ছিংগাপুৰ আৰক্ষীৰ সৈতে এছআইটিৰ  বৈঠক 

ছিংগাপুৰ আৰক্ষীৰ সৈতে এছআইটিৰ  বৈঠক 

ৰঙিলী বাৰ্ত্তাসেৱা- অসমীয়াৰ হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্তৰ বাবে ছিংগাপুৰত গৈ উপস্থিত হোৱা অসম আৰক্ষীৰ বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান মুন্নাপ্রসাদ গুপ্তাৰ নেতৃত্বৰ দুজনীয়া এছআইটিৰ দলে ছিংগাপুৰৰ আৰক্ষী প্ৰশাসনৰ সৈতে বৈঠকত মিলিত হৈছে। ইতিমধ্যে এই আলোচনা সমাপ্ত হৈছে আৰু আলোচনাকালত ছিংগাপুৰৰ আৰক্ষী-প্রশাসনে জুবিন গাৰ্গৰ মৃত্যু ৰহস্যৰ অনুসন্ধানৰ ক্ষেত্ৰত সকলোধৰণৰ সহায়-সহযোগিতা কৰাৰ আশ্বাস দিছে। এছআইটিৰ দলে ছিংগাপুৰৰ ৫জনীয়া আৰক্ষী-প্ৰশাসনৰ সৈতে বৈঠকত মিলিত হয়। আলোচনাকালত ছিংগাপুৰ আৰক্ষীয়ে জুবিন গাৰ্গৰ মৃত্যুৰ দুৰ্ভাগ্যজনক ঘটনা সম্পৰ্কত কৰা তদন্তৰ প্ৰতিবেদন কৰোনাৰক অহা ১৯ নৱেম্বৰৰ ভিতৰত দাখিল কৰিব বুলি জনাইছে। এছআইটিৰ মুৰব্বী মুন্নাপ্রসাদ গুপ্তাৰ নেতৃত্বত আৰু আৰক্ষী বিষয়া তৰণ গোৱেলৰ সৈতে থকা দলটোৱে ছিংগাপুৰ আৰক্ষীৰ সৈতে প্রায় তিনি ঘণ্টা ধৰি মিলিত হৈ তদন্তৰ অগ্ৰগতিৰ পৰ্যালোচনা আৰু অত্যাৱশ্যকীয় তথ্য সংগ্ৰহ কৰে। বৈঠকৰ অন্তত সিদ্ধান্ত লোৱা হয় যে অহা তিনি মাহৰ ভিতৰত ছিংগাপুৰ আৰক্ষীয়ে কৰোনাৰক জুবিনৰ মৃত্যুৰ বিতং প্রতিবেদন দাখিল কৰিব। উল্লেখ্য যে জুবিন গাৰ্গৰ মৃত্যু ৰহস্যৰ তদন্ত কৰিবলৈ ২০ অক্টোবৰ দিনটোত মুন্নাপ্রসাদ গুপ্তাৰ নেতৃত্বত দুজনীয়া এছআইটিৰ তদন্তকাৰী দল ছিংগাপুৰত উপস্থিত হৈছিল। ৰাজ্যব্যাপী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্তৰ বাবে চলা আন্দোলনৰ পৰিপ্ৰেক্ষিতত এছআইটিয়ে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ সেউজ সংকেতত আৰু বৈদেশিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী এছ জয়শংকৰৰ উদ্যোগত ছিংগাপুৰলৈ গৈ অনুসন্ধান কৰিবলৈ যাত্ৰা কৰে। এইক্ষেত্ৰত ছিংগাপুৰৰ উচ্চায়ুক্তৰ কাৰ্যালয়েও সকলোধৰণৰ বিধি ব্যৱস্থা এছআইটিৰ সহায়ক হোৱাকৈ প্রস্তুত কৰে।  উল্লেখ্য যে এছআইটিৰ ছিংগাপুৰ গমনৰ ক্ষেত্ৰত ৰাজ্যৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই বিশেষ আগভাগ লৈ ছিংগাপুৰৰ কাৰ্যবাহী উচ্চাযুক্ত এলিচ চেঙৰ সৈতে নতুন দিল্লীত মিলিত হৈ ছিংগাপুৰ আৰক্ষীয়ে যুটীয়াভাৱে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্তৰ বাবে এছআইটিৰ দলটোক ছিংগাপুৰলৈ প্ৰেৰণ কৰে।  এছআইটিৰ দলটোৱে ছিংগাপুৰত থকা কালছোৱাত য়াট পার্টীত ব্যৱহাৰ হোৱা বাহনখনৰ দুই নাৱিকক সোধা-পোছা কৰাৰ লগতে য়াট পাৰ্টীৰ লগত যোৱা ছিংগাপুৰৰ নাগৰিক প্ৰবাসী ভাৰতীয় ৱাজিদ আহমেদকো সোধা-পোছা কৰিব। এছআইটিৰ দলটোৱে জুবিন গাৰ্গ থকা পেন পেচিফিক হোটেলখনৰ চিচি টিভিৰ ফুটেজ অনুসন্ধানৰ বাবে পৰীক্ষা কৰিব। তাৰ উপৰি পেন পেচিফিক হোটেলৰ মেনেজাৰজনকো এছআইটিৰ দলটোৱে সোধা-পোছা কৰাৰ সম্ভাৱনা আছে।