ছিকিমত ভয়াৱহ ডাৱৰ বিস্ফোৰণৰ

ছিকিমত ভয়াৱহ ডাৱৰ বিস্ফোৰণৰ

ৰঙিলী বাৰ্ত্তাসেৱা- ডাৱৰ বিস্ফোৰণৰ ফলত ছিকিমত অভাৱনীয় পৰিস্থিতি।অস্বাভাৱিক হাৰত বৃদ্ধি তিষ্টা নদীৰ জলস্তৰ। প্ৰবল বানে উটুৱাই নিয়ে সেনা বাহিনীৰ এখন কনভয়। বৰ্তমানলৈকে সন্ধানহীন হৈ আছে ২৩গৰাকী সেনা জোৱান। সন্ধানহীন সৈনিকসকলৰ বাবে ইতিমধ্যে আৰম্ভ কৰা হৈছে উদ্ধাৰ অভিযান। উত্তৰ ছিকিমত হোৱা ধাৰষাৰ বৰষুণে নদীৰ জলপৃষ্ঠ বৃদ্ধি কৰি তুলিছিল। তাৰ মাজতে লহনাক হ্ৰদত সংঘটিত হয় ডাৱৰ বিস্ফোৰণ। যাৰ ফলত হঠাতে তিষ্টা নদীত থকা ছুংথাম বান্ধে পানী এৰি দিয়ে। বান্ধৰ পানী এৰি দিয়াৰ পাছতে তিষ্টা নদীৰ নামনি অংশত সৃষ্টি হয় ভয়ংকৰ বানৰ। তিষ্টা নদীৰ নামনি অঞ্চলত ১৫-২০ ফুট পৰ্যন্ত জলপৃষ্ঠ বৃদ্ধি পালে আৰু এই বানে দুখনকৈ দলং উটুৱাই নিয়ে।