ছিংগাপুৰৰ পৰা আহিল জুবিন গাৰ্গৰ প’ষ্টমর্টেম-টক্সিক’লজী পৰীক্ষাৰ চূড়ান্ত ৰিপ’ৰ্ট
ৰঙিলী বাৰ্ত্তাসেৱা- ৰহস্যজনকভাৱে ছিংগাপুৰত মৃত্যুবৰণ কৰা ৰাজ্যবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ চূড়ান্ত প’ষ্টমর্টেম ৰিপ’ৰ্ট ছিংগাপুৰ চৰকাৰে অসমলৈ প্ৰেৰণ কৰিছে বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই জানিবলৈ দিছে। সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড° শর্মাই কয়- ছিংগাপুৰলৈ যেতিয়া এছআইটি গৈছিল, তেতিয়া ছিংগাপুৰে আমাক সহযোগিতাৰ আশ্বাস দিছিল। ছিংগাপুৰে আনুষ্ঠানিকভাৱে অসম চৰকাৰলৈ চূড়ান্ত প’ষ্টমর্টেম ৰিপ’ৰ্ট আৰু টক্সিক’লজী ৰিপ’ৰ্ট পঠিয়াই দিছে। অর্থাৎ গুৱাহাটীত যেতিয়া দ্বিতীয়টো মৰণোত্তৰ পৰীক্ষা জুবিন গাৰ্গৰ কৰা হৈছিল তেতিয়ালৈকে তেওঁৰ শৰীৰটো ৫-৬দিন পুৰণি হৈছিল। কিন্তু ছিংগাপুৰৰ টক্সিক’লজী ৰিপ’ৰ্ট মৃত্যুৰ ৫ মিনিটৰ ভিতৰতে প্রস্তুত কৰা হৈছিল। গতিকে এই প্রতিবেদন যথেষ্ট অ’থেন্টিক। অসম চৰকাৰৰ বিষয়াসকলে জানিবলৈ দিয়া মতে, ছিংগাপুৰ চৰকাৰে মিউচুৱেল লিগেল এছিছটেন্ট ট্ৰিটিৰ অধীনত আমাক তেওঁলোকে মৰণোত্তৰ পৰীক্ষাৰ প্রতিবেদন, সাগৰৰ লগত জড়িত তেওঁলোকৰ নীতি-নিয়মসমূহৰ বিশদ বিৱৰণ আৰু টক্সিক’লজীৰ ৰিপ’ৰ্ট তিনিওটাই অসম চৰকাৰলৈ প্ৰেৰণ কৰিছে। এই তিনিওটা ৰিপ’ৰ্টে আমাৰ তদন্তত যথেষ্ট সহায় কৰিব।
