ছিকিম আৰু অৰুণাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা
ৰঙিলী বাৰ্ত্তাসেৱা-ঘোষিত হ’ল ছিকিম আৰু অৰুণাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ ফলাফল।অৰুণাচল প্ৰদেশত একক সংখ্যাগৰিষ্ঠাৰে ক্ষমতালৈ আহিল বিজেপি। ছিকিমত দ্বিতীয়বাৰৰ বাবে এছ কে এমৰ চৰকাৰ। অৰুণাচলত বিজেপিয়ে ৬০খন আসনৰ ভিতৰত ৪৬খন আসন লাভ কৰে । অৰুণাচল প্ৰদেশত মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ নেতৃত্বত পুনৰ এবাৰ ক্ষমতালৈ বিজেপি। আনহাতে, ছিকিমত ক্ৰমাগতভাৱে দ্বিতীয়বাৰৰ বাবে ক্ষমতালৈ আহিল মুখ্যমন্ত্ৰী প্ৰেম সিং তামাঙৰ দল ছিকিম ক্ৰান্তিকাৰী ম’ৰ্চা। নিৰ্বাচনৰ পূৰ্বেই বিনা প্ৰতিদ্বন্দ্বিতাৰে ১০টা সমষ্টিত বিজয় লাভ কৰা বিজেপিয়ে লাভ কৰা মুঠ আসনৰ হৈছে ৪৬খন।ইফালে মুঠ ৬০খন আসনৰ ভিতৰত বিজেপিয়ে ৪৬খন আসন দখল কৰাৰ পৰিৱৰ্তে এন পি য়ি পি দলে ৫খন আসন নিজৰ দখলত ৰাখিবলৈ সক্ষম হয়। ইফালে ৰাজ্যখনত পি পি এ দলে ২খন আৰু এন চি পিয়ে ০৩খন আসন দখল কৰে। ৰাজ্যখনত এইবাৰ আই এন চি হাতলৈ যায় ১খন আসন আৰু ৩গৰাকী নিদৰ্লীয় প্ৰাৰ্থীয়ে বিজয় সাব্যস্ত কৰে।আনহাতে পূৰ্বতকৈ প্ৰায় দুগুণ আসন লাভেৰে ছিকিমত পুনৰ শাসনৰ গাদীত অধিষ্ঠিত হ’ল ছিকিম ক্ৰান্তিকাৰী মৰ্চা চমুকৈ এছ কে এম। ৰাজ্যখনৰ মুঠ ৩২খন আসনৰ ভিতৰত ৩১খন আসন লাভেৰে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰে দলটোৱে। উল্লেখ কৰা প্ৰয়োজন যে, ছিকিমত বিৰোধী তথা পূৰ্বৰ শাসনাধিষ্ঠ গল এছ ডি এফ দল একপ্ৰকাৰৰ ধুলিস্যাত হৈছে এই নিৰ্বাচনত। মাত্ৰ এখন আসন লাভ কৰা দলটোৰ প্ৰতিষ্ঠাপক তথা প্ৰাক্তন মুখ্যমন্ত্ৰী পৱন কুমাৰ চামলিঙে এছ কে এমৰ প্ৰাৰ্থীৰ হাতত পৰাজয় বৰণ কৰে। ইফালে ৰেনক বিধানসভা সমষ্টিত তৃতীয়বাৰৰ বাবে বিজয় সাব্যস্ত কৰিছে মুখ্যমন্ত্ৰী তথা SKMৰ প্ৰাৰ্থী প্ৰেম সিং তামাঙে। ৰাজ্যখনত পুনৰ এবাৰ প্ৰেম সিঙেই মুখ্যমন্ত্ৰী আসনত বহিব বুলি দলৰ ফালৰ পৰা সদৰি কৰা হৈছে। ২০২৪ৰ বিধানসভা নিৰ্বাচনত মুঠ ভোটৰ ভিতৰত এছ কে এম দলে অকলেই লাভ কৰিছে ৫৮.৩৮শতাংশ ভোট। ইয়াৰ বিপৰীতে এছ ডি এফ দলে লাভ কৰিছে ২৭.৩৭শতাংশ ভোট লাভ কৰিছে। ৰাজ্যখনত বিজেপিয়ে ৫.১৮শতাংশ ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ মাত্ৰ ০.৩২শতাংশ ভোট লাভ কৰিছে। লক্ষ্যণীয়ভাৱে চিকিমত কংগ্ৰেছকৈ মানুহ বেছি ভোট দিলে নটাত। ৰাজ্যখনত নটাত ভোট প্ৰদান কৰিলে ০.৯৯শতাংশ লোকে।