয়তাবাদ কোনো শ্ল’গানত প্ৰতিষ্ঠা নহয়, সেই কথা আমি আছুই দৃঢ়তাৰে বিশ্বাস কৰো, অসমৰ ৰাইজক যাতে স্বাৱলম্বীতাৰ ক্ষেত্ৰত এক অৰ্থনৈতিক বিপ্লৱত অন্তৰ্ভুক্ত কৰাব পাৰো তাৰ বাবে অসম উন্নতি সভা গঠন হৈছে। অসম উন্নতি সভাৰ দ্বাৰা আমাৰ গাৱে-ভূঞে খিলঞ্জীয়া লোকসকলৰ পৰম্পৰাগত যি অৰ্থনৈতিক বুনিয়াদ আছিল সেই অৰ্থনৈতিক বুনিয়াদ শক্তিশালী কৰিব লাগিব। খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ অৰ্থনৈতিক বুনিয়াদৰ ভেটি শক্তিশালী হলেহে প্ৰতিষ্ঠা হব আমাৰ জাতীয়তাবাদ।” আছু আৰু অসম উন্নতি সভাৰ দৰং জিলা সমিতিৰ উদ্যোগত, গ্ৰামীণ স্বনিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠান, দৰং (আৰছেটি দৰং) আৰু জিলা পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সহযোগত ছিপাঝাৰ ছহিদ ভৱনত দহ দিনীয়াকৈ অনুষ্ঠিত গাহৰি আৰু ছাগলী পালনৰ বিনামূলীয়া প্ৰশিক্ষণৰ আজি সামৰণি অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকি আছুৰ কেন্দ্ৰীয় উপ সভাপতি খনীন্দ্ৰ ৰাজবংশীয়ে বক্তব্যত এনেদৰে কয়। জিলা ছাত্র সন্থাৰ সম্পাদক হৃদয় বৰুৱাই আঁত ধৰা অনুষ্ঠানটোত আছু নেতা ৰাজবংশীয়ে বক্তব্যত লগতে কয়–“অৰ্থনৈতিক বিপ্লৱ হবলৈ আমাৰ চাহিদা অনুপাতে বজাৰ দখল কৰিব পাৰিব লাগিব।ৰাজ্যখন অৰ্থনৈতিক ক্ষেত্ৰত স্বাৱলম্বী হবলৈ অসম উন্নতি সভাই প্ৰচেষ্টা অব্যাহত ৰাখিছে।” অনুষ্ঠানত দৰং জিলাৰ অতিৰিক্ত উপায়ুক্ত মানস কুমাৰ শইকীয়াই বক্তব্য আগবঢ়াই ছাত্র সন্থা আৰু অসম উন্নতি সভাই গ্ৰামীণ স্ব-নিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ জৰিয়তে নিৱনুৱা যুৱক-যুৱতী, মহিলাসকলক স্বাৱলম্বী কৰি তুলিবলৈ গ্ৰহণ কৰা এনে পদক্ষেপৰ শলাগ লয়।দৰঙৰ জিলা পশুপালন আৰু পশু চিকিৎসা বিষয়া ডা: জিতেন্দ্ৰ কুমাৰ নাথে অনুষ্ঠানত বক্তব্য ৰাখি পশুপালন কৰি অৰ্থনৈতিকভাৱে স্বাৱলম্বী হব বিচৰা যুৱক -যুৱতী, মহিলাসকলক বিভিন্ন আঁচনিত সহযোগিতা আগবঢ়াবলৈ জিলাৰ বেংক বিষয়াসকলক আহ্বান জনায়। অনুষ্ঠানত ইউকো বেংকৰ ছিপাঝাৰ শাখাৰ সহকাৰী প্ৰৱন্ধক ৰবীন্দ্ৰ ৰাভা আৰু পাঞ্জাব নেচনেল বেংকৰ ছিপাঝাৰ শাখাৰ সহ: পৰিচালক জ্যোতিৰ্ময় তালুকদাৰে বক্তব্য ৰাখি বিকাশ ক্ষম আৰু উপযুক্ত আঁচনি প্ৰশিক্ষাৰ্থী সকলে দাখিল কৰিলে সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়ে। অনুষ্ঠানত অসম উন্নতি সভাৰ দৰং জিলা সমিতিৰ সভাপতি তিলক চন্দ্ৰ চৌধুৰীয়ে বক্তব্য ৰাখি জিলাখনৰ খিলঞ্জীয়া নিৱনুৱা যুৱক-যুৱতী, মহিলাসকলক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰি তুলিবলৈ অসম উন্নতি সভাই গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়ে উল্লেখ কৰে। অনুষ্ঠানত দৰং আছুৰ নেতা হৃদয় বৰুৱাই খিলঞ্জীয়া অসমীয়াৰ অস্তিত্বৰ প্ৰতি ভাবুকি অহা বুলি উল্লেখ কৰি বক্তব্যত কয়- -” বহিৰাগত লোকসকলে আমাৰ পথাৰ আৰু বজাৰ দখল কৰি লৈছে।এই পথাৰ আৰু বজাৰ অনা অসমীয়াৰ হাতৰ পৰা খিলঞ্জীয়াৰ দখললৈ আনিবলৈ সম্প্ৰতি অৰ্থনৈতিক যাত্ৰাৰ এক নতুন চিন্তাৰ উদ্গীৰণ হৈছে।আমি সকলোৱে এই অৰ্থনৈতিক যাত্ৰাৰ অংশীদাৰ হব লাগিব।” অনুষ্ঠানত দৰং জিলা সাহিত্য সভাৰ সভাপতি, বিশিষ্ট শিক্ষাবিদ ৰজনীকান্ত নাথ, অসম উন্নতি সভাৰ দৰং জিলা সমিতিৰ সম্পাদক বিষ্ণুৰাই শৰ্মা , আৰছেটিৰ সঞ্চালক বিজয় শৰ্মা,অসম উন্নতি সভাৰ দৰং জিলা সমিতিৰ উপ সভাপতি মদন চন্দ্ৰ নাথ আদিকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে বক্তব্য ৰাখে। উল্লেখযোগ্য যে দহ দিনীয়াকৈ অনুষ্ঠিত গাহৰি আৰু ছাগলী পালনৰ এই বিনামূলীয়া প্ৰশিক্ষণত জিলা খনৰ ৬৪ গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশ লয়। উল্লেখ্য যে উক্ত প্ৰশিক্ষণৰ কালছোৱাত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ পৰা দৰঙৰ জিলা পশুপালন আৰু পশু চিকিৎসা বিষয়া ডাঃ জিতেন্দ্ৰ কুমাৰ নাথ, পশু চিকিৎসা বিষয়া ক্ৰমে ডাঃ অক্ষয় কুমাৰ ডেকা, ডাঃ বাজৰুল ইছলাম,ডা: অজয় বনিয়া, ডাঃ জ্যোতিৰ্ময় চহৰীয়া, ডাঃ নাজনিন আৰা এফ ইলিয়াছ,ডাঃ বনানী দাসে পশুপালনৰ বিজ্ঞান সন্মত দিশৰ প্ৰশিক্ষণ প্ৰদান কৰে। আনহাতে উদ্যমিতাৰ সমল ব্যক্তি হিচাপে প্ৰশিক্ষণ প্ৰদান কৰে আৰছেটিৰ সঞ্চালক বিজয় শৰ্মা, জ্যেষ্ঠ প্ৰশিক্ষক কিশোৰ কুমাৰ শৰ্মা আৰু প্ৰশিক্ষক মানবেন্দ্ৰ শৰ্মাই। সামৰণি অনুষ্ঠানত প্ৰশিক্ষাৰ্থী সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়।।