ছিডনীত ২৯ বছৰীয়া মহিলাক ধৰ্ষণ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ শ্ৰীলংকাৰ বেটাৰ দানুষ্কা

Pc The Hindu

ছিডনীত ২৯ বছৰীয়া মহিলাক ধৰ্ষণ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ শ্ৰীলংকাৰ বেটাৰ দানুষ্কা

ৰঙিলী বাৰ্ত্তাসেৱা- টি-২০ বিশ্বকাপ ২০২২ৰ মাজতে চিডনীত এগৰাকী ২৯ বছৰীয়া মহিলাক বলাৎকাৰ কৰাৰ অভিযোগত আৰক্ষীয়ে অভিযুক্ত কৰাৰ পিছত শ্ৰীলংকাৰ বেটাৰ দানুষ্কা গুনাথিলাকাক গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীৰ মতে, তেওঁ ভুক্তভোগীগৰাকীৰ সৈতে অনলাইন ডেটিং এপ্লিকেচনৰ জৰিয়তে যোগাযোগ কৰাৰ পিছত লগ পাইছিল। আঘাতৰ বাবে প্ৰথম ৰাউণ্ডৰ সময়ত গুনাথিলাকা টি-২০ বিশ্বকাপৰ পৰা বাহিৰ হৈছিল।